Wednesday, December 30, 2015



বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা আৰু প্ৰসাৰ  (১)
এটা সাধুকথা শুণিছিলোঁ - এসময়ত দুখন বৃহত্… ৰাজ্য আছিল...ৰাজ্য দুখনৰ মাজেৰে বৈ যোৱা নদীটোৰ ওপৰত এখন দলং আছিল | দুয়োখন ৰাজ্যৰ প্ৰজাবিলাকে বৰ মিলাপ্ৰীতিৰে বাস কৰিছিল |  আৰু সিঁহতৰ মাজত ভাৱৰ আদান্-প্ৰদান হৈছিল এখন ৰাজ্যৰ মানুহবিলাক কল্পনাপ্ৰয়াসী আৰু তেওঁলোকৰ সাহিত্য-সংস্কৃতিত ৰাপ আছিল, আনহাতে আনখন ৰাজ্যৰ প্ৰজাবিলাক কৰ্মপটু আছিল  কালক্ৰমত প্ৰাকৃতিক দুৰ্যোগৰ ফলত দলঙখন ভাঙি থাকিল তেওঁলোকৰ মাজত সংযোগ বিচিন্ন হল আৰু লাহে লাহে নদীখন বহল হৈ গল...
     সময় অতিবাহিত হল... কল্পনাৰ আধাৰত মুখে মুখে চলি অহা কথাবোৰে ৰূপ ললে মহাকাব্যৰ... যত অলৌকিক ক্ষমতাৰে মানুহে আকাশেৰে উৰি যাব পাৰে... ধনুৰ পৰা ওলোৱা এডাল তীৰে আনিব পাৰে পানী, কৰিব পাৰে বিষ্ফোৰণ... দ্ৰোনৰ পৰা জন্ম হব পাৰে মানুহৰ... ঘিউ কলহত থোৱা মাংসপিণ্ডৰ পৰা জন্ম হব পাৰে এশজন পুত্ৰ...ইয়ে…ই আমাৰ ভাৰতবৰ্ষ ! আচৰিত লাগিলেও সঁচা যে সে…ই কথাবোৰ ভাৰতবৰ্ষৰ নব্বৈ শতাংশৰ বেছি মানুহে এতিয়াও বিশ্বাস কৰে... আৰু... সে…ই কৰ্মপটু মানুহবোৰে ওপৰোক্ত ধাৰণাবোৰকে লৈ উৰাজাহাজ আৱিস্কাৰ কৰিলে, মিছাইল তৈয়াৰ কৰিলে... ক্লনিঙ কৰি জীৱ সৃষ্টি কৰিবলৈ সক্ষম হ …এ…ইকে…ইটা মাত্ৰ কে…ইটামান উদাহৰণহে ! কথাবোৰ চালি-জাৰি চালে দেখা যায় ধাৰণাবোৰ একে…ই আছিল কিন্তু কাৰ্য ক্ষেত্ৰত কোনে ৰূপায়ণ কৰিলে সে…ইটোহে গুৰূত্বপূৰ্ণ হ
     আজি একবিংশ শতিকাতো মানুহৰ ধাৰণাবোৰ সলনি নোহোৱাটো চৰম দুৰ্ভাগ্যজনক অলপতে এটা নতুন ধাৰণাৰে বহুলভাৱে প্ৰচাৰিত “ওম্” শব্দটিৰ তাত্…পৰ্য ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছিলোঁ শৃংখলাবদ্ধ পৰীক্ষামুলক অধ্যয়নে…ই বিজ্ঞানৰ মুলভেটি যিহেতু ওম্ শব্দটি উচ্চাৰণৰ ক্ষেত্ৰত বাকী শব্দতকৈ বেলেগ এটা অনুভুতি বা কম্পণৰ সৃষ্টি হয়, সেয়েহে আমি সম্ভাৱনীয় বাখ্যা দিবলৈ চেষ্টা কৰিছিলোঁ যিটো পদাৰ্থ বিজ্ঞানৰ কম্পনাংকৰ লগত জড়িত সে…ই কথাটোকে আমাৰ দেশৰ নামজ্বলা শিক্ষানুস্থানৰ প্ৰৱক্তা এজনে মানিবলৈ টান পালে “প্ৰমান আছে নেকি?”…  পশ্চিমীয়া দেশৰ মানুহে প্ৰমান কৰি দিবলৈ বাট চোৱাৰ যুক্তিযুক্ততা বিচাৰি নাপালোঁ এ…ই কথাবোৰ লিখাৰ প্ৰয়োজনীযতা তলৰ কথাখিনি পঢ়িলে বুজি পাব বুলি আশা কৰিলোঁ
     বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা আৰু প্ৰসাৰ ক্ষেত্ৰত চৰকাৰৰ বহু আচঁনি আছে তেনেবিলাকৰ ভিতৰত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ অন্যতম সৌভাগ্যক্ৰমে এ…ইবেলি মোলৈ অহা আমনন্ত্ৰী পত্ৰ অনুসাৰে হবলগীয়া শিশু বিজ্ঞান সমাৰোহৰ কৰ্মশালা এখনত উপস্থিত হলো আগতে বিভিন্ন কৰ্মশালাত উপস্থিত আছিলো যদিও এ…ইখন মোৰ ভাৱে তাত্…পৰ্য পূৰ্ন আছিল কাৰণ ইয়াত বিষয়বস্তু ৰসায়ন বিজ্ঞানতে সীমাবদ্ধ নাথাকি দৈনন্দিন সন্মুখীন হোৱা সমস্যাৰ ওপৰত আলোচনা কৰা হ এ…ইবাৰ সমাৰোহৰ বিষয়বস্তু হল শক্তিৰ পুনৰব্যৱহাৰ, অপচয় ৰোধ, উত্…পাদন আদি যিহেতু প্ৰায়বোৰ অনবীকৰণযুক্ত শক্তি আমি ব্যৱহাৰ কৰি আছো আৰু অতি সোনকালেএ…ই শক্তিৰ উত্…স নোহোৱা হৈ যাব, সেয়েহে এটা বিকল্প ভৱাৰ সময় আহি পৰিছে এ…ই ক্ষেত্ৰত বহু প্ৰকল্প চলি আছে যিমানে…ই প্ৰকল্প নাথাকওক কিয় সাধাৰণ মানুহবোৰ সজাগ নহলে ই ফলপ্ৰসু কেতিয়াও হব নোৱাৰে সে…ই উদ্দেশ্য আগত ৰাখিয়ে…ই  ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমিতিয়ে বছৰেকত এবাৰ স্কুলীয়া লৰা ছোৱালীৰ মাজত এখন “প্ৰকল্প প্ৰতিযোগিতা” পাতি আহিছে আমাক দুদিনীয়া কৰ্মশালালৈ আমন্ত্ৰণ কৰাৰ মুলতে আমাক প্ৰকল্পৰ ওপৰত সাম্যক ধাৰণা দি সে…ইখিনি নিজৰ নিজৰ জিলাৰ স্কুল-শিক্ষকৰ আগত ব্যক্ত কৰাৰ প্ৰশিক্ষন দিয়া প্ৰতিজন সমল ব্যক্তিৰ ভাষণতে “আপোনালোকে এনেকুৱা প্ৰকল্প কৰিব পাৰে” “যোৱাবছৰ এনেকুৱা প্ৰকল্প আহিছিল” ইত্যাদি কবলৈ লাগিল শেষত-“অহাকালি আপোনালোকে আলোচনা কৰা বিষয়ৰ ওপৰত এটাকৈ প্ৰকল্প লিখি আনিব (!)” বুলি কোৱা কথাষাৰে আমাৰ মনত এটা প্ৰশ্নই খুন্দা মাৰিলেহি – “কোনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ? আমি নে শিক্ষকে নে ছাত্ৰ-ছাত্ৰীয়ে ?”       
                                                     ক্ৰমশঃ
           

No comments:

Post a Comment