Wednesday, December 30, 2015



বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা আৰু প্ৰসাৰ  (১)
এটা সাধুকথা শুণিছিলোঁ - এসময়ত দুখন বৃহত্… ৰাজ্য আছিল...ৰাজ্য দুখনৰ মাজেৰে বৈ যোৱা নদীটোৰ ওপৰত এখন দলং আছিল | দুয়োখন ৰাজ্যৰ প্ৰজাবিলাকে বৰ মিলাপ্ৰীতিৰে বাস কৰিছিল |  আৰু সিঁহতৰ মাজত ভাৱৰ আদান্-প্ৰদান হৈছিল এখন ৰাজ্যৰ মানুহবিলাক কল্পনাপ্ৰয়াসী আৰু তেওঁলোকৰ সাহিত্য-সংস্কৃতিত ৰাপ আছিল, আনহাতে আনখন ৰাজ্যৰ প্ৰজাবিলাক কৰ্মপটু আছিল  কালক্ৰমত প্ৰাকৃতিক দুৰ্যোগৰ ফলত দলঙখন ভাঙি থাকিল তেওঁলোকৰ মাজত সংযোগ বিচিন্ন হল আৰু লাহে লাহে নদীখন বহল হৈ গল...
     সময় অতিবাহিত হল... কল্পনাৰ আধাৰত মুখে মুখে চলি অহা কথাবোৰে ৰূপ ললে মহাকাব্যৰ... যত অলৌকিক ক্ষমতাৰে মানুহে আকাশেৰে উৰি যাব পাৰে... ধনুৰ পৰা ওলোৱা এডাল তীৰে আনিব পাৰে পানী, কৰিব পাৰে বিষ্ফোৰণ... দ্ৰোনৰ পৰা জন্ম হব পাৰে মানুহৰ... ঘিউ কলহত থোৱা মাংসপিণ্ডৰ পৰা জন্ম হব পাৰে এশজন পুত্ৰ...ইয়ে…ই আমাৰ ভাৰতবৰ্ষ ! আচৰিত লাগিলেও সঁচা যে সে…ই কথাবোৰ ভাৰতবৰ্ষৰ নব্বৈ শতাংশৰ বেছি মানুহে এতিয়াও বিশ্বাস কৰে... আৰু... সে…ই কৰ্মপটু মানুহবোৰে ওপৰোক্ত ধাৰণাবোৰকে লৈ উৰাজাহাজ আৱিস্কাৰ কৰিলে, মিছাইল তৈয়াৰ কৰিলে... ক্লনিঙ কৰি জীৱ সৃষ্টি কৰিবলৈ সক্ষম হ …এ…ইকে…ইটা মাত্ৰ কে…ইটামান উদাহৰণহে ! কথাবোৰ চালি-জাৰি চালে দেখা যায় ধাৰণাবোৰ একে…ই আছিল কিন্তু কাৰ্য ক্ষেত্ৰত কোনে ৰূপায়ণ কৰিলে সে…ইটোহে গুৰূত্বপূৰ্ণ হ
     আজি একবিংশ শতিকাতো মানুহৰ ধাৰণাবোৰ সলনি নোহোৱাটো চৰম দুৰ্ভাগ্যজনক অলপতে এটা নতুন ধাৰণাৰে বহুলভাৱে প্ৰচাৰিত “ওম্” শব্দটিৰ তাত্…পৰ্য ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছিলোঁ শৃংখলাবদ্ধ পৰীক্ষামুলক অধ্যয়নে…ই বিজ্ঞানৰ মুলভেটি যিহেতু ওম্ শব্দটি উচ্চাৰণৰ ক্ষেত্ৰত বাকী শব্দতকৈ বেলেগ এটা অনুভুতি বা কম্পণৰ সৃষ্টি হয়, সেয়েহে আমি সম্ভাৱনীয় বাখ্যা দিবলৈ চেষ্টা কৰিছিলোঁ যিটো পদাৰ্থ বিজ্ঞানৰ কম্পনাংকৰ লগত জড়িত সে…ই কথাটোকে আমাৰ দেশৰ নামজ্বলা শিক্ষানুস্থানৰ প্ৰৱক্তা এজনে মানিবলৈ টান পালে “প্ৰমান আছে নেকি?”…  পশ্চিমীয়া দেশৰ মানুহে প্ৰমান কৰি দিবলৈ বাট চোৱাৰ যুক্তিযুক্ততা বিচাৰি নাপালোঁ এ…ই কথাবোৰ লিখাৰ প্ৰয়োজনীযতা তলৰ কথাখিনি পঢ়িলে বুজি পাব বুলি আশা কৰিলোঁ
     বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা আৰু প্ৰসাৰ ক্ষেত্ৰত চৰকাৰৰ বহু আচঁনি আছে তেনেবিলাকৰ ভিতৰত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ অন্যতম সৌভাগ্যক্ৰমে এ…ইবেলি মোলৈ অহা আমনন্ত্ৰী পত্ৰ অনুসাৰে হবলগীয়া শিশু বিজ্ঞান সমাৰোহৰ কৰ্মশালা এখনত উপস্থিত হলো আগতে বিভিন্ন কৰ্মশালাত উপস্থিত আছিলো যদিও এ…ইখন মোৰ ভাৱে তাত্…পৰ্য পূৰ্ন আছিল কাৰণ ইয়াত বিষয়বস্তু ৰসায়ন বিজ্ঞানতে সীমাবদ্ধ নাথাকি দৈনন্দিন সন্মুখীন হোৱা সমস্যাৰ ওপৰত আলোচনা কৰা হ এ…ইবাৰ সমাৰোহৰ বিষয়বস্তু হল শক্তিৰ পুনৰব্যৱহাৰ, অপচয় ৰোধ, উত্…পাদন আদি যিহেতু প্ৰায়বোৰ অনবীকৰণযুক্ত শক্তি আমি ব্যৱহাৰ কৰি আছো আৰু অতি সোনকালেএ…ই শক্তিৰ উত্…স নোহোৱা হৈ যাব, সেয়েহে এটা বিকল্প ভৱাৰ সময় আহি পৰিছে এ…ই ক্ষেত্ৰত বহু প্ৰকল্প চলি আছে যিমানে…ই প্ৰকল্প নাথাকওক কিয় সাধাৰণ মানুহবোৰ সজাগ নহলে ই ফলপ্ৰসু কেতিয়াও হব নোৱাৰে সে…ই উদ্দেশ্য আগত ৰাখিয়ে…ই  ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমিতিয়ে বছৰেকত এবাৰ স্কুলীয়া লৰা ছোৱালীৰ মাজত এখন “প্ৰকল্প প্ৰতিযোগিতা” পাতি আহিছে আমাক দুদিনীয়া কৰ্মশালালৈ আমন্ত্ৰণ কৰাৰ মুলতে আমাক প্ৰকল্পৰ ওপৰত সাম্যক ধাৰণা দি সে…ইখিনি নিজৰ নিজৰ জিলাৰ স্কুল-শিক্ষকৰ আগত ব্যক্ত কৰাৰ প্ৰশিক্ষন দিয়া প্ৰতিজন সমল ব্যক্তিৰ ভাষণতে “আপোনালোকে এনেকুৱা প্ৰকল্প কৰিব পাৰে” “যোৱাবছৰ এনেকুৱা প্ৰকল্প আহিছিল” ইত্যাদি কবলৈ লাগিল শেষত-“অহাকালি আপোনালোকে আলোচনা কৰা বিষয়ৰ ওপৰত এটাকৈ প্ৰকল্প লিখি আনিব (!)” বুলি কোৱা কথাষাৰে আমাৰ মনত এটা প্ৰশ্নই খুন্দা মাৰিলেহি – “কোনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ? আমি নে শিক্ষকে নে ছাত্ৰ-ছাত্ৰীয়ে ?”       
                                                     ক্ৰমশঃ
           

বিদ্যা বাচস্পতি


বিদ্যা বাচস্পতি (৪)
     
     গৰমৰ বন্ধত উচ্চজিতহঁতে কাহিলী পুৱাতে উঠি খেজুৰী বুটলিবলৈ যায় পথাৰখনৰ কেউটা দিশতে বেলেগ বেলেগ মানুহৰ চুবুৰী আছে পথাৰখনৰ পূৱ দিশত সিহঁতৰ ঘৰ, উত্তৰ দিশত এটা ডাঙৰ পুখুৰী পুখুৰীটোৰ পাৰত তিনিডাল ওখ খেজুৰী গছ তাৰে এডাল বৰ ওখ আৰু সোৱাদপূৰ্ণ আনএডাল চাপৰ কিন্তু প্ৰায় বিলাক খেজুৰীয়ে…ই অকালতে বেয়া হৈ সৰি যায় আৰু বাকী থকা ডালে ফল নিদিয়ে পুখুৰীৰ পাৰ কে…ইটা বহু ওখ, যেনি তেনি উঠিব নোৱাৰি সিহঁত উঠা-নমা কৰোঁতে কৰোঁতে এটা ৰাস্তা হৈছে কিছুমান পকা খেজুৰী পথাৰৰ পানীত পৰে ৰাতিপুৱাই পানীখিনি পৰিস্কাৰ হৈ থাকে কাৰণে সিহঁতে পানীৰ তলৰ পৰা বুটলিব পাৰে পিচত পানীখিনি ঘোলা হয়, আৰু খেজুৰীবোৰ দেখা নোপোৱা হয় পুখুৰীটোৰ পাৰত অতি কম খেজুৰী সৰি থাকে আগতে যিয়ে গৈ পায় তাৰ ভাগ্যতহে সে…ইকে…ইটা খেজুৰী সিহঁত খেজুৰী বুটলিবলৈ যোৱাৰ সময়ত ঘৰৰ ভিতৰত আন্ধাৰ হৈয়ে থাকে
   উচ্চজিতৰ লগত সিহঁতৰ বৰদেউতাকৰ সৰু ছোৱালীজনী, তাৰ ভনীয়েক, কেতিয়াবা সৰু বায়েক, ওচৰৰ চায়ামণি, হৰেশ্বৰ আদি যায় সি অলপ হৃষ্ট-পুষ্ট কাৰণে দৌৰি গৈ আগতেই পায় আৰু পুখুৰীৰ পাৰৰ ভাল খেজুৰী কে…ইটা তাৰ ভাগত পৰে সি পিছে নিজে দুটা-তিনিটা ৰাখি বাকীকে…ইটা ভগাই দিয়ে হলে সিহঁত নাহিলে তাৰ অকলে আহিবলৈ ভয় লাগে কেতিয়াবা কেতিয়াবা সিটো চুবুৰীৰ শাস্ত্ৰী ছাৰৰ বিয়া নোহোৱাকৈ থকা পঞ্চাছোৰ্ধ ছোৱালীজনী বগা কাপোৰ পিন্ধি দুৰৈৰ পৰা সিহঁতক চাই থাকে সিহঁতৰ ভয় লাগে বহুত দিন সিহঁত ভুত বুলি উলটিও আহিছে, পিছ্তহে গম পালে
   সিহঁতৰ চুবুৰীটোৰ পৰা পথাৰখনৰ ফালে ওলাই আহিলে এটা সৰু শিৱ-মন্দিৰ পায় মন্দিৰটোৰ লগত বহু পৌৰাণিক কাহিনী জড়িত হৈ আছে মন্দিৰত থকা শিৱ-লিঙ্গটো ১৮৯০ চনৰ ভুমিকম্পত সিহঁতৰ ঘৰত থকা মন্দিৰৰ কাষত মাটি ফুটি ওলাইছিল বুলি দেউতাকহঁতে কয় আৰু শিৱ-লিঙ্গটোৰ বৈশিষ্ট হৈছে ই ঘৰৰ ভিতৰত নাথাকে প্ৰথমতে এখন খেৰৰ ছালিৰ তলত ৰাখিছিল কিন্তু বাৰে বাৰে বাগৰি পৰি যায় বাবে ইয়াক মুক্ত আকাশৰ তলত ৰখাৰ ব্যৱস্থা কৰা হৈছে -“বাবা ভোলানাথে ঘৰৰ ভিতৰত নাথাকে” ওচৰতে ভক্তৰ বাবে নামঘৰ এটা পিছত সজা হৈছে মন্দিৰটোৰ আশে-পাশে অলপ ওখ ঠাই আছে তাত এডাল বৰ ডাঙৰ আৰু এডাল মধ্যমীয়া ধৰণৰ আহঁত গছ আছিল ডাঙৰ ডালৰ ঠাল-ঠেঙুলিয়ে বহু ঠাই ছানি ধৰিছে পথাৰৰ হালোৱা-ৰুৱনিয়ে আহঁতৰ তলত জিৰণি লয় আহঁতৰ গুটি খাবলৈ জাক-জাক হাইঠা পৰেহি

Tuesday, December 30, 2014

...বিদ্যা-বাচস্পতি...
(১)



 “তোমলোকৰ মাজত কোন কোন ডাক্তৰ হবা?”
“ছাৰ, মই !” উচ্চজিতে তপৰাই মাত দিলে
“আজি পৰা গৰমৰ বন্ধ, তোমালোকে বন্ধত যতে-ততে খেজুৰ, জাম, জলফাই আদি খাই ফুৰিবা আৰু এইবিলাকৰ পৰা কলেৰা নামৰ মহামাৰীৰ হব, সেয়েহে আজি ডাক্তৰ আহিব, তোমালোকক বেজি দিবলৈ কোনো পলাই নাযাবা
উচ্চজিত ডাক্তৰ হব... সি আনক বেজি দিব, ডাক্তৰে নিজে বেজি নলয় নহয়... তেওঁলোকে আনৰ বেমাৰ-আজাৰ ভালহে কৰে... যদি খেজুৰ, জাম, জলফাই আদি খালে বেমাৰ হয় তেন্তে নাখালেই হল... সি সেইবোৰ নাখায় থাকিব তথাপি বেজি নলয় !
সৰু পানী চুবলৈ যাওঁ বুলি বাহিৰলৈ আহি সি আৰু স্কুললৈ ঘূৰি নগ আহিবৰ সময়ত লগৰে হৰেশ্বৰক এটা মাৰ্বল দিম বুলি কিতাপ আৰু ঢাৰিখন আনিব কৈ আহিল স্কুলৰ পৰা ওলাই সি ঘৰলৈ যাব নোৱাৰিলে কাৰণ ঘৰত গম পালে আকৌ স্কুললৈ বেজি দিয়াবলৈ আনিব
সিহঁতৰ স্কুলখন এটা ডাঙৰ ৰাজহুৱা পুখুৰীৰ পূবপাৰত অবস্থিত পুখুৰীটোৰ দক্ষিনপাৰত এটা ঐতিহ্যমন্ডিত দেৱালয় দেৱালয়ৰ চৌপাশত এডাল বৰ ডাঙৰ জাম গছ দেৱালয়ৰ লগত বহু কাহিনী জড়িত হৈ আছে শুণা যায় এজোৰ শাল মাছে  পুখুৰীটোৰ পৰা উঠি আহি দেৱালয়ৰ আগবঢ়াই থোৱা প্ৰসাদ খাইছিল ৰাজহুৱা পুখুৰীটোৰ পাৰত ঠায়ে ঠায়ে কচুৱনি গধুলি আৰু দুপৰীয়া সমযত অলপ জয়াল হয় পুখুৰীটোৰ পাৰত কেইডালমান ওখ ওখ খেজুৰ গছ আছে, গছ কেইডাল বহু বছৰ পূৰণি, গুৰিৰ পৰা সৰু সৰু শিপাবোৰ ওলাই তাত বহিব পৰা হৈছে খেজুৰৰ গুটিবোৰ অলপ অলপ টান হৈছে কিছুমান খেজুৰ বেয়া হৈ সৰি যায় উচ্চজিতহতঁৰ বাবে সেইবোৰ বৰ সোৱাদপূৰ্ণ আজি ছাৰে তাক সেইবোৰ খেজুৰ খালে অসুখ হয় বুলি কৈছে আৰু সি বেজি নোলোৱাকৈ আহিছে গতিকে সি সেইবোৰ খাব নোৱাৰে তাৰ জিভাৰ পানী সৰসৰকৈ পৰিছে সি নাখায়... সি ডাক্তৰ হব... সি তাৰ লগৰবোৰক বেজি দিব... সি নিজে বেজি নলয়! 

(২)
 
    “অ’… কোন অ সেইটো... এই দুপৰীয়া খেজুৰৰ তলত বহি কি কৰিছ?...ফুল সৰিছেহে মাত্ৰ... দেৱে লম্ভিব... কাৰ লৰা অ’?...
এ…ই বুঢ়ীজনীৰ কাম নাই আৰু অনবৰতে পেক্পেকাই থাকে সি লৰালৰিকৈ গৈ কচুৱনিৰ সিটো পাৰে বহিল বুঢ়ী আতঁৰি গ সি অলপ সময় কচুৱনিতে বহি থাকিল কেইডালমান জোক লেউলেউকৈ উঠি আহিল চিয়ঁৰ এটা মাৰি সি উঠি আহিল পুখুৰীটোৰ দক্ষিন-পশ্চিম কোণত এডাল ডাঙৰ বট গছ ঠাল-ঠেঙুলি বোৰ  বাঢ়ি বহু ঠাই আগুৰি ধৰিছে, তাত বহু চৰাইৰ বাঁহ সি ৰাস্তাত পৰি থকা বট গছৰ গুটি বিলাক বুটলি পুখুৰীৰ মাছক খাবলৈ দলিয়াই দি থাকিল বিভিন্ন ধৰণৰ মাছ খাবলৈ আহে বৰ ভাল লাগে সাধাৰণতে সদায় জিৰণি সময়ত প্ৰায় লৰা-ছোৱালীয়ে মাছ্ক গুটিবিলাক দি আনন্দ পায়
অলপ পিছত ধ্ৰুৱ আৰু লাটুমনি তাৰ লগ লাগিলহি সিহঁতেও বেজি নলয় পলাই আহিছে সিহঁতে ডাক্তৰ আহিছে বুলি খবৰ দিলে সিহঁতে তাক খেজুৰৰ তললৈ যাবলৈ লগ ধৰিলে উচ্চজিতে নাযাওঁ বুলি কোৱাত আচৰিত হৈ দুয়ো উভতি আহি শুধিলে
“চাৰে আমাক সেইবোৰ খালে কলেৰা হব বুলি কৈছে নহয়, আমিতো বেজিও লোৱা নাই, গতিকে আজিৰ পৰা নাখাওঁ”
সিহঁত দুয়ো ভেকাহি মাৰি গুচি গ পুখুৰীৰ মাছবোৰলৈ চাই থাকিল সি ৰঙচুৱা মাছ দুটা তাৰ বৰ ভাল লাগে বৰ ধুনীয়া !
তিনিঘণ্টা মান পিছত স্কুল ছুটী হ হাত এখন বেকাঁ কৰি আনখন হাতেৰেই হৰেশ্বৰে কিতাপৰ বেগ দুটা আৰু ঢাৰি দুখন চোচঁৰাই চোচঁৰাই লৈ আহিল উচ্চজিতে অলপ আগবাঢ়ি গৈ তুলি ললে
“বৰ বিষ অ’” ...
“হবদে আজিৰ পৰা আৰু তোৰ অসুখ নহয় তই সকলোবোৰ খাব পাৰিবি
“তই কিয় নললি?
“মই বেজি নলও নহয়, বেজি দিমহে... আৰু এইবোৰ নাখাও তেতিয়া মোৰ অসুখ নহয় ডাক্তৰ বিলাকেও নাখায় ছাগে
“হবদে বেছিকৈ কব নালাগে মোক কিন্তু দুটা মাৰ্বল দিব লাগিব, নহলে তোৰ ঘৰত কৈ দিম
“এহ ... দুটা নহয় তিনিটা দিম এনেও মোৰ লগত খেলিলে আকৌ মাৰ্বলকেইটা ময়েই পাম, হিঃ হিঃ হিঃ
 (৩)

“মা, আজি স্কুললৈ ডাক্তৰ আহিছিল, কিবা কলেৰা নামৰ বেমাৰৰ বাবে আমাক বেজি দিবলৈ মই বেজি নললো পদুলিৰ পৰাই চিঞৰি আহিল সি
উচ্চজিতে মাকক কোৱা দেখি হৰেশ্বৰে তবধ মানি অলপ সময় বাটত ঠিয় হৈ থাকিল উচ্চজিতক আবেলি মাৰ্বল খেলিবলৈ লগ ধৰিবলৈ সুবিধাই নাপালে পিছ্ত আকৌ আহিব বুলি ঘৰলৈ খোজ ললে
“কিয় নললি ? আকৌ কি কাৰণ দেখুৱাবি ? দেউতাৰে গম পালে মোকে দুষিব মোৰ লৰাই স্কুললৈ গৈ বেজি নলৈ কলৈ গৈছিল বুলি মোক গালি পাৰিব মোক কিয় কষ্ট দিয়া ?” মাকে ককাঁলটো পোন নকৰাকৈ ভোৰভোৰালে
মাকে বৰ ডাঙৰ শুকান বাঁহ এডাল দাৰে টুকুৰা (দুচেও)কৰি আছিল কঁকালত মেৰিওৱা গামোচাখন সোলোকাই পোন হৈ তাৰ ফালে চাই কপালৰ ঘাম খিনি মছি ললে এইকেইদিন নেৰানেপেৰা বৰষুণ দি আছিল বাবে শুকান খৰি নাইকিয়া হৈছে দেউতাক পথাৰলৈ গৈছে - ভুঁইআলিৰ কাষ কাটিবলৈ বাৰিষাৰ দিনকেটাত মাকেই খৰি ফালিব লগা হয় দেউতাকে পথাৰৰ পৰা আহি খৰি ফালিবলৈ দিলে খং কৰে
“গৰমৰ দিনকেইটাত বহুত বেমাৰ-আজাৰ হব পাৰে কলেৰা এবিধ মহামাৰী বেমাৰ ককাদেউতাহঁতৰ দিনত বহুত মানুহ মৰিছিল আজিকালি আগতীয়াকৈ বেজি দিয়ে বাবে হবলৈ নাপায় তই আকৌ কিয় বেজি নললি ?
মাকে কুঠাৰখন লৈ বাহঁৰ টুকুৰাটোত ঘাপ দিলে টুকুৰাটো ফালি বৰ জোৰেৰে শব্দ কৰি বায়ুখিনি ওলাই গ উচ্চজিতৰ বুকুখন চিৰিঙকৈ উঠিল
“মা... ছাৰে কৈছে এইবোৰ বেমাৰ বোলে অকালতে সৰি থকা খেজুৰ, জাম আদি খালেহে হয় মই আৰু সেইবোৰ নাখাওঁ তুমি মোক গালি নাপাৰিবা মই আজি স্কুলৰপৰা আহোঁতে খোৱা নাই নহয় হৰেশ্বৰক সুধিবাছোন মা... মই ডাক্তৰ হম নহয়... মই বেজি নলওঁ ... মই আনক বেজি দিমহে
মাকে অলপ ভোৰভোৰালে সি অলপ দেৰি ঠিয় হৈ থাকি কিতাপৰ বেগটো থবলৈ ভিতৰলৈ গ