গল্প

(১)
আলহী 
(১ মিনিটৰ গল্প)

...বিক্ৰমদাৰ ঘৰলৈ দুদিনৰ কাৰণে আলহী খাবলৈ গৈছিলোঁ | তেওঁ থকা চহৰখনত মোৰ সাক্ষ্যাত্‍কাৰ এটা আছিল লগতে পুৰস্কাৰ এটাও লব লগা আছিল |...
বিক্ৰমদাৰ সাদৰী বৌজনীয়ে আথে-বেথে বহুৱালে | লাহী, ওখ, চুলি ছুটি মানুহজনীয়ে ইমান অন্তৰংগ ভাৱে কথা পাতে- তেওঁ যে সৰুৰ পৰা দিল্লীত ডাঙৰ হোৱা ধৰিব‍ই নোৱাৰি | আতকধুনীয়া ঘৰটো বৰ ধুনীয়াকৈ পৄথিৱীৰ বিভিন্ন দেশৰ বস্তুৰে সজাইছে ; পিছে ঘৰৰ পিছ্ফালে যাওঁতেহে মোৰ চকু কপালত উঠিল- কেটেং মেটেং দুজনী অসমীয়া গাই গৰু টিনৰ চালি এখনৰ তলত বান্ধি থোৱা আছে, আগত কেইদালমান শুকান খেৰ | আমাৰ চিৰিয়াখানাৰ জন্তু বোৰে মানুহ গলে যেনেকৈ বৰ কৰুণ চাৱনি এটা দিয়ে, তেনেকৈ সেই দুজনীয়ে মোলৈ চোৱা দেখি মনত বেজাৰ লাগিল | ম‍ই সোধাত তেওঁ সেইকেইজনী যৌতুকত পোৱা বুলি কলে | আইঐ দেহি- দক্ষিন ভাৰতীয় হোৱা হলে ভাল অংকৰ ধন এটা পালেহেতেঁন (!)-মনতে ভাৱিলো | তাৰ পিছ্ত এটা দমকল... চেৰো-গেৰোকৈ কানতাল মৰা শব্দ কৰি অলপ-অচৰপ পানী দিয়ে | বাহিৰৰ দেশৰ মানুহে সেইটো সংগ্ৰাহালয়ৰ বস্তু চোৱাদি চায়হি বোলে |  দুদিনৰ ভিতৰত বিক্ৰমদাক মাত্ৰ এবাৰহে ভালকৈ লগ পালো- অফিচৰ কামত বস্ত্য থকা দাদাই বোলে অফিচ ছুটিৰ পিচত কিবা অসমীয়া ভাষাৰ অনলাইন অভিধানৰ কামত ব্যস্ত থাকে, লগতে আজিকালি নতুনকৈ ফেচবুকৰ জৰিয়তে অসমীয়া ভাষাৰ উন্নতিৰ হকে দেহে-কেহে খাটি আছে |

(২) 
বিহু -এটা নষ্টালজিয়া মাত্ৰ

জানা, এইখিনিতে এডাল ডাঙৰ আহঁত গছ আছিল আৰু তাৰ তলতেই আমি বিহুৰ আখৰা কৰিছিলোঁ | কোনে, কেতিয়া জানো কাটি পেলালে গছ্ডাল ! বোধহয় এই কংক্ৰিতৰ ব্যৱ্সায়ীসকলেই কাটি পেলালে | সিহঁতে কি বুজিব, (!) কিমান যুগৰ বিক্ষিপ্ত ঘ্টনাৰ স্বাক্ষৰ বহন কৰিছিল সি ! কেইবছৰমান পিছত আহিলে নিজৰ ঘৰটোকেই উলিয়াবলৈ টান হব !
...তেতিয়া ম‍ই হাইস্কুলৰ দেওনা পাৰ হোৱা নাই, ক্লাচ চেভেনমানৰ পৰা বিহু আহিলে আমাৰ দেহ-মন কিবা অচিন আনন্দত নাচি উঠিছিল | তাৰ আগতে, আমি পাঠশালাত পঢ়ি থাকোতে চুবুৰীৰ ছয়-সাতজনমান লগ হৈ মানুহৰ ঘৰে ঘৰে ককাইদেউহঁতে শিকাই দিয়া কেইফাঁকিমান বিহু আৰু হুচৰি গাই আধলি-সিকি পাইছিলোঁ ! কিমান যে ফূৰ্তি লাগিছিল, আজি তোমাক কৈ বুজাব নোৱাৰিম | তুমি সেইবোৰ নুবুজিবা ! আৰু সেইপ‍ইচাৰে বহাগ মাহত হোৱা "দেউল" বোৰত আমি ভজাবুট খাইছিলোঁ |কিশোৰৰ পৰা কৈশোৰত ভৰি দিয়াৰ লগে লগে আমি ডাঙৰ বিহুদলত স্থান পাইছিলো | প্ৰথমতে আমি "চোকোৰা" আছিলোঁ, পিছ্ত ম‍ই দলৰ উল্লেখনীয় ঢুলীয়া হৈ পৰিছিলোঁ | প্ৰায় মুকলি বিহু প্ৰতিযোগিতাতে ম‍ই শ্ৰেষ্ঠ ঢুলীয়াৰ পুৰস্কাৰ পাইছিলোঁ | কিমান যে ভাল লগা আছিল দিনবোৰ ! মোৰ নলে-গলে লগা বন্ধু- নলিনী- মহৰ শিঙৰ পেপাঁটোৰে সি বিহুদলক যাদুকৰী পৰশ দিছিল | তাতেই যেন বিচাৰি পাইছিল জীৱনৰ সকলো মাদকতা, নহলেনো পিছ্ত এদিন বিহুৰ বতৰত ৰাংঢালী আহি তাৰ ঘৰ সোমাইহিনে!  আৰু ম‍ই ....
"কিয়, কি হ’ল, ৰৈ গ’লা যে, এটলিষ্ট ব’ৰ কৰিবলৈ মানুহ এজনীটো পাইছা...কৈ যোৱা |"
তেনেকৈনো কিয় কোৱা, তোমাক নকলে ম‍ইনো কাক ক’ম, মোৰ অতীতৰ সুমধুৰ স্মৃতিবোৰ ! মেট্ৰিকৰ দেওনা পাৰ হৈ দেউতাহঁতৰ তাগিদাত চহৰৰ কলেজত নাম লগালোগৈ -জীৱন গঢ়াৰ বাবে | চহৰৰ কংক্ৰিতৰ মাজত ক’ত বিচাৰি পাবা সেই আহতঁৰ তলৰ বিহু আৰু ব্যস্ততাৰ মাজতে নিজকেই হেৰুৱাই পেলালোঁ ! কলেজত তোমাক লগ পালোঁ, এতিয়া তুমি মোৰ লগত ! নহলে মোৰো ঢোলৰ ছেওত কোনোবা জানমনি আহি কোনোবা বিহুৰ বতৰত ঘৰ সোমালেহেতেঁন !
"তাৰমানে তোমাৰ কোনোবা আছিল ? ইমানদিন মোৰ পৰা লুকাই ৰাখিছিলা, মোক ফাঁকি দি আছিলা , তোমালোক মতা মানুহবোৰ সব একেই, ঠগ, প্ৰবঞ্চক ..."
-হব, হব, কন্দা-কটা নকৰিবাছোন, মানুহে দেখিলে কি বুলি ক’ব | নাই, মানে মোৰ কোনো নাছিল, ভগৱানৰ শপত, আমাৰ ল’ৰাটোৰ শপত, মোৰ কোনো নাছিল ! প্ৰেমৰ গঁজালি মেলাৰ আগতেই ম‍ই জানো ইয়াৰ পৰা যোৱা নাছিলোঁ | (উহ ৰক্ষা অলপ শান্ত হ’ল !) ব’লা অলপ খোজকাঢ়ি যাওঁ, বহুদিনৰ মুৰত দেখিছো মোৰ শৈশৱ, মোৰ কৈশোৰ !
"নোৱাৰোদেই খোজকাঢ়িব, তাতে ইমান ধূলি-বালি |"
-একো নহয় দিয়া, এদিনহে, আৰু খোজকঢ়াটো স্বাস্থ্যৰ বাবে ভাল, দেখা নাই তুমি কেনেকৈ পথালিকৈ বাঢ়ি গৈ আছা ! ড্ৰাইভাৰ, তুমি অলপ আগবাঢ়ি যোৱা, দুটা কেকুৰি ঘূৰি তিনিনম্বৰ ঘৰটোৱেই আমাৰ ...
এই ৰাস্তাটোৰে কিমান যে অহা-যোৱা কৰিছিলোঁ, স্কুললৈ কিতাপ লৈ, জিৰণি সময়ত আম- জাম, খেজুৰ বিচাৰিছিলোঁ ! আহ... আৰু ছাগে কাৰো জীৱনলৈ তেনে মধুৰ সময় নাহিব ! ছিঃ, আমাৰ সোনম‍ইনাক বৰ্ডিং স্কুলৰ পৰা লৈ আহিব লাগিছিল ! সিও ছাগে মোৰ দৰে বহু ভাল পালেহেতেঁন, আৰু মা-দেউতাহঁতে...
"হব দিয়া, তুমি আহিছা হৈ যাব, ম‍ই মোৰ ল’ৰাক ইয়ালৈ আনিব নোৱাৰো, তাৰো এটা জীৱন আছে, আজিকালি কিম্মান কম্পিটিচন, ইয়াত আহিলে বহু পিছ পৰি যাব সি |"
-হলেও দুদিন ইয়াতে থাকি গ’লে ইমান ক্ষতি নহ’লহেতেঁন আৰু মোৰহে ল’ৰা (!) ...বেচেৰা!
-অঁ হৰিকাই ইমান লৰালৰিকৈ ক’লৈ যোৱা ?
"অঁ অঁ কোননো ?"
-ম‍ই ৰজত মাষ্টৰৰ পুতেক, অৰি, অৰিন্দম |
"অঁ অৰুবোপা, ম‍ই চিনিবকে পৰা নাছিলোঁ, আজিকালি চকুৰেও ভালদৰে মনিব নোৱাৰা হৈছোঁ ! এইজনী বোৱাৰী নেকি ? তোমালোকৰ ভালনে ? ম‍ই অলপ দোকানৰ পৰা আহোঁ, বিহুৰ পিঠা বনোৱাই নাই নহয় |"
-মানে ?
"কি কবা বোপা, খেতিৰ ধান বুলিবলৈ নায়েই, যোৱাবাৰ খৰাং আছিল, এইবাৰ বানপানীয়ে সকলো লৈ গ’ল | ভ্গৱানৰ অপাৰ মহিমা| পৃথিৱীত কেতিয়া যে কলিযুগৰ অবসান ঘটিব ! অন্ততঃ ইহঁত দুটাই কিবা এটা কৰি খাব পৰাহেতেঁন !"
ইহঁত দুটাৰ খবৰ কি, কি কৰি আছে এতিয়া?
"কি কৰিব আৰু ..অনাৰ্চ লৈ বিএ পাছ কৰিলে, তাৰ পিছত পঢ়াবলৈ মোৰ সামৰ্থ নহ’ল, এতিয়া ঘৰতে আছে | চাকৰি এটা পোৱাও বৰ টান হ’ল | হবদে ম‍ই যাওঁ, দোকান বন্ধ হব নহলে ! বিহু খাবলৈ এপাক মাৰিবি, বহুত কথা আছে পাতিবলৈ | বোৱাৰীকো আনিবি, দুখীয়া ভগা-প্ৰজাটো চাই যাবহি |"
দেখিছানে মানুহজনক, হৰিকাই...তেওঁৰ কোলাতেই ম‍ই ডাঙৰ হৈছিলোঁ | এতিয়ালৈকে ম‍ই যেন একো এটা কৰি দিব পৰা নাই মোৰ আপোন মানুহবিলাকক...এয়া ঘৰ পালোহিয়েই...শুণিছানে ঢেকিৰ শব্দ ! মা আৰু মালতীবায়ে পিঠাগুৰি খুন্দিছে...আঃ কি সোৱাদ হব !...

পাদতীকা:
দেউল : দেউল দৰঙৰ বহাগ মাহত হোৱা এটা উত্‍সৱ | ইয়াত বিষ্ণুপুজা কৰা হ্য় | আবেলি মেলা হয় | তাত মনিহাৰি, পকামিঠাই আদি বহুতো দোকান বহে | ছিপাঝাৰ, ঘোৰাবান্ধাৰ দেউল দুদিনীয়াকৈ হ্য় | তাত কাঁহ পিতলৰ বাচন-বৰ্তনো বেচা-কিনা হয় | কামৰূপৰ "ভথেলি" উত্‍সৱৰ লগত ইয়াৰ সাদৃশ্য থকা দেখা যায় | বহাগ মাহৰ প্ৰতিটো দিনতে বেলেগ বেলেগ ঠাইত এই উত্‍সৱ উত্‍যাপিত হয় |
চোকোৰা : চেঙেলিয়া বিহুৱাক চোকোৰা বুলি কয় |
বিঃদ্ৰঃ ভাৰতীয় প্ৰাদ্যোগিক প্ৰতিষ্টানত গৱেষণা কৰি থাকোতে লিখা...তাৰ আলোচনী ’বিহুৱান’ত প্ৰকাশ পাইছিল |