Saturday, June 4, 2011

জন্মদিন (অনুভৱ)

“মা, মোৰ জন্ম হওঁতে তুমি ক’ত আছিলা?;
চিকিত্‍সালয়ত সোণটো!;
ঘূৰি আহি মোক দেখি আচৰিত হৈছিলা নহয় !!!”
-জন্মদিনকলৈ আৰু কত যে কি ! মাক-দেউতাকে সন্তানৰ, ককাক-আইতাকে নাতি-নাতিনীয়েকৰ, মামাক-মাহীয়েকে ভাগিনীয়েকৰ মুখ দেখাৰ হাবিয়াস কৰে | অতি দৰিদ্ৰ‍ই হওঁক বা কোটিপটিয়েই হওঁক সকলোৰে আনন্দ একেই !

নিজৰ জন্মদিনৰ আনন্দ দুই-তিনি বছৰ মানৰ পৰাহে আহে | “মামা, মোক জন্মদিনত এইবাৰ কি দিবা?”, “দেউতা, এইবাৰ জন্মদিনত মোক চাইকেল এখন লাগিব”- এইবোৰ মৰমৰ দাবী, অজুহাত জন্মদিন | বাৰ মাহত তেৰটা উত্‍সৱৰ লগতে এই জন্মদিন, বিবাহ-বাৰ্ষিকী, মৃত্যু-বাৰ্ষিকী আদি আছেই | আকৌ মাডাৰ্ছ-ডে, ফাডাৰ্ছ-ডে, ভেলেন্টাইনচ্‍-ডে আদিবোৰে ভুত ওপৰত দানব পৰাদি পৰেহি | সাতে সোতৰ‍ই মিলি প্ৰতিদিনে একো-একোটা ডে !

বাৰ্থ-ডে চেলিব্ৰেচনটো আজিকালি এটা ফেচন হৈছে | “অমুকৰ পুতেকৰ বাৰ্থ-ডেত চিকেন-পোলাও খুৱাইছে, আমাৰ ম‍ইনাৰ বাৰ্থ-ডেত কি খুৱাবা?”... বয়সৰ হিচাপত মমবাতি জ্বলাই “কেক” কটাতো জন্মদিনৰ এটা এৰাব নোৱাৰা অংগ ! এবাৰ ব্যক্তিগত খণ্ডৰ নিউজ চেনেল এটাত কোনোবা চেলিব্ৰেটিৰ জীয়েকৰ বাৰ্থ-ডে ফাংচনৰ “লাইভ” টেলিকাষ্ট দেখা পাই চকু কপালত উঠিল | এওঁলোকৰ বেলেগ খবৰ নাই নেকি বাৰু ! তাত উপস্থিত থকা মানুহক সাংবাদিকজনে বাৰ্থ-ডে কেক কটাৰ তাত্‍পৰ্য্য সুধিলে | “সকলোৱে কাটে কাৰণে আমাৰো কেক কটা হয়”– এজনী ভদ্ৰ মহিলাৰ উত্তৰ !

হোষ্টেলত ল’ৰাবোৰে জন্মদিন পাতে | ঠিক ৰাতি বাৰ বজাত চিঞৰ-বাখৰ, পুহমহীয়া ঠাণ্ডাতো গাত পানী ঢালি দিয়া, পিছফালৰ পৰা তপিনাত লঠিওৱা আদি জন্মদিন উত্‍যাপনৰ ভিতৰত পৰে | এবাৰ মোৰ বন্ধু এজন পিছদিনা বিষত উঠিব পৰা নাছিল | জীৱনৰ এটা নতুন বছৰৰ আৰম্ভনিতে যদি বিচনাত পৰি থাকে, তেন্তে বছৰটোলৈ তাৰ কি অৱস্থা হব !

ময়ো জন্ম হৈছিলোঁ এখন গাঁৱত, সেইসূত্ৰে আমাৰো এটা জন্মদিন আছে | জীৱনত “কেক” শব্দটো শুনাৰ বেছি বছৰ হোৱা নাই, সেইবুলি জন্মদিন নপতাকৈ আছোঁনে ! দুখীয়া হ’লেও মা-দেউতাৰ মুখত মোৰ প্ৰথম মুখখন দেখি ছাগে কিমান পোহৰ হৈছিল, ম‍ই আজি ক’ব নোৱাৰোঁ, তাকো ৰাস পূৰ্ণিমাৰ সন্ধিয়া সাতমান বজাত মোৰ জন্ম | মনত থকা দিনৰ পৰা দেখিছোঁ- জন্মদিনৰ দিনা মায়ে গোঁসাইঘৰত নৈবদ্য আগবঢ়ায়, আবেলি ওচৰ-চুবুৰীয়াক মাতি আনি মাহ-প্ৰসাদ আৰু পিছত ঘৰতে কৰা নাৰিকলৰ লাড়ু, পেৰা, লুছি আদিৰে চাহ খুৱায় | ওচৰ-চুবুৰীয়ায়ো মোলৈ ৰঙীণ কাগজৰে মেৰিয়াই উপহাৰ নানে, বহুত আশীৰ্বাদ আৰু কপালত মৰমসনা চুমা এটাৰে হৃদয় ভৰাই দিয়ে | হাতত অলপ সৰহকৈ প‍ইছা থাকিলে দেউতাই আয়তীৰ নাম বা পূজা এভাগ কৰে | এতিয়াও ঘৰৰ পৰা বহু দূৰত/নিলগত থাকিলেও সেইখিনি কাম কৰিবলৈ এৰা নাই |

ইণ্টাৰনেটৰ যুগ আহিল | মুখে মুখে ক’ব পৰা কথাখিনি, কোনোবাই লিখি থোৱা ৰং-বিৰঙৰ কাগজখনৰ জৰিয়তে দিলেহে মনটো শাঁত পৰে ! কেইবছৰমান আগতে অৰকুটৰ “স্ক্রেপ” দি শুভেচ্ছাবাণী পঠোৱা হৈছিল | ফেচবুকৰ জনপ্ৰিয়তাই অৰকুটক আঁতৰালে | ফেচবুকৰ ৱালত শুভেচ্ছাবাণী লিখিহে হৃদয় পুৰাব পাৰি | এটা কথা পিছে ফেচবুকে কোন কেতিয়া জন্ম হৈছিল ভালকৈয়ে মনত ৰাখে !

কেইদিনমানৰ পৰা ফেচবুকিং পাৰ্ট-টাইম কৰোঁ বুলি লেপটপটো কৰ্মস্থলীলৈ নিনিয়া হ’লোঁ, নহ’লে দিনৰ দিনটো সেইটো আগত লৈ কোনে কিমান ফ’ট’ উঠালে, কাৰ আজি মনটো ভাল লাগি থকা নাই, কোন ক’লৈ ফুৰিবলৈ গৈছে, কোনে কাক ‘লাইক’ কৰিলে, কোনে কি মতামত দিলে, কাৰ কি ভিডিঅ’ ভাল লাগিছে সেইবোৰ চাই থাকোঁতেই দিনটো গুছি যায় | তাৰ পিছত আকৌ ৰুমত ৰাতি এপৰলৈ ফেচবুকিং ! নোৱাৰি আৰু | ইফালে সান্দহ খোৱা বালি তল যাওঁ যাওঁ! একপ্ৰকাৰ নিচাই হৈ গৈছে | সেয়েহে কেইদিনমানৰ পৰা মাজে মাজে গৱেষণাগাৰৰ কম্পিউটাৰটোতে ফেচবুকৰ একাউন্টটো খুলি চাওঁ | প্ৰথমে কোনোবাই বন্ধুত্বৰ হাত আগবঢ়াইছে নেকি, যদি বঢ়াইছে তেখেতেৰ প্ৰফাইল দৰ্শন; তাৰপিছত কোনোৱাই বাৰ্তা পঠিয়াইছে নেকি, যদি পঠিয়াইছে তেন্তে উত্তৰ | তৃতীয়তে কিবা দৰকাৰী জাননি আছে নেকি | শেষত “অসমীয়াত কথা-বতৰা” আৰু “সাহিত্য” গ্ৰুপত কোনোবাই পোষ্ট কৰিছে নেকি চাই লৰালৰিকৈ “লগ আউট” কৰি দিওঁ | সেই বাৰ্থ-ডেৰ জাননীবিলাক চাবলৈ নহয় !

“আজি তুমি লেপটপ অনা নাই নেকি ?”- মোৰ ওচৰতে বহা ইণ্ডোনেছিয়াৰ হিট্ৰিয়ে মোক শুধিলে |
“নাই, তুমিতো দেখিছাই ম‍ই এইকেইদিন অনা নাই !”- মোৰ চিধাচিধি উত্তৰ |
অলপ সময় পিছত ম‍ই বাহিৰলৈ যাওতে কম্পিউটাৰ লেবৰেটৰীত ফেচবুক খুলি চালোঁ | তাত থকা কম্পিউটাৰ কেইটাত আকৌ অসমীয়া আখৰ দেখা পায় | ঘূৰি আহি লেবত সোমাইছোহে মাত্ৰ,
“তুমি ফেচবুক খুলিছিলা ?”-হিট্ৰিৰ প্ৰশ্ন !
“অ’, কিয়বা সুধিলা ?”
“নাই, ম‍ই আকৌ তোমাৰ পাচৱৰ্ড কোনোবাই “হেক” কৰা বুলি ভাবিছিলোঁ |”-তাই ক’লে | ম‍ই একো নকলোঁ | অলপ সময় পাছত বেলেগ লেবৰ ল’ৰা এজনে হিট্ৰিক আহি জন্মদিনৰ শুভেচ্ছা দিলে ! হে মোৰ গোঁসাই, ম‍ই ক’ত মৰোঁ ! মোৰ বৰ বেয়া লাগিল, বেচেৰী ছোৱালীজনী সদায় একেলগে থকা মোৰ পৰা শুভেচ্ছাবাণী আশা কৰিছিল ছাগে | ছেঃ, বৰ বেয়া হ’ল কথাটো | “চ’ৰি” বুলি কৈ শেহতীয়াকৈ হ’লেও মোৰ শুভেচ্ছা দিলোঁ | তাই দিনৰ দিনটো "ফেচবুকৰ চোতালত বহি" আছিল, ম‍ই পাঁচ মিনিটৰ বাবে অনলাইন অহাও তাই লক্ষ্য কৰিছিল | পিছত এবাৰ মোক ক’লে- “অ’হ চৈতন্য, ৱালত বহুত মেচেজ আহিছে, ম‍ই সকলোকে কেনেকৈ ৰিপ্লাই দিওঁ!” মনতে হাঁহি উঠিল | অলপ পিছত ম‍ইও কম্পিউটাৰ ৰুমলৈ গৈ তাইৰ ৱালত শুভেচ্ছাবাণী লিখিলোঁ, লগতে পলমকৈ শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে বেয়া নাপাবলৈ বাৰ্তা এটাও পঠিয়ালোঁ !!!

No comments:

Post a Comment