Saturday, June 4, 2011

জন্মদিন (অনুভৱ)

“মা, মোৰ জন্ম হওঁতে তুমি ক’ত আছিলা?;
চিকিত্‍সালয়ত সোণটো!;
ঘূৰি আহি মোক দেখি আচৰিত হৈছিলা নহয় !!!”
-জন্মদিনকলৈ আৰু কত যে কি ! মাক-দেউতাকে সন্তানৰ, ককাক-আইতাকে নাতি-নাতিনীয়েকৰ, মামাক-মাহীয়েকে ভাগিনীয়েকৰ মুখ দেখাৰ হাবিয়াস কৰে | অতি দৰিদ্ৰ‍ই হওঁক বা কোটিপটিয়েই হওঁক সকলোৰে আনন্দ একেই !

নিজৰ জন্মদিনৰ আনন্দ দুই-তিনি বছৰ মানৰ পৰাহে আহে | “মামা, মোক জন্মদিনত এইবাৰ কি দিবা?”, “দেউতা, এইবাৰ জন্মদিনত মোক চাইকেল এখন লাগিব”- এইবোৰ মৰমৰ দাবী, অজুহাত জন্মদিন | বাৰ মাহত তেৰটা উত্‍সৱৰ লগতে এই জন্মদিন, বিবাহ-বাৰ্ষিকী, মৃত্যু-বাৰ্ষিকী আদি আছেই | আকৌ মাডাৰ্ছ-ডে, ফাডাৰ্ছ-ডে, ভেলেন্টাইনচ্‍-ডে আদিবোৰে ভুত ওপৰত দানব পৰাদি পৰেহি | সাতে সোতৰ‍ই মিলি প্ৰতিদিনে একো-একোটা ডে !

বাৰ্থ-ডে চেলিব্ৰেচনটো আজিকালি এটা ফেচন হৈছে | “অমুকৰ পুতেকৰ বাৰ্থ-ডেত চিকেন-পোলাও খুৱাইছে, আমাৰ ম‍ইনাৰ বাৰ্থ-ডেত কি খুৱাবা?”... বয়সৰ হিচাপত মমবাতি জ্বলাই “কেক” কটাতো জন্মদিনৰ এটা এৰাব নোৱাৰা অংগ ! এবাৰ ব্যক্তিগত খণ্ডৰ নিউজ চেনেল এটাত কোনোবা চেলিব্ৰেটিৰ জীয়েকৰ বাৰ্থ-ডে ফাংচনৰ “লাইভ” টেলিকাষ্ট দেখা পাই চকু কপালত উঠিল | এওঁলোকৰ বেলেগ খবৰ নাই নেকি বাৰু ! তাত উপস্থিত থকা মানুহক সাংবাদিকজনে বাৰ্থ-ডে কেক কটাৰ তাত্‍পৰ্য্য সুধিলে | “সকলোৱে কাটে কাৰণে আমাৰো কেক কটা হয়”– এজনী ভদ্ৰ মহিলাৰ উত্তৰ !

হোষ্টেলত ল’ৰাবোৰে জন্মদিন পাতে | ঠিক ৰাতি বাৰ বজাত চিঞৰ-বাখৰ, পুহমহীয়া ঠাণ্ডাতো গাত পানী ঢালি দিয়া, পিছফালৰ পৰা তপিনাত লঠিওৱা আদি জন্মদিন উত্‍যাপনৰ ভিতৰত পৰে | এবাৰ মোৰ বন্ধু এজন পিছদিনা বিষত উঠিব পৰা নাছিল | জীৱনৰ এটা নতুন বছৰৰ আৰম্ভনিতে যদি বিচনাত পৰি থাকে, তেন্তে বছৰটোলৈ তাৰ কি অৱস্থা হব !

ময়ো জন্ম হৈছিলোঁ এখন গাঁৱত, সেইসূত্ৰে আমাৰো এটা জন্মদিন আছে | জীৱনত “কেক” শব্দটো শুনাৰ বেছি বছৰ হোৱা নাই, সেইবুলি জন্মদিন নপতাকৈ আছোঁনে ! দুখীয়া হ’লেও মা-দেউতাৰ মুখত মোৰ প্ৰথম মুখখন দেখি ছাগে কিমান পোহৰ হৈছিল, ম‍ই আজি ক’ব নোৱাৰোঁ, তাকো ৰাস পূৰ্ণিমাৰ সন্ধিয়া সাতমান বজাত মোৰ জন্ম | মনত থকা দিনৰ পৰা দেখিছোঁ- জন্মদিনৰ দিনা মায়ে গোঁসাইঘৰত নৈবদ্য আগবঢ়ায়, আবেলি ওচৰ-চুবুৰীয়াক মাতি আনি মাহ-প্ৰসাদ আৰু পিছত ঘৰতে কৰা নাৰিকলৰ লাড়ু, পেৰা, লুছি আদিৰে চাহ খুৱায় | ওচৰ-চুবুৰীয়ায়ো মোলৈ ৰঙীণ কাগজৰে মেৰিয়াই উপহাৰ নানে, বহুত আশীৰ্বাদ আৰু কপালত মৰমসনা চুমা এটাৰে হৃদয় ভৰাই দিয়ে | হাতত অলপ সৰহকৈ প‍ইছা থাকিলে দেউতাই আয়তীৰ নাম বা পূজা এভাগ কৰে | এতিয়াও ঘৰৰ পৰা বহু দূৰত/নিলগত থাকিলেও সেইখিনি কাম কৰিবলৈ এৰা নাই |

ইণ্টাৰনেটৰ যুগ আহিল | মুখে মুখে ক’ব পৰা কথাখিনি, কোনোবাই লিখি থোৱা ৰং-বিৰঙৰ কাগজখনৰ জৰিয়তে দিলেহে মনটো শাঁত পৰে ! কেইবছৰমান আগতে অৰকুটৰ “স্ক্রেপ” দি শুভেচ্ছাবাণী পঠোৱা হৈছিল | ফেচবুকৰ জনপ্ৰিয়তাই অৰকুটক আঁতৰালে | ফেচবুকৰ ৱালত শুভেচ্ছাবাণী লিখিহে হৃদয় পুৰাব পাৰি | এটা কথা পিছে ফেচবুকে কোন কেতিয়া জন্ম হৈছিল ভালকৈয়ে মনত ৰাখে !

কেইদিনমানৰ পৰা ফেচবুকিং পাৰ্ট-টাইম কৰোঁ বুলি লেপটপটো কৰ্মস্থলীলৈ নিনিয়া হ’লোঁ, নহ’লে দিনৰ দিনটো সেইটো আগত লৈ কোনে কিমান ফ’ট’ উঠালে, কাৰ আজি মনটো ভাল লাগি থকা নাই, কোন ক’লৈ ফুৰিবলৈ গৈছে, কোনে কাক ‘লাইক’ কৰিলে, কোনে কি মতামত দিলে, কাৰ কি ভিডিঅ’ ভাল লাগিছে সেইবোৰ চাই থাকোঁতেই দিনটো গুছি যায় | তাৰ পিছত আকৌ ৰুমত ৰাতি এপৰলৈ ফেচবুকিং ! নোৱাৰি আৰু | ইফালে সান্দহ খোৱা বালি তল যাওঁ যাওঁ! একপ্ৰকাৰ নিচাই হৈ গৈছে | সেয়েহে কেইদিনমানৰ পৰা মাজে মাজে গৱেষণাগাৰৰ কম্পিউটাৰটোতে ফেচবুকৰ একাউন্টটো খুলি চাওঁ | প্ৰথমে কোনোবাই বন্ধুত্বৰ হাত আগবঢ়াইছে নেকি, যদি বঢ়াইছে তেখেতেৰ প্ৰফাইল দৰ্শন; তাৰপিছত কোনোৱাই বাৰ্তা পঠিয়াইছে নেকি, যদি পঠিয়াইছে তেন্তে উত্তৰ | তৃতীয়তে কিবা দৰকাৰী জাননি আছে নেকি | শেষত “অসমীয়াত কথা-বতৰা” আৰু “সাহিত্য” গ্ৰুপত কোনোবাই পোষ্ট কৰিছে নেকি চাই লৰালৰিকৈ “লগ আউট” কৰি দিওঁ | সেই বাৰ্থ-ডেৰ জাননীবিলাক চাবলৈ নহয় !

“আজি তুমি লেপটপ অনা নাই নেকি ?”- মোৰ ওচৰতে বহা ইণ্ডোনেছিয়াৰ হিট্ৰিয়ে মোক শুধিলে |
“নাই, তুমিতো দেখিছাই ম‍ই এইকেইদিন অনা নাই !”- মোৰ চিধাচিধি উত্তৰ |
অলপ সময় পিছত ম‍ই বাহিৰলৈ যাওতে কম্পিউটাৰ লেবৰেটৰীত ফেচবুক খুলি চালোঁ | তাত থকা কম্পিউটাৰ কেইটাত আকৌ অসমীয়া আখৰ দেখা পায় | ঘূৰি আহি লেবত সোমাইছোহে মাত্ৰ,
“তুমি ফেচবুক খুলিছিলা ?”-হিট্ৰিৰ প্ৰশ্ন !
“অ’, কিয়বা সুধিলা ?”
“নাই, ম‍ই আকৌ তোমাৰ পাচৱৰ্ড কোনোবাই “হেক” কৰা বুলি ভাবিছিলোঁ |”-তাই ক’লে | ম‍ই একো নকলোঁ | অলপ সময় পাছত বেলেগ লেবৰ ল’ৰা এজনে হিট্ৰিক আহি জন্মদিনৰ শুভেচ্ছা দিলে ! হে মোৰ গোঁসাই, ম‍ই ক’ত মৰোঁ ! মোৰ বৰ বেয়া লাগিল, বেচেৰী ছোৱালীজনী সদায় একেলগে থকা মোৰ পৰা শুভেচ্ছাবাণী আশা কৰিছিল ছাগে | ছেঃ, বৰ বেয়া হ’ল কথাটো | “চ’ৰি” বুলি কৈ শেহতীয়াকৈ হ’লেও মোৰ শুভেচ্ছা দিলোঁ | তাই দিনৰ দিনটো "ফেচবুকৰ চোতালত বহি" আছিল, ম‍ই পাঁচ মিনিটৰ বাবে অনলাইন অহাও তাই লক্ষ্য কৰিছিল | পিছত এবাৰ মোক ক’লে- “অ’হ চৈতন্য, ৱালত বহুত মেচেজ আহিছে, ম‍ই সকলোকে কেনেকৈ ৰিপ্লাই দিওঁ!” মনতে হাঁহি উঠিল | অলপ পিছত ম‍ইও কম্পিউটাৰ ৰুমলৈ গৈ তাইৰ ৱালত শুভেচ্ছাবাণী লিখিলোঁ, লগতে পলমকৈ শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে বেয়া নাপাবলৈ বাৰ্তা এটাও পঠিয়ালোঁ !!!

Saturday, May 7, 2011

চিঠি (একান্ত ব্যক্তিগত)

মালৈ লিখা এখন চিঠিৰ এটা অংশ...(০৭/০৫/১১)

...পলে পলে ভাবো তহঁতৰ কথা | তহঁত ভালে থাকিলে ম‍ই ইয়াত সুখেৰে থাকো | সদায় ফোন কৰিবলৈ মন যায়, পিছে নকৰো, তহঁতে আকৌ ম‍ই পঢ়া-শুণা নকৰো বুলি গালি পাৰা | কি কৰিবি দুৰত থাকিলে পঢ়িবলৈও যে দিগদাৰ হয় | আগতে যে তোৰ পৰা ইমান দুৰৈত থাকি পোৱা নাই | যাবলৈ বৰ মন যায়, তোক এবাৰ চাবলৈ মন যায় | মা, ম‍ই জানো তোৰও মোক চাবলৈ হেপাঁহ ! আৰু বেছিদিন নাই | এইবাৰ আমি পুজা একেলগে চাম | আশাকৰো ভগবানে মোক যাবলৈ দিব | ...

ম‍ই ভালে আছো | ইয়াত থাকি বৰ ভাল লাগে, কিন্তু তহঁতৰ অভাবে মোক সকলো ইয়াৰ সুখ দিব পৰা নাই | ইয়াৰ স্বাধীনচিতিয়া পৰিবেশ মোৰ ভাল লাগে, তথাপিও মোৰ ঘৰ , মোৰ দেশ এৰি ম‍ই ইয়াত আৰু বেছিদিন থাকিব নোৱাৰো| তহঁতৰ মৰমৰ টানে ইমান দুৰত থকাৰ পিছতো বেয়া কাম কৰিবলৈ বাধা দিয়ে | ম‍ই যে তোৰেই সন্তান | ...
ম‍ই আগৰ দৰেই আছো | ইয়াৰ লগত কেইখনমান ফ’ট’ দি পঠালো | মোৰ মুখখন দেখা পাবি | আনকো দেখুৱাব পাৰিবি | ...
তহঁত ভালে থাকিবি, কষ্ট কম কৰিবি !
মৰমেৰে 
বাপা
[মোৰ আজিকালি ইন্টাৰনেটৰ জড়িয়তে বহু ভাল মানুহৰ লগত চিনাকি হৈছে | তেওঁলোকৰ অনুপ্ৰেৰণাতে ম‍ই কিবা-কিবি লিখো, মোৰ এখন নিজা পৃথিবী (ব্লগ) আছে, তাৰে এটা গল্প (উৰুকা) আৰু এটা একান্ত ব্যক্তিগত পঠিয়ালো | বাকীকেইটা ম‍ই যাওঁতে লৈ যাম|]

Tuesday, May 3, 2011

গল্পৰ দৰে


এজন মানুহৰ কথাৰে ()

বহুত দিনৰ পৰা লিখিম লিখিম বুলি ভাবি আছিলো, কেনেকৈ আৰম্ভ কৰিম ভাবি পোৱা নাছিলো | এতিয়া ভাবিলো এনেকৈ থাকিলে লিখা নহব |
২০১০ চনৰ নবেম্বৰ মাহৰ কথা মোৰ ভগ্নীসম মৌচুমীয়ে ফেচবুকৰ “অসমীয়াত কথা-বতৰা” নামৰ গোট এটাৰ ভৰাই দিলে | তাৰ আগলৈকে ফেচবুকৰ চোতালখন ভালদৰে গচকাই নাছিলো |২০০৯ চনত খোলা এটা মোৰ ID অকামিলা হৈছিল |কিন্তু শেহতীয়াকৈ এই গ্ৰুপটোঅৰ জৰিয়তে মোৰ ফেচবুকৰ পৃথিবীখনে নতুন প্ৰাণ পাই উঠিল | অসমৰ বাহিৰত থকা হেতুকে “অসম” আৰু “অসমীয়া” বুলিলে গাটোত কিবা শিহৰণ জাগি উঠে | সপ্তাহটোৰ শেষলৈকে বাট চাও, ঘৰৰ বা সম্পৰ্কীয় মানুহৰ লগত কথা পাতিবলৈ |মাজতে ফোন কৰিবলৈ ভয়, হয়্তোবা গালি দিয়ে “পঢ়া-শুণা নকৰি ঘৰলৈ কিয় ফোন কৰি থাকা” বুলি |মাজে মাজে খবৰ-কাগজৰ ইন্টাৰনেট সংস্কৰণ চাও | তাতো অনবৰতে বেয়া(?) কথা বোৰেই পঢ়িবলৈ পাও | মনটো বেয়াহে লাগে | “অসমীয়াত কথা-বতৰা” গ্ৰুপটোৰ পৰা বহুত অসমীয়া মানুহ লগ পাইছো, যেন আমি সকলো এখন চোতালত হে বহি কথা পাতি আছো |
মানুহে কয়, ইন্টাৰনেট/কম্পিউটাৰ আদিয়ে কাম-কাজ, পঢ়া শুণাত ব্যাঘাত জন্মায় | কথাটো নোহোৱা নহয় যদিও ম‍ই বা আপুনি কি হিচাপে ব্যবহাৰ কৰিছে তাৰ ওপৰতে নিৰ্ভৰ কৰে | ম‍ইও বহুখিনি সময় চিনেমা চাই কটাইছিলো, গৱেষণাৰ নথি-পত্ৰ বিচৰা বা লিখাৰ বাবে বেছি সময় নালাগে | বাকীখিনি সময় অবাবতে গুছি যায় | কম্পিউটাৰৰ প্ৰ্তি হেপাহ সৰুৰে পৰা আছিল, ১৯৯৭ ত হায়াৰ চেকোন্ডাৰীত Basis level শিকাৰ দিনৰ পৰা নামটো অসমীয়াত লিখাৰ সপোন দেখিছিলো | ২০০১ চনত Windows ত কাম কৰোতে “ৰামধেনু” বুলি অসমীয়া লিখাৰ সজুলি আছে বুলি শুণিছিলো, কিন্তু আজিলৈকে দেখা নাই | ২০০৫ চনত নিজৰ হাতলৈ লেপটপ আহিল | কোনোবাই “আদৰ্শ ৰত্নে” কথা কৈছিল, সেইমতেই ডাউনলোড কৰি লিখা আৰম্ভ কৰি দিছিলো | সেই লিখা MSWORD তে সীমাবন্ধ থাকিল |
এতিয়া আচল কথালৈ আহোঁ | “অসমীয়াত কথা-বতৰা” গ্ৰুপত ভৰ্তি হোৱাৰ পিছত ফেচবুকত অসমীয়া শব্দৰ জোৱাঁৰ উঠিল | কবিতা, গল্প, ফকঁৰা-যোজনা ইত্যাদি ইত্যাদি | মোৰো দুই এটা হোৱাই-নোহোৱাই লিখিবলৈ মন গ’ল | “আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা” | এবাৰ MSWORD ত লিখি paste কৰি দিলো, হায় কপাল, ই কিবা বিকৃত ৰূপ ললে | গম পালো মোৰ সেই অসমীয়া লিখা শিক্ষাৰ সীমাবদ্ধতা | UNICODE নামৰ নতুন শব্দ (বস্তু!) এটাৰ মুখামুখি হলো | তাৰ পৰাই আৰম্ভ হ’ল ইন্টাৰনেটত মোৰ অসমীয়া লিখাৰ যাত্ৰা | গ্ৰুপৰ লিখনিৰ পৰা AVRO ডাউনলোড কৰিলো, নিজৰ নামত “চৈ” লিখিবলৈ দুদিন লাগিল |তাৰ পিছ্ত BARAHA ললো, সাময়িক ভাবে ভাল পালো আৰু তাকেই আজিও ব্যবহাৰ কৰি আছো |
আৰম্ভ হ’ল অনলাইন শিক্ষাৰ...
আছেনে?”
হয়, কওঁক |”
মোৰ এটা অসুবিধা আছে, I am unable to write “I” in assamese.”
“?”
“I am unable to write “moi” by using baraha, can u help me?”
“ma^i”
ম‍ই”
পাৰিছে দেখোন, হাঃহাঃহাঃ”
পাৰি গলো, হাঃহাঃহাঃ”
সেয়া আছিল মানুহজনৰ লগত প্ৰথম ইন্টাৰনেটৰ ভাষাৰে কথা-বাৰ্তা |
তাৰ পিছ্ত তেওঁৰ পৰা তেনেকুৱা বহু অসুবিধা দুৰ কৰিলো | এদিন মোৰ বন্ধুৰ তালিকাত যোগ হ’ল |
এদিন হঠাতে লিখিলো, “আপুনি কি কৰে, ক’ত থাকে?”, তেওঁৰ উত্তৰত “?” চিহ্নটোহে দিছিল | নিজৰ প্ৰ্ফাইলত একো বিবৰণ নথকা মানুহজনৰ বিষয়ে জানিবলৈ বৰ মন গৈছিল| তাৰ পিছত ধাৰণা হৈছিল য়ে তেওঁ প্ৰ্চাৰ বিমুখ বা নিজৰ চিনাকি নিদিয়াকৈ আনৰ উপকাৰ সাধন কৰি যাব খোজে | বহুতক দেখিছো একৰ কাম কৰি দহৰ সমানকৈ ঢোল বজোৱা | একেবাৰে সাধাৰণ কথা, নিৰ্বাচনৰ আগতে চৰকাৰে উন্নয়ন উন্নয়ন বুলি বাতৰিৰ পৃষ্ঠা ভৰাই ৰাখে | পিছে অসম বা ভাৰত সেই একে অবস্থাতে আছে, বৰঞ্চ বেয়া বুলিহে কব পাৰি | এই মানুহজন সচাঁই অতুলনীয় |
মোৰ বন্ধুৰ তালিকাত সোমোৱাৰ পিছত তেওঁৰ ফ’ট’বোৰে মোক আকৰ্ষন কৰিলে | Macro Photography | ম‍ই আগতে Macro Photography ভালকৈ লক্ষ্য কৰা নাছিলো | সদায় দেখি থকা বস্তুবোৰো ইমান ধুনীয়া হব পাৰেনে? বহু সময় ৰহ লাগি চাই থাকো | চাই থাকিলে হেপাহ নপলায় | নিয়ঁৰৰ টোপালত প্ৰ্তিবিম্ব, যেন এখন সৰগহে ৰচনা কৰিছে | আমাৰ চকুৰে নেদেখা বস্তুবোৰ তেওঁ দেখা পায় | পোক-পতঙ্গ, সৰীসৃপ, ফুল, পাত একোকে সাৰি যাব দিয়া নাই তেওঁ | এখনতকৈ আনখন এখোপ ওপৰত | যিবোৰ পোক-পতঙ্গ দেখিলে ভয়তে নোম শিয়ঁৰি উঠিছিল আজি সেইবোৰে ৰূপৰ বাহাৰ লৈ চকুৰ আগত ভাহি আছে | এজন মানুহ আৰু এটা কেমেৰা | নিশ্চয় প্ৰফেচনেল কেমেৰামেন হব ! জনাৰ উপাও নাই | মাজে মাজে ফেচবুকত বাতৰি কাকতৰ scan copyদেখো- “মোৰ আজি প্ৰ্কাশিত ফ’ট’” তাৰ তলত original copy টো দিয়া থাকে | ক’তা তেওঁৰতো ফ’ট’ বাতৰি কাকতত ওলোৱা নাই | নহয়, তেওঁ চাগে, discovery Chanel বা National Geography photoghapher !

আগলৈ...

Wednesday, April 13, 2011

বিহুৰ সংকল্প

কাইলৈ বিহু, বেয়া লাগি আছে মনটো
মন গৈছে...
ৰাতিপুৱাই উঠি গৰু-ছাগলী ধুৱাবলৈ,
মাহ-হালধী, আম-দুবৰি, তেল গাত ঘঁহি গা ধুবলৈ,
মা-দেউতাক সেৱা কৰি নামঘৰলৈ যাবলৈ,
লাওপিঠা, তিলপিঠা লৈ মনত পৰিছে,
গাঁৱত হোৱা খেলধেমালি চাবলৈ,
চোতালত ক্ণক্ণ ল’ৰাছোৱালীৰ বিহু শুণিবলৈ,
গধুলি তৰাপঘাৰে গৰু বান্ধি পিঠা খুৱাবলৈ||

নাই,

কালি ৰাতিপুৱাই কৰ্কৰা ভাত কেইটামান খাই ওলাম,
এঘন্টা ৰেলৰ যাত্ৰাত সংকল্প লম,
কেইটামান ৰাসায়নিক পদাৰ্থৰ লগত যুঁজ লগাম,
সিহঁতক ম‍ই কালি এৰি নিদিম,
মাৰ মৰমৰ গামোছা হেৰুৱাৰ পোতক তুলিম,
সিহঁতৰ ৰঙেৰে ম‍ই বৰ্ণালী সাজিম,
সিহঁতক ম‍ই পৰিবৰ্তন কৰি নতুন সৄষ্টি কৰিম,
গধুলি বিজয়ৰ হাঁহিৰে একোঠিয়া ঘৰলৈ উভতিম ||

Saturday, April 9, 2011

কুলিৰ মাতত বিহু আহে (অনুভূতি)

সাহিত্য লিখিবলৈ যেনেকৈ সাহিত্যিক হব লাগে, কবিতা লিখিবলৈ যেনেকৈ প্ৰেমত পৰিব লাগে...ঠিক তেনেকৈ গাত বিহু বিহু লাগিবলৈ কুলিৰ মাতৰ অতিকে প্ৰয়োজন...

এটা বাস্তব অভিজ্ঞতা...

ফাগুনৰ শেষ সপ্তাহ বা চ’তৰ প্ৰথম সপ্তাহত যেতিয়া দুৰণিত কুউ...কুউ কৈ কুলিটিয়ে আকুলতাৰে সুহুৰিয়াই.... তেতিয়াই বহাগ বিহুৰ বা গাত লাগেহি...মনটো কিবা অজান আনন্দ্ত নাচি উঠে...বছৰটোৰ প্ৰায়খিনি সময়তেই ৰেকৰ্ডিঙ কৰা বিহু বাজি থাকে যদিও সেইবোৰে বহাগ বিহুক আনিব নোৱাৰে...মানুহে হয়তো কব - গছে নতুন পাত সলালেও বিহু আহে...কিন্তু মোৰ বোধেৰে সেইটো নহ্য়...মাত্ৰ কুলিয়েহে বিহুৰ বতৰা আনিব পাৰে...

বহাগ বিহুক প্ৰেম পিৰীতিৰ বিহু বুলিও কোৱা হয়...ডেকা-গাভৰুৰ প্ৰেমৰ ফলতেই ৰচিত হয় বিহুগীত...এজনে আনজনক আকৰ্ষিত কৰাৰ প্ৰয়াসেৰে দিয়া বিভিন্ন লয়-লাস, অঙ্গী-ভ্ঙ্গী ফলতেই সৃষ্টি হয় বিহুনাচ...ঠিক তেনেকৈ মতা কুলিয়েও নিজৰ সুললিত কন্ঠেৰে তাৰ লগৰীক আকৰ্ষণ কৰিবলৈ ধুনীয়া মাত উলিয়ায়...ইডাল গছৰ পৰা সিডাল গছত পৰি সি নিজৰ পৰিসীমা ঠিক কৰে আৰু তাৰেই তাৰ বীৰত্ব দেখুৱাই মাইকী কুলিজনীক আকৰ্ষিত কৰে... প্ৰকৃতিৰ সৃজনি অতুলনীয়...ঢোলৰ ছেওৰ তালে তালে নচুৱাই নাচনীক ঘৰ সোমোৱাটো‍ও সেই একেই নহ্য়নে...শীতে ঠেৰেঙা কৰি থৈ যোৱা গছবোৰেই নতুন বছৰৰ আগমনৰ সন্ধিক্ষনৰ প্ৰথম বৰষুণ জাকতে ই নতুন পাতেৰে নতুন জীৱন আৰম্ভ কৰে...নানা তৰহৰ ফুলেৰে জাতিস্কাৰ হৈ উঠে...

কুলিৰ কন্ঠৰ পৰিনতি কণী...গছৰ ফুলৰ পৰিনতি ফল বা বীজ...আৰু ঢোলৰ ছেওৰ পৰিনতি বিয়া...আৰু শেষত সকলোৰে পৰিনতি এটা নতুন প্ৰজন্মৰ...তেনেকৈয়ে চলি আছে এই ভুমন্ডল...

কুলিৰ মাতৰ লগে লগে আৰম্ভ হয় বিহুৰ আখৰা...বহু ৰাতিলৈ ভাহি অহা ঢোলৰ শব্দই টোপনিত বাধা দিয়া নাছিল, কিবা আমেজ হে দিছিল...দিনত একেকেইটা বিহুগানকে বাৰে বাৰে শুণিও আমনি পোৱা নাছিলো...

যোৱা দুবছৰ ধৰি কুলিৰ মাত শুণা নাই... কুলি অসমত হে বা ভাৰতত হে পোৱা যায় নেকি !!! পৃথিবীৰ সকলো ঠাইতে কুলি থাকিব লাগে...তেনেহলে মাত কিয় শুণা নাই...আৰু সেইকাৰণেই গাত এতিয়া বিহু বিহু লগা নাই...ইয়াতো গছে নতুন পাত সলাইছে...নানা তৰহৰ ফুল ফুলিছে...কিন্তু ক’তা...বিহু তো লগা নাই...সেয়েহে কৈছো কুলিৰ মাতেই বিহু আনে...

কুলিৰ মাতটো জেঠমাহৰ মাজ মানলৈ থাকে...মাত্ৰ পাতল হৈ আহে...যেতিয়া্ৰ পৰা এইবিলাক বুজি পোৱা হৈছিলো তেতিয়াৰ পৰা দেখোন জেঠৰ সময়খিনিত কিবা মনটো গধুৰ গধুৰ লগা হৈছিল... জেঠ্মহীয়া অসহ্য গৰম আৰু বহাগৰ আনন্দ হেৰুওৱাৰ কাৰণেও হয়্তো হব পাৰে...

নাই... আজি বিহু লগা নাই... মনটো কিবা গধুৰহে হৈছে... বিহুগান শুণিবলৈ মন যোৱা নাই....কোনোবা ঘৰলৈ গৈছে বুলি শুণিলে ঈৰ্ষা হয়...ঘৰতো একেই অবস্থা... বেছি যো-জা নকৰে...মাকে পুতেকক এৰি, বায়েকে ভায়েকক এৰি, ভনীয়েকে ককায়েকক এৰি বিহুত ফুৰ্তি কৰিবলৈ ইচ্ছা নকৰে...আৰু প্ৰেয়সীয়ে ৰাতি কেতেকী হৈ বিনায়...কি কৰুণ সুৰ...গভীৰ ৰাতি তাইৰ কৰুণ সুৰে নোম শিহৰাই তোলে...কিমান বিৰহৰ সুৰ সেয়া...সেয়া শব্দৰ বাহিৰ...


**সমুহ পাঠ্ক পাঠিকালৈ বিহুৰ আন্তৰিক শুভেচ্ছা জনালো...

Sunday, March 13, 2011

এটা উদ্দেশ্যবিহীন যাত্ৰা

আজি ১৩ মাৰ্চ(2011)  দেওবাৰে দিনটো ৰুমত সোমাই থাকি আবেলি ওলাই গলো ...তেতিয়া কিবা এটা ঠিক কৰিবলৈ সময় নাছিল...মিউনিখত এটা কথা ভাল যে যলৈকে নাযাও কিয় মেট্ৰ, ট্ৰাম বা বাছ থাকে...মাহিলি টিকট কৰা থাকে কাৰণে সেইটো সমস্যা নাথাকে...যিকোনো এখনত উঠিলেই হ’ল...
দুখন ট্ৰেইন সলাই হঠাতে ষ্টেচন এটাত নামি দিলো...নাম Kulombplatz...দেওবাৰে কাৰণে দোকান পোহাৰ বন্ধ, ৰাস্তাত মানুহ বৰ পাতল...খোজকাঢ়িলো...পদপথত সাধাৰণতে লগ পোৱা মানুহ বোৰ couple হিচাবে আহিছে !!! বুঢ়া-বুঢ়ী, আদহীয়া-আদহীয়ানী, ডেকা-ডেকেৰী...কোনোবা পদপথৰ কাষত থকা চকীত বহি কথাত মগন বুঢ়া-বুঢ়ী, চুম্বনৰত ডেকা-গাভৰু...ম‍ই তেওঁলোকক লক্ষ্য কৰো...যেতিয়া  বুঢ়া-বুঢ়ী খোজ কাঢ়ি গৈ থাকে, তেতিয়া  বুঢ়ীজনীয়ে বুঢ়াৰ হাতৰ মাজেৰে নিজৰ হাতখন সুমুৱাই আগবাঢ়ি যায়...আদহীয়াবোৰে ইটোৱে সিটোৰ হাতৰ আঙুলি cross কৰি ধৰা-ধৰি কৈ গৈ থাকে...আৰু...ডেকা-গাভৰুৱে কঁকালত ধৰা-ধৰিকৈ যায়...তেওঁলোকৰ মৰম-ভালপোৱা দেখি ম‍ই বৰ কিবা অজান আনন্দত আনন্দিত হওঁ...
নৈ পাৰৰ পৰা চিটিৰ দৃশ্য
গৈ গৈ এখন নদী পালো...ঠিক নদী নহ্য়...বহল বেছি যদিও পানীবোৰ লাহে লাহে শিলৰ ওপৰেৰে জিৰ জিৰকৈ বৈ আছে...তাত বহু যোৰা মানুহ বহি থকা দেখিলো...কিছুমানে সৌন্দয্যৰ লগতে বিয়েৰও পান কৰিছে...মোৰো যদি মৰম কৰিবলৈ কোনোবা থাকিলেহেতেঁন !!! হয়তো বহু সময় আমি নদীৰ পাৰত বহি একেলেগে সৌন্দয্যৰ উপভোগ কৰিলোহেতেঁন...কথাটো ভাৱিয়েই মনটো ভাল লাগি গ’ল....নদীৰ পাৰে পাৰে খোজ কাঢ়িলো...কিমান ভাল লাগিল ম‍ই বুজাব নোৱাৰিম...ঠান্ডাও অলপ কমিছে...চহৰৰ লাইটবোৰ পানীত প্ৰ্তিফলিত হৈছে...সেই পোহৰে পানীৰ বগা শিলৰ লগত মোহনীয়া পৰিবেশ সৃষ্টি কৰিছে...১৫ মিনিট মান খোজ কঢ়া বাটত এটাও চিগাৰেটৰ টুকুৰা বা চকলেটৰ বাকলি দেখা নাপালো... এয়াও এটা উন্নত আৰু উন্নয়নশীল দেশৰ পাৰ্থক্য নেকি???
যাত্ৰা পথত আজি জীৱনত প্ৰথমবাৰৰ বাবে GAY COUPLE দেখিলো...চুম্বনৰত অৱস্থাত দেখিহে গম পালো তেওঁলোক যেন তেনেকুৱা...তেওঁলোক বাছ আস্থান এটা ৰৈ আছিল...ম‍ইও বাছত উঠিম বুলি ভাবিছিলো যদিও তাত নুঠিলো...কিবা ভাল নালাগিল...The King,s Speech ৰ বেনাৰ দেখি দুবাৰ লেপটপত চোৱাৰ পিছতো হলৰ ডাঙৰ পৰ্দাত চোৱাৰ আশাৰে আগুৱাই গলো...পিছে জাৰ্মান ভাষাত চলি থকা বাবে গুচি আহিলো...
চকুৰ আগত ভাহি থাকিল নৈ পাৰৰ এটা সুন্দৰ সন্ধিয়াৰ এমোকোৰা মন ভাল লগা স্মৃতি...আকৌ যোৱাৰ আশা পুহি ৰুম পালোহি...


Friday, March 11, 2011

দেউতা (একান্ত ব্যক্তিগত)

   "দেউতা" তিনিটা আখৰৰ শব্দটো কিমান মহান সেইটো আজি ম‍ই ইয়াত ভাষাৰে লিখিব নোৱাৰিম | দেউতা, মা এইবিলাক ষ্পন্দন, অনুভুতিৰ শব্দ !দুবছৰ আগতে হঠাতে আমাৰ মাজৰ পৰা গুচি যোৱা দেউতাৰ স্মৃতিয়ে বৰকৈ আমনি কৰে আজিকালি | কথা এষাৰ আছে - "চ্কুৰ আতঁৰ হলে মনৰ আতঁৰ হয়" কিন্তু ক’তা...দেউতা গুচি যোৱা দুবছৰ পিছতো তেওঁ স্মৃতিবোৰ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ গৈ আছে | কাক কম মোৰ মনৰ ভাষাবোৰ...ওচৰত যে একে ভাষিক মানুহ পাবলৈ নাই | সেয়ে ভাবিলো ইয়াতে লিখি মনটো অলপ পাতল কৰো |
  দেউতা ডাঙৰ মানুহ নাছিল !চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী এজনে চাৰিটা ল’ৰা-ছোৱালীক সমনীয়াকৈ পঢ়ুৱাবলৈ কিমান কষ্ট কৰিব লগা হৈছিল আমি ভালকৈ বুজি পোৱা নাছিলো- হয়তো আজিও পোৱা নাই | সেইকাৰণেই হয়তো কম বয়সতে আমাক এৰি থৈ যাব লগা হ’ল | কি নিষ্ঠুৰ ভগৱান !ভাগ্যৰ কি পৰিহাস !চাৰিওটাৰে পঢ়া শেষ হৈছিলহে মাত্ৰ | এটা সময়ত দুটা বিশ্ববিদ্যালয় আৰু দুটা মহাবিদ্যালয়ত পঢ়ি আছিলো !কিমান ৰাতি তেওঁ অংক মিলাই সাৰে আছিল আমি গম নাপালো | এটা হুমুনিয়াহ লব নোৱাৰাকৈয়ে গুচি গ’ল... সকলো এৰি থৈ গ’ল আমাৰ বাবে...ভগবানক বহু প্ৰাৰ্থনা কৰিছিলো...পুৰুৰ নিচিনাকৈ মোৰ জীৱনৰ পৰা আয়ুস অলপ দেউতাৰ জীৱনত যোগ দিবলৈ... নাই...নুশুণিলে...হয়তো আৰু পাঁচ বছৰ জীয়াই থাকিলে অলপ সুখ দিব পাৰিলোহেতেঁন !
   "অপত্য স্নেহ" কিমান তীব্ৰতৰ হব পাৰে বুজি পোৱা হোৱা নাই | এটা কথা দেউতাৰ পৰা উপলব্ধি কৰিছো যে যি মৰম স্নেহে নিজৰ জীৱ্নক তুচ্ছ কৰি অহৰহ কাম কৰি যাবলৈ প্ৰেৰণা যোগায়, সেয়েই অপত্য স্নেহ ! গালে-মুখে চুমা খাই আমাক দেউতাই মৰম কৰা নাছিল | চাৰিওতাকে এবাৰো এচাৰিৰ কোব দি পোৱাটো দুৰৰে কথা এষাৰ টান কথা শুনাই পোৱা নাছিল দেউতাই | সেইবুলি বেয়া কাম কৰা নাছিলো বুলি নকওঁ - লাহেকৈ মাক তোৰ ল’ৰাই মোৰ নাম নুমাব বুলি কৈছিল আৰু সেইখিনি মাৰ মুখৰ পৰা আমাৰ কাণত পৰিলেই যথেষ্ট হৈছিল |
   আজিও মনত পৰে প্ৰাথমিক বৃত্তি পৰীক্ষা দি ওলাই আহোঁতে গেটৰ মুখত ৰৈ থকা দেউতাৰ উজ্জ্বল মুখখন ! মোৰ ল’ৰাই হাইস্কুল পালেগৈ বুলি চাইকেলৰ আগত বহুৱাই নাম লগাবলৈ নিয়া, আহোঁতে বিস্কুট এপেকেট কিনি আনি বাট্ত লগ পোৱা মানুহক চাহ খাবলৈ মতা কথাবোৰ আজিও চকুৰ আগত পৰিস্কাৰকৈ ভাহি আছে ! গৰমৰ বন্ধত চোলাতত ঢাৰি পাৰি শুৱাই বিচি থকা দেউতা আজি নাই | নিজৰ ল’ৰাই ডাক্টৰ হওঁক বুলি বহুত আশা কৰিছিল, পিছে অধমে দেউতাৰ আশা পূৰণ কৰিব নোৱাৰিলো | হয়তো তেওঁ সেইকাৰণেই ডাক্টৰ নহলেও ডক্টৰ হবলৈ উদগনি দিছিল | সেয়েহে আই আই টি ত গৱেষণাৰ বাবে নাম লগোৱা সময়ত মোক লগত লৈ গৈছিল | একেই ভাগ্যৰ লিখন... অধ্যাপকৰ বিৰুদ্ধে গৈও নামৰ আগত ড০ লিখাৰ আগতেই তেওঁ গুচি গ’ল গৈ | "ত‍ই ঘৰৰ কথা চিন্তা নকৰিবি, ম‍ই আছো নহয়" বুলি কোৱা দেউতা আজি নাই | স্নাতকোত্তৰ পাচ কৰি মহাবিদ্যালয় এখনত চাকৰি পাওঁতেও তেওঁ মাত্ৰ পঢ়ি যাবলৈ কৈছিল | সেয়া মোৰ দেউতা | ঢুকুৱাৰ দুদিন আগতে পথাৰত কাম কৰি থ্কা দেউতা হঠাতে এনেকৈ যোৱা কথাটোৱে আজিও মনক বিশ্বাস দিবলৈ অক্ষম হয়...দেউতা যে আৰু নাই | কাক মাতিম দেউতা বুলি | বহুতে দেউতা মাতষাৰ শুণাৰ বাবে হাবিয়াস কৰে আৰু আমাৰ দৰে মাতিবলৈ হাবিয়াস কৰিছো |"মাচুম" "Big Daddy" চিনেমাবোৰে বাৰে বাৰে কন্দুৱাই...কিমান আকুলতা এই মৰমত !
   আজি এটা কথাই বাৰে বাৰে খুন্দিয়াই থাকে - কোনে কব মোক আগুৱাই যাবলৈ, কোনে কব মোক পঢ়িবলৈ, কোনে কব ঘৰুৱা চিন্তা নকৰিবলৈ, কোনে কব মোৰ ল’ৰা ডক্টৰ বুলি, কোনে বৃত্তিৰ প‍ইচাৰে আনি দিয়া চোলা পিন্ধি দোকানলৈ যাব, কোনে তাত বুকু-ফিন্দাই মোৰ ল’ৰাই কাপোৰ দিব পৰা হ’ল বুলি কব ???
  চাৰি বছৰ যুজিঁ যুজিঁ ডক্টৰ হোৱাৰ পিচতো মনটো পাতল নালাগিল, কাৰণ মোৰ ডিগ্ৰীয়ে আটাইতকৈ সুখ দিব পৰা মানুহজনেই নাই, যাৰ অহৰহ প্ৰচেষ্টাৰ ফল আছিল সেয়া | গৱেষণা গ্ৰন্থ‍ই ৰাষ্ট্ৰীয় পৰ্য্যায়ত পুৰস্কাৰ বুটলিবলৈ সক্ষম হ’ল, কিন্তু অকনো উচাহ নাপালো | আনকি পুৰস্কাৰ লবলৈ মোৰ সত নগ’ল | হয়তোবা ম‍ই তেওঁ সভাকক্ষৰ আগশাৰীত বহি হাততালি দিবলৈ আশা কৰিছিলো...
   আজিও নতুন কিবা উদ্ভাবন কৰিবলৈ অহোৰাত্ৰি লাগি আছো, কিন্তু ক’তা ম‍ইতো একো উলিয়াব পৰা নাই, মোৰতো আগতে এনেকুৱা হোৱা নাছিল, এটাই পাৰ্থক্য... আজি দেউতাৰ আশীৰ্বাদ নাই | হ্য়তো তেতিয়া দেউতাৰ মৰম, ভালপোৱা, আশীৰ্বাদ হৃদয়ঙ্গম হোৱা নাছিল...
   সেই বহাগৰ বুধবাৰৰ নিষ্ঠুৰ বৰদৈচিলাই মোৰ পৰা কাঢ়ি লৈ মোৰ ওপৰত থকা মোৰ মৰমৰ, মোৰ আশীৰ্বাদৰ ছাতিটো...