Tuesday, August 16, 2011

চিনাকি- অচিনাকি (২)

: অখিল, ইমান মগ্ন হৈ কাৰ লগত কথা পাতি আছা  ?
: না, কোনোবা অচিনাকি ছোৱালী !
: ইস্… , তুমি কলেই মই বিশ্বাস কৰিম ! ময়ো জানো মানুহে কাৰ লগত কেনেকৈ কথা পাতে তুমি ইমান মগ্ন হৈ অচিনাকি ছোৱালী এজনীৰ লগত তেনেকৈ কথা পতা বুলি কলই মই মানি লমনে !
: তুমি একো নাজানা তুমিলা টাইৱানৰ, তুমি কেনেকৈ জানিবা ভাৰতীয় মানুহৰ ধ্যান-ধাৰণা
: আজি কেইমাহমানৰ পৰা মই তোমাক দেখি  আছোঁ, অতি ওচৰৰ পৰা পাইছোঁ, বহুত কথা পাতিছোঁ, তোমাৰ পৰাই মই ধাৰণা কৰি ল’ব পাৰিছোঁ
: অ, তেন্তে তোমাৰ ভুল হ, ভাৰততো বাদেই দিয়া অসমখনেই বৈচিত্ৰপূৰ্ণ, বিভিন্ন জাতি-জনজাতি, কলা-সংস্কৃতি, ভাষাৰ সংমিশ্ৰণ প্ৰতিটো ধানতেই কণটো থকাৰ নিচিনাকৈ প্ৰত্যেক মানুহে…ই বিভিন্ন ধৰণে আগবঢ়া, তথাপিও কিন্তু অসমখনৰ লগতে ভাৰতবৰ্ষ এক হৈ আছে, সেয়ে ভাৰতক সকলোতকৈ বেলেগকৈ ৰখা হৈছে আৰু এটা কথা আমাৰ আলহী আপ্যায়নৰ ব্যৱস্থা এবাৰ দেখা পালে জীৱনত পাহৰিব নোৱাৰিবা আমাৰ বাবে আলাহী সাক্ষ্যাৎ ভগৱান
: এবাৰ যাব পাৰিলে পিচে জীৱন ধন্য হব, আমি তাজমহল চাবলৈ যাম বুলি ভাবি আছোঁ
: আমি মানে- বয়ফ্রেণ্ডৰ লগত ? তোমালোকৰ প্ৰেমক চিৰযুগমীয়া কৰিবলৈ ? অতি ভাল কথা তেন্তে অসমলৈ যাবলৈয়ো নাপাহৰিবা, লগতে এচিয়াৰ চুইজাৰলেণ্ড – শ্বিলং, টাৱাঙ আৰু দাৰ্জিলিংও চাই আহিবা এতিয়া আচল কথাটো হ’ল – মোৰ কলেজীয়া বান্ধবী এজনীলৈ ফোন কৰোঁতে ক্ৰচ কানেক্টচন হৈ বেলেগ ছোৱালীৰ ফোনত লাগিলগৈ আৰু তেওঁ ফোনৰ সংযোগ বিচ্ছিন্ন নকৰি দুষাৰ কথা পাতিলে, তুমি হলে গালি পাৰি থৈ দিলাহেঁতেন, ... সেয়েই অসমীয়া ছোৱালী !!! যাৰ প্ৰ্তিটো খোজত থাকে গাম্ভীৰ্যতা, সুৰত থাকে লহৰ, মাতত থাকে মৌ, চাৱনিত থাকে লাজ তোমালোকৰ দৰে ইমান চুটি-চুটি কাপোৰ নিপিন্ধে তেওঁৰ লগতেই অলপ কথা পাতিলোঁ
: ক্ৰচকানেক্টচন ? তাতে ছোৱালী ! তুমি বেছ ভাগ্যবান দেই
: ভাগ্যবান মানে – আজিলৈকে শ-শ ছোৱালী লগত একেলগে পঢ়া-শুনা কৰি একো এটা কৰিব নোৱাৰিলোঁ- এতিয়া ফোনত কথা পাতি সকলো হৈ যাব বুলি ভাবিছা নেকি? সেইবিলাক বাদ দিয়া – কিয় আহিছা কোৱা ?
: অলপ ওলাই যাবা নেকি, বজাৰ কৰিব লগা আছে
: তুমি আহি কলেই মই যাম নেকি ? মই তোমাৰ বয়ফ্ৰেণ্ড নেকি ?
: হব দিয়া, এতিয়াৰ পৰা ঘূৰি অহালৈকে তুমি মোৰ বয়ফ্ৰেণ্ডলনে ?
: তুমি বৰ চালাক হলা ,বা মই কাপোৰযোৰ সলাই লওঁ

লি-চিয়েন্, গাখীৰৰ দৰে বগা ছোৱালীজনী অখিলে জইন কৰাৰ কেইদিনমান পিছতেই আহিছিল, একেটা বিভাগতে, টাইৱানৰ পৰা ভালকৈ ইংৰাজী ক’ব নোৱাৰা বাবে প্ৰথমতে কথা কমকৈ পাতিছিল এতিয়া আখৈ ফুটা দিয়ে, ভুল হলেও মন নকৰে, তাইৰ আত্মবিশ্বাস বাঢ়িল অখিলে তাইক বহুত ইংৰাজী শিকালে তেনেকৈয়ে সিহঁতৰ বন্ধুত্ব হ গোটেই আমেৰিকাতে ভাৰতীয় মানুহে ভালকৈ ইংৰাজী ক’ব পাৰে বুলি সুনাম আছে এটলিষ্ট চাইনিজ, জাপানিজ কেইটাতকৈ বহু ওপৰত ! 
মাক, ভনীয়েক, আৰু ভায়েকৰ সৈতে লি-চিয়েনৰ পৰিয়াল বাপেকে সিহঁতক এৰি যোৱা বহু বছৰ হ তেতিয়া সিহঁত সৰু আছিল ৰিণি ৰিণি মনত পৰে--- মাক দেউতাৰ সদায় কাজিয়া লগা দৃশ্যবোৰ, কাৰ ভুল সিহঁতে তেতিয়া ধৰিব পৰা নাছিল মাথো ঘৰৰ চুক এটাত বহি তিনিও নিৰব দৰ্শক হৈ আছিল এদিন কাজিয়াই চৰম সীমা চুলে আৰু দেউতাক ঘৰৰ পৰা আঁতৰি গআৰু ঘূৰি নাহিল পিছত গম পালে যে দেউতাক বেলেগ এজনী মহিলাৰ প্ৰতি আকৃষ্ট হৈছিল তাকে লৈ ঘৰত কাজিয়াৰ সুত্ৰপাত হৈছিল মাকে বহু কষ্ট কৰি সিহঁতক ডাঙৰ কৰিলে ভায়েকে যোৱাবছৰ ইঞ্জিনিয়াৰিং শেষ কৰি চাকৰিত জইন কৰিছে ভনীয়েকে স্কুল এখনত কাম কৰে তায়ো কলেজ এখনত অনিয়মীয়া প্ৰবক্তা হিচাবে কাম কৰিছিল   সুবিধা পাই আমেৰিকালৈ গুছি আহিল
দেউতাকৰ কথা সুধিলে তাই মনে মনে থাকে, মনটো যেন সেমেকি উঠে অখিলে তাইৰ মনৰ ভাৱ বুজি পায় সি কি কৰিব ! সি দেউতাকৰ কথা সুধি যেন ভুল কৰে মাজে মাজে তাই নিজেই দেউতাকৰ কথা উলিয়ায় মাক নে দেউতাকৰ ভুল তাই ক’ব নোৱাৰে উচুপি উঠে তাই ! সিহঁতে যে দেউতাকৰ মৰম একেবাৰে নাপালে সান্ত্বনা দিবলৈ অখিলে ভাষা বিছাৰি নাপায় তাই আচৰিত হয়-নিজৰ সন্তানক মানুহে কেনেকৈ পাহৰিব পাৰে সঁচাকৈয়ে মানুহ বৰ বিচিত্ৰ জীৱ !
কলেজত পঢ়ি থাকোঁতে তাই লগ পালে পেঙ-লিক পেঙে তাইৰ পাছ নেৰিছিল, কিন্তু প্রথমে তাই সদায় আঁতৰি ফুৰিছিল কিন্তু শেষৰ ফালে তাই তাক ভাল পাবলৈ ধৰিলে মনৰ কথাবোৰ ক’বলৈ যেন মানুহ এজন বিছাৰি পালে ! যদিও মাকে বহু কষ্ট কৰি সিহঁতক পঢ়ুৱাইছিল, সকলোবোৰ দায়িত্ব লৈছিল তথাপিয়ো মাকৰ লগত সিহঁতে  কোনো দিনে মুক্তমনেৰে কথা পাতিব পৰা নাছিল কাৰণ মাকৰ মুখখন সদায় আন্ধাৰ হৈ আছিল, যেন ভিতৰত বহুত দুখ সোমাই আছিল কম বয়সতে সকলো বোজা মূৰ পাতি লব লগা হোৱা কাৰণে তেওঁৰ স্বাস্থ্যত বয়সৰ ছাপ সোনকালে পৰিল
পাছলৈ পেঙক তাই হিয়া উজাৰি ভাল পোৱা হ আমেৰিকালৈ অহাৰ আগতে আঙঠি পিন্ধোৱা কামটো কৰি আহিছে সিহঁতৰ মাক-দেউতাকৰ বিবাহো প্ৰেমৰ পৰিণতি আছিল কিন্তু কলৈ গল সেই প্ৰেম, সংসাৰৰ সমস্যাই প্ৰেমৰ অন্তৰায় নেকি তাই অখিলক সৰু ছোৱালীৰ দৰে প্ৰশ্ন কৰে “আৰে ভাই- প্ৰেম কৰিছ তই আৰু প্ৰশ্ন সুধিছ মোক, যি জীৱনত এবাৰো প্ৰেমত পৰি পোৱা নাই”- বুলি অখিলে হাঁহি মাৰি কয় লেও সি তাইক আভ্যন্তৰীণ ভাবে শক্তিশালী হ’বলৈ প্ৰেৰণা যোগায় ইমান পঢ়া-শুনা কৰিও কৰবাত কিবা এটা শংকা থাকি যায় কাৰণ তাই যে ছোৱালী বাৰে বাৰে তাই অখিলক সোধে – পেঙে এৰি গলে তাই অকলে থাকিব পাৰিবনে, পাৰিবনে সিমান দুখৰ বোজা বহন কৰিবলৈ ? বাৰে বাৰে তাই মাকৰ মুখখনলৈ মনত পেলায়
সিহঁতৰ জীৱনশৈলী অসম বা ভাৰতৰ তুলনাতকৈ বহু বেলেগ সিহঁত সকলো ফালৰ পৰা মুক্ত ভাৰতত থকাৰ দৰে তাত লিংগ-বৈষম্য নাই তথাপিও তাইৰ এটাই ভয়, যদি কেনেবাকৈ পেঙে তাইৰ অন্তৰ ভাঙি আন কাৰোবাৰ লগত গুচি যায় ! প্ৰেম সদায় প্ৰেমেই, পৃথিৱীৰ য’তেই নাথাকক কিয় !! কিন্তু মাজে-সময়ে ই শংশয়ৰো কাৰণ হৈ পৰে !!!

Monday, August 8, 2011

হিটলাৰৰ দেশৰ পৰা


(৩)শিক্ষা ব্যৱস্থা :

 শিক্ষাই দেশ এখনৰ উন্নতিৰ মূল | শিশু এটাক সৰুৰে পৰা দিয়া শিক্ষাই তাৰ জীৱ্ন-ধাৰণৰ প্ৰকাৰ নিৰ্ধাৰণ কৰে | সৰুতে কাষলতিৰ তলত ঢাৰি এখন লৈ বাইদেউহঁতৰ পিছে পিছে যোৱাৰ দিনটোৰ পৰা মোৰ অনুস্থানিক শিক্ষা আৰম্ভ হৈছিল | তাৰ আগতেই অনানুস্থানিক শিক্ষা ঘৰতেই আৰম্ভ হয় | আমাৰ দিনত পাঁচ বা ছয় বছৰ বয়সত স্কুললৈ যোৱা হৈছিল | প্ৰথম শ্ৰেণীৰ পৰাই আমাৰ শিক্ষা আৰম্ভ হৈছিল, তাৰ আগতে ঘৰত মা-দেউতাহঁতে হাতত ধৰি ধৰি অ, আ, ক, খ শিকোৱা মনত নপৰে | তথাপিও, কাক কি বুলিব লাগে, ওচৰত পোৱা বস্তুবোৰৰ নাম জনা হৈছিলোঁ, এয়া ব্যৱহাৰিক জ্ঞান আছিল | আজি দৰে অংগনবাদী, তল-ক, ওপৰ-ক আদি নাছিল | আজিৰ দিনত মুখৰ মাত ওলাল কি নাই, আৰম্ভ হ’ল এ, বি, চি, ডি ৰ শিক্ষা !!! ৰং বিৰঙৰ কিতাপ কিনি আনি তাত আঁকি থোৱা ফল-মূল, চৰাই-চিৰিকতি, জন্তু-জানোৱাৰৰ নাম মনত ৰাখিবলৈ শিকোৱা হয় | সেইবিলাক যে বাস্তবতো থাকিব পাৰে শিশুহঁতে কল্পনাই কৰিব নোৱাৰে | যোৱাবছৰ “ইণ্ডিয়া গ’ট টেলেণ্ট” নামৰ অনুস্থানটোত এটি আঢ়ৈ বছৰীয়া শিশুৱে সলসলীয়াকৈ হনুমান চালিচা মাতিছিল, এইটো আচৰ্যজনক, সিতো নাজানে হনুমান চালিচা কি ? অলপতে এজনী তিনিবছৰীয়া ছোৱালীয়ে পৃথিৱীৰ সকলো দেশৰে ৰাজধানীৰ নাম সলসলীয়াকৈ কোৱা দেখি আচৰিত নহৈ নোৱাৰিলোঁ | শিশুৰ মগজু বহুত তীক্ষ্ণ, সিহতক যেনেকৈ গঢ় বা শিক্ষা দিয়া হয়, তেনেকৈয়ে গঢ় লয় | এইখিনিতে মাক-দেউতাকে তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে বাকীবোৰৰ তুলনাত কিমান শিকিলে তাৰ প্ৰতিযোগিতাত নানামি, কিছুমান ব্যৱহাৰিক জ্ঞান দি শিশুৰ মানসিক বিকাশ ঘটোৱাটো প্ৰয়োজনী | প্ৰথম বিশ্বৰ দেশত যোৱা এবছৰৰ পৰা থকা হেতুকে ইয়াৰ সকলোবোৰ নিয়ম কানুন নিৰীক্ষ কৰিবলৈ চেষ্টা কৰি আছোঁ | যদি কিছুমান ভাল পদ্ধতি বিচাৰি পাওঁ সেইখিনি ব্যৱহাৰ কৰিলে আমাৰ নিশ্চয় ভালেই হব | সেইবুলি প্ৰথম বিশ্বৰ দেশ হ’ল বুলি বেয়া দিশ নাই বুলি কব নোৱাৰি | কিন্তু আনৰ বেয়াখিনি আঁতৰাই ভালখিনি আয়ত্ব কৰিব পৰাটোহে যুগুত |
 অহা-যোৱা কৰোঁতে মেট্ৰ’ ৰেলত প্ৰায়ে কণ কণ ল’ৰা-ছোৱালীৰ জাক দেখা পাওঁ, বয়স ৫-৮ বছৰ মান হব | ১০-১২জনীয়া দল এটাত তিনি-ছাৰি জন/জনী ডাঙৰ মানুহ থাকে, তেওঁলোক একপ্ৰকাৰৰ শিক্ষক, সাধাৰণতে এনেকুৱা পদত তিৰোতামানুহ থকা দেখা যায় | ক্লৈ যায় কি কৰে একো ধৰিব পৰা নাছিলোঁ, সুধিবলৈয়ো তেওঁলোকে ইংৰাজী ভালকৈ ক’ব নোৱাৰে ল্ৰা-ছোৱালীবোৰৰ পিঠিত একোটা বেগ, তাৰ ভিতৰত আমাৰবোৰৰ দৰে কিতাপৰ বোজা নাথাকে, থাকে খেলাৰ সামগ্ৰী, চকলেট্, টিফিনত খাদ্যবস্তু... ডিঙিত একোখন নামফলক ওলোমাই থোৱা হয় যাতে হেৰালে বিছাৰি পায় মানুহ এজনক সুধি গম পালোঁ যে সিহঁতক বাহিৰলৈ খেলিবলৈ লৈ যোৱা হয়
জাৰ্মানীৰ শিক্ষা ব্যৱস্থা অলপ আমাতকৈ বেলেগ ছয় বছৰ বয়সলৈ ইয়াত তেনেকুৱাকৈ কিতাপ পঢ়িবলৈ দিয়া নহয় তিনি বছৰ বয়সলৈ মা-দেউতাকৰ তত্বাৱধানত ৰাখিবলৈ চায়, চাকৰি কৰিলে অলপ বেলেগ হয়, তথাপিও যিমান পাৰি সিমান নিজৰ সন্তানক সময় দিবলৈ চেষ্টা কৰে “প্ৰথমবাৰৰ বাবে নিজৰ সন্তানে মা বা দেউতা বুলি কোৱা কথাষাৰ শুনিবলৈ পোৱাটো বৰ ভাগ্যৰ কথা"- মানুহ এজনে কৈছিল তিনিবছৰ হোৱাৰ পিছত সিহঁতক আমাৰ অংগনবাদীৰ নিচিনা স্কুলত ভৰ্তি কৰাই দিয়ে তাত পাঁচ-ছ্য় বছৰ বয়্সলৈ খেল-ধেমালিৰ জৰিয়তে ব্যৱ্হাৰিক জ্ঞান দিয়া হয়, কিতাপৰ শিক্ষা নহয়, সিহঁতক ফুৰাবলৈ নিয়ে, নগৰৰলৈ লৈ গৈ কেনেকৈ খোজকাঢ়িব লাগে, কেনেকৈ বস্তু কিনিব লাগে, দোকানৰ কোনটো বস্তু কি, এই আটাইবোৰ সংগ্ৰহালয়লৈ লৈ গৈ বুৰঞ্জীৰ পাঠ দিয়ে তাৰ পিছত আহিল পাঠ্যক্ৰমৰ শিক্ষা ইয়াত সকলোৱে আমাৰ নিচিনাকৈ চাৰি বছৰ প্ৰাইমাৰী স্কুলত শিক্ষা গ্ৰহণ কৰে তাৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত নিৰ্ধাৰণ হয় চাৰি বছৰ শেষ হোৱাৰ পিছত হাইস্কুলত নাম লগায় তিনি ধৰণৰ হাইস্কুল আছে এনেধৰণে ভগোৱা হয় High School, Medium School, আৰু Basic School  | প্ৰাইমাৰী স্কুলৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰি কোন কত পঢ়িব নিৰ্ধাৰণ কৰে তাৰ পৰাই সিহঁতে ভৱিষ্যতে কি চাকৰি কৰিব গম পোৱা যায় এতিয়া আহোঁ হাইস্কুলৰ ছাত্ৰ–ছাত্ৰীৰ বিষয়লৈ, ইহঁতে ন বছৰ হাইস্কুলত পঢ়িব লাগে, 2011 চনৰ পৰা এই পাঠ্যক্ৰম আঠবছৰীয়া কৰা হ্ হাইস্কুল শেষ হোৱাৰ পিছত স্নাতক ডিগ্ৰীৰ বাবে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে, এই পাঠ্যক্ৰম চাৰিবছৰীয়া আৰু যদি চাৰিবছৰৰ পিছত কোনো ছাত্ৰ বা ছাত্ৰীয়ে অন্য এবছৰ পঢ়ে তেন্তে সিহঁতক স্নাতকোত্তৰ ডিগ্ৰী দিয়া হয় এতিয়া আহোঁ মেডিয়াম স্কুলত পঢ়াসকলৰ কথালৈ সিহঁতে প্ৰাইমাৰী স্কুলৰ পিচত ছ্য়বছৰ পঢ়ে, সাধাৰণতে সিহঁতক বিশ্ববিদ্যালয়্ত ছিট দিয়া নহয় হাইস্কুল শেষ হোৱাৰ পিচত সিহঁতে মধ্যবিত্ত ধৰণৰ চাকৰি পায় যেনে একাউন্টটেন্ট, অফিচৰ ক্লাৰ্ক আদি চাৰি-পাঁচ বছৰ চাকৰি কৰাৰ পিচত যদি তেওঁলোকে পঢ়িবলৈ ইচ্ছা কৰে তেন্তে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব পাৰে সেয়ে নিদিষ্ট বিষয়ক হ’ব লাগিব, যেনে এজন একাউণ্টটেন্ট হলে অৰ্থনীতি বিজ্ঞান পঢ়িব পাৰে Basic School ৰ ছাত্ৰ-ছাত্ৰীয়ে পাঁচবছৰ স্কুলীয়া শিক্ষা লাভ কৰে, সেই খিনি সময়তেই ব্যৱহাৰিক জ্ঞান লাভ কৰে, সাধাৰণতে এইবিলাক শেষত মেকানিক্, ড্ৰাইভাৰ, আদি জাতীয় কামত নিয়োজিত হয় প্ৰথম দুই-তিনি বছৰ কোনোবা কোম্পানীত প্ৰশিক্ষণ লয় আৰু পিছত স্থায়ী চাকৰিত যোগদান কৰে এইখিনিতে উল্লেখ কৰা ভাল যে হাইস্কুলৰ প্ৰথম দুবছৰৰ ভিতৰত কোনোবা লৰা-ছোৱালীয়ে স্কুল সলনি কৰিব পাৰে উদাহৰণ স্বৰূপে যদি কোনোবা এজন ছাত্ৰই High School ত ভাল নম্বৰ পাব নোৱাৰে তেন্তে সি Medium school বা  Basic school -লৈ যাব পাৰে, তেনেদৰে Medium School ৰ ছাত্ৰই ভাল নম্বৰ পালে High School -লৈ যাব পাৰে ।॥