বিদ্যা বাচস্পতি (৪)
গৰমৰ বন্ধত উচ্চজিতহঁতে কাহিলী পুৱাতে উঠি খেজুৰী
বুটলিবলৈ যায় । পথাৰখনৰ কেউটা দিশতে বেলেগ বেলেগ মানুহৰ
চুবুৰী আছে । পথাৰখনৰ পূৱ দিশত সিহঁতৰ ঘৰ, উত্তৰ দিশত এটা
ডাঙৰ পুখুৰী । পুখুৰীটোৰ পাৰত তিনিডাল ওখ খেজুৰী গছ । তাৰে এডাল বৰ ওখ আৰু সোৱাদপূৰ্ণ । আনএডাল
চাপৰ কিন্তু প্ৰায় বিলাক খেজুৰীয়ে…ই অকালতে বেয়া হৈ সৰি যায় আৰু বাকী থকা ডালে ফল নিদিয়ে । পুখুৰীৰ পাৰ কে…ইটা বহু ওখ, যেনি তেনি উঠিব নোৱাৰি । সিহঁত উঠা-নমা কৰোঁতে কৰোঁতে এটা ৰাস্তা হৈছে ।
কিছুমান পকা খেজুৰী পথাৰৰ পানীত পৰে । ৰাতিপুৱাই পানীখিনি
পৰিস্কাৰ হৈ থাকে কাৰণে সিহঁতে পানীৰ তলৰ পৰা বুটলিব পাৰে । পিচত
পানীখিনি ঘোলা হয়, আৰু খেজুৰীবোৰ দেখা নোপোৱা হয় ।
পুখুৰীটোৰ পাৰত অতি কম খেজুৰী সৰি থাকে । আগতে যিয়ে গৈ পায়
তাৰ ভাগ্যতহে সে…ইকে…ইটা খেজুৰী । সিহঁত খেজুৰী
বুটলিবলৈ যোৱাৰ সময়ত ঘৰৰ ভিতৰত আন্ধাৰ হৈয়ে থাকে ।
উচ্চজিতৰ লগত সিহঁতৰ বৰদেউতাকৰ সৰু ছোৱালীজনী, তাৰ ভনীয়েক, কেতিয়াবা সৰু বায়েক, ওচৰৰ চায়ামণি, হৰেশ্বৰ আদি যায় । সি অলপ হৃষ্ট-পুষ্ট কাৰণে দৌৰি গৈ আগতেই পায় আৰু পুখুৰীৰ পাৰৰ ভাল খেজুৰী
কে…ইটা তাৰ ভাগত পৰে । সি পিছে নিজে দুটা-তিনিটা ৰাখি
বাকীকে…ইটা ভগাই দিয়ে – নহলে
সিহঁত নাহিলে তাৰ অকলে আহিবলৈ ভয় লাগে । কেতিয়াবা কেতিয়াবা সিটো চুবুৰীৰ শাস্ত্ৰী ছাৰৰ
বিয়া নোহোৱাকৈ থকা পঞ্চাছোৰ্ধ
ছোৱালীজনী বগা কাপোৰ পিন্ধি দুৰৈৰ পৰা সিহঁতক চাই থাকে । সিহঁতৰ ভয় লাগে । বহুত দিন সিহঁত ভুত বুলি উলটিও আহিছে, পিছ্তহে গম পালে ।
সিহঁতৰ চুবুৰীটোৰ
পৰা পথাৰখনৰ ফালে ওলাই আহিলে এটা সৰু শিৱ-মন্দিৰ পায় । মন্দিৰটোৰ লগত বহু পৌৰাণিক কাহিনী জড়িত হৈ আছে । মন্দিৰত থকা শিৱ-লিঙ্গটো ১৮৯০ চনৰ
ভুমিকম্পত সিহঁতৰ ঘৰত থকা মন্দিৰৰ কাষত মাটি ফুটি ওলাইছিল বুলি দেউতাকহঁতে কয় আৰু শিৱ-লিঙ্গটোৰ
বৈশিষ্ট হৈছে ই ঘৰৰ ভিতৰত নাথাকে । প্ৰথমতে এখন খেৰৰ ছালিৰ তলত ৰাখিছিল কিন্তু বাৰে
বাৰে বাগৰি পৰি যায় বাবে ইয়াক মুক্ত আকাশৰ তলত ৰখাৰ ব্যৱস্থা কৰা হৈছে -“বাবা
ভোলানাথে ঘৰৰ ভিতৰত নাথাকে” । ওচৰতে ভক্তৰ বাবে নামঘৰ এটা পিছত সজা হৈছে । মন্দিৰটোৰ আশে-পাশে অলপ ওখ ঠাই আছে । তাত এডাল বৰ ডাঙৰ আৰু এডাল মধ্যমীয়া ধৰণৰ
আহঁত গছ আছিল । ডাঙৰ ডালৰ ঠাল-ঠেঙুলিয়ে বহু ঠাই ছানি ধৰিছে । পথাৰৰ হালোৱা-ৰুৱনিয়ে আহঁতৰ তলত জিৰণি লয়
।
আহঁতৰ গুটি খাবলৈ জাক-জাক হাইঠা পৰেহি ।…
No comments:
Post a Comment