Sunday, March 13, 2011

এটা উদ্দেশ্যবিহীন যাত্ৰা

আজি ১৩ মাৰ্চ(2011)  দেওবাৰে দিনটো ৰুমত সোমাই থাকি আবেলি ওলাই গলো ...তেতিয়া কিবা এটা ঠিক কৰিবলৈ সময় নাছিল...মিউনিখত এটা কথা ভাল যে যলৈকে নাযাও কিয় মেট্ৰ, ট্ৰাম বা বাছ থাকে...মাহিলি টিকট কৰা থাকে কাৰণে সেইটো সমস্যা নাথাকে...যিকোনো এখনত উঠিলেই হ’ল...
দুখন ট্ৰেইন সলাই হঠাতে ষ্টেচন এটাত নামি দিলো...নাম Kulombplatz...দেওবাৰে কাৰণে দোকান পোহাৰ বন্ধ, ৰাস্তাত মানুহ বৰ পাতল...খোজকাঢ়িলো...পদপথত সাধাৰণতে লগ পোৱা মানুহ বোৰ couple হিচাবে আহিছে !!! বুঢ়া-বুঢ়ী, আদহীয়া-আদহীয়ানী, ডেকা-ডেকেৰী...কোনোবা পদপথৰ কাষত থকা চকীত বহি কথাত মগন বুঢ়া-বুঢ়ী, চুম্বনৰত ডেকা-গাভৰু...ম‍ই তেওঁলোকক লক্ষ্য কৰো...যেতিয়া  বুঢ়া-বুঢ়ী খোজ কাঢ়ি গৈ থাকে, তেতিয়া  বুঢ়ীজনীয়ে বুঢ়াৰ হাতৰ মাজেৰে নিজৰ হাতখন সুমুৱাই আগবাঢ়ি যায়...আদহীয়াবোৰে ইটোৱে সিটোৰ হাতৰ আঙুলি cross কৰি ধৰা-ধৰি কৈ গৈ থাকে...আৰু...ডেকা-গাভৰুৱে কঁকালত ধৰা-ধৰিকৈ যায়...তেওঁলোকৰ মৰম-ভালপোৱা দেখি ম‍ই বৰ কিবা অজান আনন্দত আনন্দিত হওঁ...
নৈ পাৰৰ পৰা চিটিৰ দৃশ্য
গৈ গৈ এখন নদী পালো...ঠিক নদী নহ্য়...বহল বেছি যদিও পানীবোৰ লাহে লাহে শিলৰ ওপৰেৰে জিৰ জিৰকৈ বৈ আছে...তাত বহু যোৰা মানুহ বহি থকা দেখিলো...কিছুমানে সৌন্দয্যৰ লগতে বিয়েৰও পান কৰিছে...মোৰো যদি মৰম কৰিবলৈ কোনোবা থাকিলেহেতেঁন !!! হয়তো বহু সময় আমি নদীৰ পাৰত বহি একেলেগে সৌন্দয্যৰ উপভোগ কৰিলোহেতেঁন...কথাটো ভাৱিয়েই মনটো ভাল লাগি গ’ল....নদীৰ পাৰে পাৰে খোজ কাঢ়িলো...কিমান ভাল লাগিল ম‍ই বুজাব নোৱাৰিম...ঠান্ডাও অলপ কমিছে...চহৰৰ লাইটবোৰ পানীত প্ৰ্তিফলিত হৈছে...সেই পোহৰে পানীৰ বগা শিলৰ লগত মোহনীয়া পৰিবেশ সৃষ্টি কৰিছে...১৫ মিনিট মান খোজ কঢ়া বাটত এটাও চিগাৰেটৰ টুকুৰা বা চকলেটৰ বাকলি দেখা নাপালো... এয়াও এটা উন্নত আৰু উন্নয়নশীল দেশৰ পাৰ্থক্য নেকি???
যাত্ৰা পথত আজি জীৱনত প্ৰথমবাৰৰ বাবে GAY COUPLE দেখিলো...চুম্বনৰত অৱস্থাত দেখিহে গম পালো তেওঁলোক যেন তেনেকুৱা...তেওঁলোক বাছ আস্থান এটা ৰৈ আছিল...ম‍ইও বাছত উঠিম বুলি ভাবিছিলো যদিও তাত নুঠিলো...কিবা ভাল নালাগিল...The King,s Speech ৰ বেনাৰ দেখি দুবাৰ লেপটপত চোৱাৰ পিছতো হলৰ ডাঙৰ পৰ্দাত চোৱাৰ আশাৰে আগুৱাই গলো...পিছে জাৰ্মান ভাষাত চলি থকা বাবে গুচি আহিলো...
চকুৰ আগত ভাহি থাকিল নৈ পাৰৰ এটা সুন্দৰ সন্ধিয়াৰ এমোকোৰা মন ভাল লগা স্মৃতি...আকৌ যোৱাৰ আশা পুহি ৰুম পালোহি...


No comments:

Post a Comment