Monday, August 8, 2011

হিটলাৰৰ দেশৰ পৰা


(৩)শিক্ষা ব্যৱস্থা :

 শিক্ষাই দেশ এখনৰ উন্নতিৰ মূল | শিশু এটাক সৰুৰে পৰা দিয়া শিক্ষাই তাৰ জীৱ্ন-ধাৰণৰ প্ৰকাৰ নিৰ্ধাৰণ কৰে | সৰুতে কাষলতিৰ তলত ঢাৰি এখন লৈ বাইদেউহঁতৰ পিছে পিছে যোৱাৰ দিনটোৰ পৰা মোৰ অনুস্থানিক শিক্ষা আৰম্ভ হৈছিল | তাৰ আগতেই অনানুস্থানিক শিক্ষা ঘৰতেই আৰম্ভ হয় | আমাৰ দিনত পাঁচ বা ছয় বছৰ বয়সত স্কুললৈ যোৱা হৈছিল | প্ৰথম শ্ৰেণীৰ পৰাই আমাৰ শিক্ষা আৰম্ভ হৈছিল, তাৰ আগতে ঘৰত মা-দেউতাহঁতে হাতত ধৰি ধৰি অ, আ, ক, খ শিকোৱা মনত নপৰে | তথাপিও, কাক কি বুলিব লাগে, ওচৰত পোৱা বস্তুবোৰৰ নাম জনা হৈছিলোঁ, এয়া ব্যৱহাৰিক জ্ঞান আছিল | আজি দৰে অংগনবাদী, তল-ক, ওপৰ-ক আদি নাছিল | আজিৰ দিনত মুখৰ মাত ওলাল কি নাই, আৰম্ভ হ’ল এ, বি, চি, ডি ৰ শিক্ষা !!! ৰং বিৰঙৰ কিতাপ কিনি আনি তাত আঁকি থোৱা ফল-মূল, চৰাই-চিৰিকতি, জন্তু-জানোৱাৰৰ নাম মনত ৰাখিবলৈ শিকোৱা হয় | সেইবিলাক যে বাস্তবতো থাকিব পাৰে শিশুহঁতে কল্পনাই কৰিব নোৱাৰে | যোৱাবছৰ “ইণ্ডিয়া গ’ট টেলেণ্ট” নামৰ অনুস্থানটোত এটি আঢ়ৈ বছৰীয়া শিশুৱে সলসলীয়াকৈ হনুমান চালিচা মাতিছিল, এইটো আচৰ্যজনক, সিতো নাজানে হনুমান চালিচা কি ? অলপতে এজনী তিনিবছৰীয়া ছোৱালীয়ে পৃথিৱীৰ সকলো দেশৰে ৰাজধানীৰ নাম সলসলীয়াকৈ কোৱা দেখি আচৰিত নহৈ নোৱাৰিলোঁ | শিশুৰ মগজু বহুত তীক্ষ্ণ, সিহতক যেনেকৈ গঢ় বা শিক্ষা দিয়া হয়, তেনেকৈয়ে গঢ় লয় | এইখিনিতে মাক-দেউতাকে তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে বাকীবোৰৰ তুলনাত কিমান শিকিলে তাৰ প্ৰতিযোগিতাত নানামি, কিছুমান ব্যৱহাৰিক জ্ঞান দি শিশুৰ মানসিক বিকাশ ঘটোৱাটো প্ৰয়োজনী | প্ৰথম বিশ্বৰ দেশত যোৱা এবছৰৰ পৰা থকা হেতুকে ইয়াৰ সকলোবোৰ নিয়ম কানুন নিৰীক্ষ কৰিবলৈ চেষ্টা কৰি আছোঁ | যদি কিছুমান ভাল পদ্ধতি বিচাৰি পাওঁ সেইখিনি ব্যৱহাৰ কৰিলে আমাৰ নিশ্চয় ভালেই হব | সেইবুলি প্ৰথম বিশ্বৰ দেশ হ’ল বুলি বেয়া দিশ নাই বুলি কব নোৱাৰি | কিন্তু আনৰ বেয়াখিনি আঁতৰাই ভালখিনি আয়ত্ব কৰিব পৰাটোহে যুগুত |
 অহা-যোৱা কৰোঁতে মেট্ৰ’ ৰেলত প্ৰায়ে কণ কণ ল’ৰা-ছোৱালীৰ জাক দেখা পাওঁ, বয়স ৫-৮ বছৰ মান হব | ১০-১২জনীয়া দল এটাত তিনি-ছাৰি জন/জনী ডাঙৰ মানুহ থাকে, তেওঁলোক একপ্ৰকাৰৰ শিক্ষক, সাধাৰণতে এনেকুৱা পদত তিৰোতামানুহ থকা দেখা যায় | ক্লৈ যায় কি কৰে একো ধৰিব পৰা নাছিলোঁ, সুধিবলৈয়ো তেওঁলোকে ইংৰাজী ভালকৈ ক’ব নোৱাৰে ল্ৰা-ছোৱালীবোৰৰ পিঠিত একোটা বেগ, তাৰ ভিতৰত আমাৰবোৰৰ দৰে কিতাপৰ বোজা নাথাকে, থাকে খেলাৰ সামগ্ৰী, চকলেট্, টিফিনত খাদ্যবস্তু... ডিঙিত একোখন নামফলক ওলোমাই থোৱা হয় যাতে হেৰালে বিছাৰি পায় মানুহ এজনক সুধি গম পালোঁ যে সিহঁতক বাহিৰলৈ খেলিবলৈ লৈ যোৱা হয়
জাৰ্মানীৰ শিক্ষা ব্যৱস্থা অলপ আমাতকৈ বেলেগ ছয় বছৰ বয়সলৈ ইয়াত তেনেকুৱাকৈ কিতাপ পঢ়িবলৈ দিয়া নহয় তিনি বছৰ বয়সলৈ মা-দেউতাকৰ তত্বাৱধানত ৰাখিবলৈ চায়, চাকৰি কৰিলে অলপ বেলেগ হয়, তথাপিও যিমান পাৰি সিমান নিজৰ সন্তানক সময় দিবলৈ চেষ্টা কৰে “প্ৰথমবাৰৰ বাবে নিজৰ সন্তানে মা বা দেউতা বুলি কোৱা কথাষাৰ শুনিবলৈ পোৱাটো বৰ ভাগ্যৰ কথা"- মানুহ এজনে কৈছিল তিনিবছৰ হোৱাৰ পিছত সিহঁতক আমাৰ অংগনবাদীৰ নিচিনা স্কুলত ভৰ্তি কৰাই দিয়ে তাত পাঁচ-ছ্য় বছৰ বয়্সলৈ খেল-ধেমালিৰ জৰিয়তে ব্যৱ্হাৰিক জ্ঞান দিয়া হয়, কিতাপৰ শিক্ষা নহয়, সিহঁতক ফুৰাবলৈ নিয়ে, নগৰৰলৈ লৈ গৈ কেনেকৈ খোজকাঢ়িব লাগে, কেনেকৈ বস্তু কিনিব লাগে, দোকানৰ কোনটো বস্তু কি, এই আটাইবোৰ সংগ্ৰহালয়লৈ লৈ গৈ বুৰঞ্জীৰ পাঠ দিয়ে তাৰ পিছত আহিল পাঠ্যক্ৰমৰ শিক্ষা ইয়াত সকলোৱে আমাৰ নিচিনাকৈ চাৰি বছৰ প্ৰাইমাৰী স্কুলত শিক্ষা গ্ৰহণ কৰে তাৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত নিৰ্ধাৰণ হয় চাৰি বছৰ শেষ হোৱাৰ পিছত হাইস্কুলত নাম লগায় তিনি ধৰণৰ হাইস্কুল আছে এনেধৰণে ভগোৱা হয় High School, Medium School, আৰু Basic School  | প্ৰাইমাৰী স্কুলৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰি কোন কত পঢ়িব নিৰ্ধাৰণ কৰে তাৰ পৰাই সিহঁতে ভৱিষ্যতে কি চাকৰি কৰিব গম পোৱা যায় এতিয়া আহোঁ হাইস্কুলৰ ছাত্ৰ–ছাত্ৰীৰ বিষয়লৈ, ইহঁতে ন বছৰ হাইস্কুলত পঢ়িব লাগে, 2011 চনৰ পৰা এই পাঠ্যক্ৰম আঠবছৰীয়া কৰা হ্ হাইস্কুল শেষ হোৱাৰ পিছত স্নাতক ডিগ্ৰীৰ বাবে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে, এই পাঠ্যক্ৰম চাৰিবছৰীয়া আৰু যদি চাৰিবছৰৰ পিছত কোনো ছাত্ৰ বা ছাত্ৰীয়ে অন্য এবছৰ পঢ়ে তেন্তে সিহঁতক স্নাতকোত্তৰ ডিগ্ৰী দিয়া হয় এতিয়া আহোঁ মেডিয়াম স্কুলত পঢ়াসকলৰ কথালৈ সিহঁতে প্ৰাইমাৰী স্কুলৰ পিচত ছ্য়বছৰ পঢ়ে, সাধাৰণতে সিহঁতক বিশ্ববিদ্যালয়্ত ছিট দিয়া নহয় হাইস্কুল শেষ হোৱাৰ পিচত সিহঁতে মধ্যবিত্ত ধৰণৰ চাকৰি পায় যেনে একাউন্টটেন্ট, অফিচৰ ক্লাৰ্ক আদি চাৰি-পাঁচ বছৰ চাকৰি কৰাৰ পিচত যদি তেওঁলোকে পঢ়িবলৈ ইচ্ছা কৰে তেন্তে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব পাৰে সেয়ে নিদিষ্ট বিষয়ক হ’ব লাগিব, যেনে এজন একাউণ্টটেন্ট হলে অৰ্থনীতি বিজ্ঞান পঢ়িব পাৰে Basic School ৰ ছাত্ৰ-ছাত্ৰীয়ে পাঁচবছৰ স্কুলীয়া শিক্ষা লাভ কৰে, সেই খিনি সময়তেই ব্যৱহাৰিক জ্ঞান লাভ কৰে, সাধাৰণতে এইবিলাক শেষত মেকানিক্, ড্ৰাইভাৰ, আদি জাতীয় কামত নিয়োজিত হয় প্ৰথম দুই-তিনি বছৰ কোনোবা কোম্পানীত প্ৰশিক্ষণ লয় আৰু পিছত স্থায়ী চাকৰিত যোগদান কৰে এইখিনিতে উল্লেখ কৰা ভাল যে হাইস্কুলৰ প্ৰথম দুবছৰৰ ভিতৰত কোনোবা লৰা-ছোৱালীয়ে স্কুল সলনি কৰিব পাৰে উদাহৰণ স্বৰূপে যদি কোনোবা এজন ছাত্ৰই High School ত ভাল নম্বৰ পাব নোৱাৰে তেন্তে সি Medium school বা  Basic school -লৈ যাব পাৰে, তেনেদৰে Medium School ৰ ছাত্ৰই ভাল নম্বৰ পালে High School -লৈ যাব পাৰে ।॥

Thursday, July 28, 2011

চিনাকি-অচিনাকি (১)

- হেল’ কাক বিচাৰিছে ?
- ম‍ই প্ৰাঞ্জলীক বিচাৰিছিলোঁ |
- কোন প্ৰাঞ্জলী, ম‍ইতো চিনি নাপাওঁ |
- অ’হ’, আজিও ক্ৰচ্ কানেকচন হ’ল | বেয়া নাপাব, মোৰ প্ৰায়ে এনেকুৱা হয় | নাজানো, টেলিফোন একসেঞ্জৰ মানুহে মোৰ ৰং চাবলৈ কৰে নে দূৰৈৰ পৰা ফোন কৰা কাৰণে এনে হয় বুজি নাপাওঁ | আকৌ কৈছোঁ বেয়া নাপাব, ম‍ই জানি বুজি কৰা নাই, অসময়ত অসুবিধা দিয়া বাবে ক্ষমা কৰিব |
- ৰ’ব, আপুনি কি ডাঙৰ ভুল কৰিলে যে ম‍ই ক্ষমা কৰিব লাগে | কেতিয়াবা এনেকুৱা হয়েই, আৰু আপুনি বহু দৰৰ পৰা ফোন কৰা বুলি ক’লে যে, ক’ত থাকে আপুনি ? আৰু নম্বৰটো অচিনাকি লাগিছে |
- ধন্যবাদ, এটলিষ্ট আপুনি মোক গালি নাপাৰি মোৰ অবস্থাটো বুজি পাইছে | সুধিছে যেতিয়া কৈয়েই দিওঁ, ম‍ই অসমৰে, এতিয়া পঢ়াৰ তাগিদাত আমেৰিকা যুক্তৰাজ্যৰ মিছিছিপি ৰাজ্যত আছোঁহি | ঘৰৰ পৰা বহু দূৰত থাকি বৰ অকলশৰীয়া অনুভৱ কৰোঁ, বিশেষকৈ শনিবাৰ-দেওবাৰে, সেয়েহে মোৰ আলহী, বন্ধু-বান্ধবী সকলোলৈ প্ৰায়ে ফোন কৰি কথা পাতোঁ | কেতিয়াবা তত্‍ক্ষণাত উৰি যাবলৈ মন যায় !
- বুজি পাওঁ দিয়ক, ঘৰৰ পৰা দুদিন আঁতৰি থাকিব নোৱাৰোঁ, নাজানো আপুনি কেনেকৈ আছে | তাতে অচিনাকি পৰিৱেশত অচিন মানুহৰ লগত | ম‍ই হ’লে এদিনো থাকিব নোৱাৰিলোঁহেঁতেন | সেয়েহে ইমান পঢ়া-শুনা নকৰিলোঁ | হাঃ হাঃ হাঃ
- অ’ কি হ’ল, ইমানকৈ হাঁহিছে যে...
- ম‍ই বাহিৰত অকলে থাকিব নোৱাৰাৰ বাবে পঢ়া শুনা নকৰিলোঁ বুলি কোৱা বাবে | আপুনি বা কি ভাবিছে ?
- ম‍ই একো ভবা নাই দিয়ক | ভালেই হৈছে, এতিয়া অন্ততঃ ঘৰতে থাকিব পাৰিছে বা কিবা কৰিলেও ঘৰৰ পৰাই কৰি আছে | ঘৰৰ মানুহকেইজনৰ লগত একেলগে থকাৰ আনন্দ হয়তো আপুনি অনুভৱ কৰিব নোৱাৰে, কিন্তু তেওঁলোকক লগ পোৱাৰ কিমান আকুলতা তাক হয়তো মই প্ৰকাশ কৰিব নোৱাৰিম... কিমান আগ্ৰহেৰে সেই ঘৰলৈ যোৱা দিনটোলৈ বাট চাওঁ ! আজি এটা কথাত মোৰ ভাল লাগিছে, হঠাতে এজনী অচিনাকি ছোৱালীয়ে মোৰ লগত খুলি কথা পাতিছে |
- ম‍ই অলপ বেছিকৈ কথা কওঁ |
- ময়ো ঠিক তেনেধৰণৰ মানুহ, তাতে ইয়াত যে অসমীয়াত কথা কবলৈ মানুহ নাই | বাৰু বেয়া নাপায় যদি আপোনাৰ বিষয়ে অলপ কওঁকচোন |
- ম‍ই, মানে মোৰ নাম অনামিকা |
- অনামিকা ! ম‍ই কিবা অসুবিধাৰ সৃষ্টি কৰিম বুলি তেনেকৈ ক’লে নেকি? হয়ো দিয়কছোন, ম‍ইনো কোন আপোনাৰ আচল নামটো জানিবলৈ |
- ম‍ই ভাবিছিলোৱেই আপুনি তেনেকৈ কব বুলি, কিন্তু উপায় নাই, আজি ম‍ই আপোনাৰ বাবে হঠাতে নামটো সলাই দিব নোৱাৰোঁ | আৰু যদি ইচ্ছা কৰে এতিয়াও বেলেগ নাম এটা কব পাৰোঁ |
- হয় নেকি ? সচৰাচৰ মানুহৰ হোৱাৰ দৰেই মোৰো একেই ধাৰণা হৈছিল | পিছে আপোনাৰ নামটো অনামিকা নাৰাখি অনুৰাধা ৰাখিব পাৰিলেহেঁতেন |
- অনুৰাধা কিয় ? আৰু যেতিয়া মোৰ নামটো ৰাখিছিল, তেতিয়া ম‍ই সেইটো কি বস্তু গমেই পোৱা হোৱা নাছিলোঁ | হয়তো মোৰ মা-দেউতাই এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হওঁক বুলিয়েই এই নাম ৰাখিছিল | হাঃ হাঃ হাঃ |
- এইখিনি সময় কথা পতাৰ পিছত কিবা আপোনাক সমীৰণ বৰুৱাৰ অনুৰাধা যেন লাগিছে | নাজানো কিয় ? নামেৰে কি আহে, কামেৰেহে আহে; নে কি কয় আপুনি ?
- হয় |
- মোৰ নামটো কাৰোবাৰ ভুলৰ বাবেই চাৰ্টিফিকেটত Akhil ৰ ঠাই Okhil হ’ল | পিছত সলাবলৈ যো-যা কৰিছিলোঁ | পিছে মোৰ শিক্ষাগুৰু এজনে নামেৰে একো নাহে কামেৰেহে আহে বুলি উত্‍সাহ দিয়াত বাদ দিলোঁ |
-আপুনি পিছে ঠিকেই কৰি আছে |
- মানে?
- ইমান দৰত গৈ পঢ়িব পাছে, আমি চিনেমাত দেখা দৃশ্যবোৰ নিজ চকুৰেই দেখা পাইছে, বিভিন্ন ঠাই ফুৰিব পাছে, আমালৈ গৌৰব কঢ়িয়াই আনিছে... আৰু কি লাগে আপোনাক !
- সেইবোৰ বাৰু পিছত হব | কি কৰোঁ, কি নকৰোঁ পিছত দেখা পাব | পিছত বোলে ইয়াতেই থাকি গ’লো... আপোনাৰ নামটোতে ইমান কথা ওলাল, আৰু বহুত আছে |
- মোৰ লগত কথা পাতি বেয়া পাইছে নেকি ?
- নাই, কিয় বেয়া পাম ? মই আগতে দেখোন ক’লোঁ যে মাতৃভাষাত এষাৰ কথা পাতিবলৈ এসপ্তাহ ৰব লগা হয় | আজি কথা কোৱাৰ সংগীহে পাইছোঁ | মাত্ৰ ছোৱালী বুলি মিঠা কথা পাতিবলৈ ফোন কৰি আছোঁ বুলি নাভাবিব | ছোৱালী বিলাকে আকৌ তেনেকৈ ভাবে |
- ম‍ই তেনেকুৱা ছোৱালী নহয় | সেইকাৰণে মোৰ ল’ৰা বন্ধু বেছি | আচলতে কি জানে, ছোৱালী বিলাকৰ মনবোৰ শংকাৰে পৰিপূৰ্ণ | কিবা এটা কৰিবলৈ বা কবলৈ ভয় কৰে | কোনোবাই চলাহী কথা কৈ প্ৰবঞ্চনাৰ কৰাৰ ভয় | আচলতে আমাৰ সমাজৰ নিয়মবোৰেই এনেকুৱা কৰিলে | এইটো নকৰিবা...তালৈ নাযাবা...মানুহে বেয়া বুলিব...এইবোৰৰ কাৰণেই ছোৱালীবোৰৰ মনবোৰ সংকুচিত হয় | ম‍ই পিছে বেলেগ ধৰণৰ | ল’ৰাৰ লগত সমানে নহলেও কিছু ফেৰ মাৰিব পাৰোঁ |
-    উহ |
- কি হ’ল? ভয় খাইছে নেকি? আপোনাৰ লগত ফেৰ মাৰিব পৰা মোৰ সাহস নাই দিয়ক | আমাৰ ঘৰৰ চাৰিজনী ছোৱালীৰ ম‍ই তিনি নম্বৰ | বোধহয় মা-দেউতাই ল’ৰালৈ আশা কৰি থাকোঁতে এই পৃথিৱীলৈ আমি চাৰিজনী আহিলোঁ | এতিয়াও মা-দেউতাৰ দুখ আৰু মানুহ বিলাকেও তাকে কৈ জ্বলা জুইত ঘিঁউ ঢালে | মোৰ খুব খং উঠে | ম‍ই মা-দেউতাক বুজাওঁ, উদাহৰণ দেখুৱাওঁ, কেইজন ল’ৰাই মাক-দেউতাকক বুঢ়া বয়সত চায় ? বিয়া কৰাই বাহিৰত থাকিব আৰু পিছলৈ বিহুৱে সংক্ৰান্তিয়েও আহিবলৈ আহৰি নাপায় | সৰুৰে পৰা নিজে নাখাই হলেও মৰমৰ ল’ৰাজনক খুৱায় আৰু পাখি গজিলেই উৰা মাৰে | প্ৰথমতে পঢ়াৰ তাগিদা, পিছত চাকৰিৰ অজুহাত |
- কথা খিনি মোকেই কোৱা যেন লাগিছে...!
- ক্ষমা কৰিব | কি কব ফটা মুখ, ওলাই যায়, ভিতৰত বহু হা-হুমুনিয়াহ আছে, সুবিধা পালেই ওলাই যায় | বেয়া নাপাব |
- বেয়া নাপাওঁ দিয়ক | আমাৰো প্ৰায় একেই | আপোনাৰ ঠাইত যেনিবা ম‍ই | ল’ৰা বুলি মোক অলপ বেছি মৰম নকৰা নহয়, পিছে ম‍ইহে বেছি মৰম লবলৈ বেয়া পাওঁ | আমাৰো ছোৱালী তিনিজনীয়ে মা-দেউতাক চোৱা-চিতা কৰে | বজাৰ-সমাৰ কৰা, ডাক্তৰক দেখুওৱা, ঔষধ কিনা সকলো সিহঁত তিনিজনীয়েই কৰে | ম‍ই সেই পঢ়াৰ তাগিদাত (?) বাহিৰত থাকোঁতেই যায়, ভাৰতত থাকোঁতে বিহুৱে সংক্ৰান্তিয়ে এবাৰ যাব পাৰিছিলোঁ, এতিয়া তাৰো মুদা মৰিল |
- আপুনি কি ভাবে কব নোৱাৰোঁ, ম‍ই হ’লে বৰ বিৰোধিতা কৰোঁ | ল’ৰা-ছোৱালী সমান হব লাগে | আমি কি দোষ কৰিছোঁ, যে এইটো নকৰিবা, সেইটো নকৰিবা কৰি থাকে ! ম‍ই মোৰ বান্ধৱীহঁতক বুজাওঁ | পিছে কাম নাই, সকলোৱে কিবা নহয় কিবা অজুহাত দেখুৱায় |
- অ’ আপুনি দেখোন আজিৰ দিনৰ আইদেউ সন্দিকৈ, চন্দ্ৰপ্ৰভা শ‍ইকীয়ানী, নিৰ্মলপ্ৰ্ভা বৰদলৈ...|
- ম‍ই সিমান দলৈ যোৱা নাই ৰ’ব, মাত্ৰ তেওঁলোকৰ আদৰ্শহে লৈছোঁ তেওঁলোক মোৰ আদৰ্শ মহীয়্সী | যি সময়ত বাল্যবিবাহ প্ৰচলন আছিল তেতিয়াই তেওঁলোকে বহু কৰি থৈ গৈছে | আমি এতিয়াও একো কৰিব পৰা নাই, আমি যেন আকৌ পিছুৱাই গৈ আছোঁ |
- কিনো কৰিম বুলি ভাবিছেনো ?
- এহ, ইমান দেৰি এনেয়ে বকবকালোঁ | এই আপোনালোকে যে আমিবোৰ দুৰ্বল বুলি ভাবি থাকে, আচলতে আমিও যে কিবা এটা কৰিব পাৰোঁ তাকে দেখুৱাম বুলি ভাবিছোঁ |
- হয় নেকি ? কিবা সহায় লাগিলে কব ?
- অ’হ, সহায় লাগিব মানে ?... সহানুভূতি দেখুৱাব খুজিছে নেকি? সেইখিনিতেই ভুল, আপুনি কেনেকৈ ভাবিলে যে ম‍ই আপোনাৰ পৰা সহায় বিচাৰিম |
- ক্ষমা কৰিব | উঠাই লৈছোঁ দিয়ক | ময়ো আপোনাৰ সৈতে একমত | সকলোবোৰ সমান হব লাগে | আপুনি বিশ্বাস নকৰিব, ম‍ই সদায় মোৰ বাইদেউহঁতক বুজাওঁ, অলপ স্বাধীন ভাবে ঘৰিবলৈ, ফুৰিবলৈ... পিছে আপোনাৰ বান্ধবীৰ নিচিনাকৈ সিমান কামত অহা নাই |
- আপোনাৰ কথা খিনি শুনি ভাল লাগিল |
- মোৰ বাইদেউৰ বিয়াৰ পিছত লক্ষ্য কৰিছোঁ তাই যেন একেবাৰে সলনি হৈ গ’ল | আগৰ সেই পতিয়েই সৰ্বস্ব ভাৱাপন্ন মোৰ সাইলাখ আইতাজনী | সকলো যেন গিৰিয়েকৰ হাতত এৰি দিলে, বুকুত অজস্ৰ ভয় | ম‍ই বুজাওঁ- শ্ৰদ্ধা থাকিব লাগে, কিন্তু ভয় ভা থাকিব নালাগে | দুয়োৰে মাজত প্ৰেমভাৱ থাকিলেহে সংসাৰখনৰ কাম কাজ নিয়াৰকৈ কৰাত সুবিধা হয় | আৰু এটা কথা, বিয়াৰ পিছত ছোৱালী এজনী কেনেকৈ ইমান সোনকালে এটা নতুন পৰিৱেশৰ লগত মিলি যায় ম‍ই ধৰিব নোৱাৰোঁ | সৰুৰে পৰা ডাঙৰ হোৱা ঘৰখন এৰি যোৱাটো কম দুখৰ কথা নহয় | ভগৱানেনো ইমান কষ্ট দিব লাগেনে !!! এইবিষয়ে আপোনাৰ ধাৰণা কি ? আপুনি মোতকৈ অলপ বেছি বুজি পাব, হাজাৰ হওঁক আপুনি ছোৱালী নহয় বুলি কব নোৱাৰে দিয়কছোন !!!
- ম‍ই কেতিয়াও ছোৱালী নহয় বুলি কব খোজা নাই | ম‍ই সমাধিকাৰহে দাবী কৰিছোঁ | ময়ো ভালদৰে বুজি নাপাওঁ | সেয়েহে ছাগে আপোনাক আজি ইমানবোৰ কথা কব পাৰিছোঁ | মোৰো দুজনী বাইদেউৰ বিয়া হৈ গৈছে | সি্হঁত পিছে আইতা নহলেও শাহুৱে গৰকা বোৱাৰীৰ দায়িত্ব পালন কৰি আছে | মোৰ ভিনদেউ যদি আপোনাৰ দৰে হ’লহেঁতেন !!!
- মোৰ নিচিনা মানে – বিয়া কৰাই শাহুৱে নগৰকাকৈ বাহিৰলৈ লৈ যোৱাৰ কথা বুজাব বিছাৰিছে নেকি? আচলতে এইখিনিতে ছোৱালীয়ে দিক হেৰায় | অলপ আগতে আপুনি কৈছিল যে বিয়া কৰাই ল’ৰাই মাক-দেউতাকক চাবলৈ নাহে আৰু এতিয়া কৈছে যে আপোনালোকে শাহুৰ গৰক খাব নোখোজে |
.....
মৌন হৈ ৰ’ল যে !!!
- এইবিলাক জটিল, আমি দুয়োটাই কৰিব লাগে, আৰু নালাগে |
- কি কব বিছাৰিছে ?
- বিয়া কৰাই সমাধিকাৰ দিয়ক, আপোনালোকে যি কৰে আমিও তাকে কৰিব পাৰোঁ | চাকৰি নকৰিলেতো কথাই নাই, চাকৰি কৰিলেও দেখা যায় যে বহু ছোৱালীয়ে বিয়াৰ পিছত নিজৰ নিচা-পেছা বাদ দি ভাতৰ চৰু ডিঙিত ওলোমাই ল’ৰা-ছোৱালী ডাঙৰ কৰাত ব্যস্ত হবলগীয়া হয় | সেইখিনিতো আপোনালোকেও কৰিব পাৰে, কিন্তু নকৰে, পিতৃ প্ৰধান সমাজ | ঘৰৰ কাম খিনি সমানে ভগাই ল’লেই হ’ল |
- কথাটো নোহোৱা নহয় | আপোনাৰ কিছুমান কথাত মোৰ মত আছে – পিছে সহায় কৰিবলৈ গৈ সহানুভুতি নেদেখুৱাও বাৰু !!!
- আপোনাৰ প্ৰতিটো কথা মনত থাকে দেখোন !!!
- যিকিনহওঁক আজিলৈ এৰোঁ |
- কিয় ? বেয়া পালে নেকি ?
- নাই নাই, মোৰ লগৰ এজনী আহিছে |
- অসমীয়া ?
- নহয়, টাইৱানিজ | অ’হ – আপোনাৰ লগত কথা পাতি ভাল লাগিল | বেয়া নাপায় যদি ফোন নম্বৰটো দিব নেকি ? আজি ক্ৰচ কানেকচনহে হৈছিল |
- অ’হ... ম‍ই পাহৰিছিলোঁৱেই, এনে লাগিছিল যেন আপোনাক বহু দিনৰ পৰা জানোঁ | মোৰ নম্বৰটো হ’ল – 9435519890 | আশা কৰোঁ মোলৈ ডায়েল কৰিলে ক্ৰচকানেকচন নহয় |
- ময়ো তেনেকুৱাকৈয়ে ভাৱো, পিছে এনেকুৱা ক্ৰচকানেক্টচন হ’লে বেয়া নহয় | শুভৰাত্ৰি |
- ঠিক আছে বাৰু । আপোনাৰ দিনটো শুভ হওক, শুভেচ্ছা থাকিল ।

Sunday, July 24, 2011

হিটলাৰৰ দেশত (১) পৰীক্ষা

পৰীক্ষা বুলিলে সকলোৰে ভয় লাগে | সেয়া শ্ৰেণীৰ বছৰকীয়া পৰীক্ষায়েই হওঁক বা কোনোবা ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষায়েই হওঁক কাৰণ তাৰ ফলাফলেই মানুহ এজনৰ জ্ঞানৰ মাপকাঠি স্বৰূপ হৈ পৰে | এখন ভাল কলেজত চিট, চাকৰিৰ নূন্যতম অৰ্হতা আদি পৰীক্ষাৰ নম্বৰকেইটাৰ ওপৰতেই নিৰ্ভৰ কৰে | গতিকে ভয় লগাটো স্বাভাবিক | এই অভাজনেও বেয়া কাম কৰাৰ ভিতৰত নপঢ়াটোৱেই আছিল, আৰু পৰীক্ষাৰ সময়ত এখন হাহাকাৰ, কি কৰোঁ কি নকৰোঁ অৱস্থা !!!
যোৱা বছৰৰ শেষৰফালে উচ্চ শিক্ষা আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ জ্ঞান লোৱাৰ উদ্দ্যেশেৰে জাৰ্মানীলৈ আহিছিলোঁ | নিজৰ শিক্ষা আৰু গৱেষণাৰ উপৰিও ইয়াত কেতিয়াবা তলৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাগাৰত সহায় কৰা, পৰীক্ষাত তদাৰক কৰা আদি দায়িত্ব দিয়া হয় | মোকো অলপতে পৰীক্ষাৰ হলত তদাৰক কৰিব দিয়া হ’ল | সৌসিদিনালৈকে পৰীক্ষাৰ বুলিলে ভয় খোৱা ম‍ই ভালেই পালোঁ | এখন প্ৰথম বিশ্বৰ ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ পৰীক্ষা দিয়ে তাৰেই অভিজ্ঞতা গোটাবলৈ পোৱাৰ আশাৰে মোৰ গৱেষণাগাৰৰ সহকৰ্মী এজনৰ লগত বৰ আগ্ৰহেৰে ওলালোঁ |  ভাষাৰ ভিন্নতা থকাৰ কাৰণে তেওঁ থকাটো মোৰ বাবে জৰুৰী | ৰসায়ন বিজ্ঞানৰ অষ্টম আৰু দশম ষাম্নাষিকৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা | প্ৰশ্নবোৰ আমাৰ CBSE প্ৰশ্নৰ লগত মিল আছে | বস্তুনিষ্ঠ প্ৰশ্নৰ বাহিৰে আন প্ৰশ্নবোৰৰ তলতেই উত্তৰ লিখিবলৈ ঠাই নিৰ্ধাৰণ কৰা আছে | দুটা বাক্য লিখিবলগীয়া উত্তৰৰ ঠাইত দুডাল সৰলৰেখা টনা আছে | আমাৰ দিনত প্ৰশ্নকাকত আৰু উত্তৰবহীবোৰ বেলেগ বেলেগ আছিল | কোনে কিমান লিখিব পাৰে তাৰেই যেন প্ৰতিযোগিতা | ১০-১৫ নম্বৰ থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি শিক্ষকক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰি | লগৰজনে এঘণ্টা যাওঁতেই অতিৰিক্ত কাগজ লোৱা দেখিলে আকৌ চিন্তা – “ই বা কি লিখিছে ইমানকৈ, মই দেখোন দুখিলা কাগজেই শেষ কৰিব পৰা নাই |” “ত‍ই ইমান কি লিখিলি, ম‌ই দেখোন প্ৰথমতে দিয়া বহীখনেই শেষ কৰিব নোৱাৰিলোঁ |” “পলাচী যুদ্ধৰ বিষয়ে বহলাই লিখিলোঁ” –বন্ধুৰ উত্তৰ | ম‍য়ো লিখিছিলোঁ, ইমান দেখোন লিখিব লগা বিচাৰিয়েই নাপালোঁ- মনতে ভাবোঁ | পিছলৈ গম পালোঁ সোঁৱে-বাঁৱে, ওপৰে-তলে এক ইঞ্চিকৈ ৰাখি ডাঙৰ ডাঙৰকৈ লিখিলে তেনেকুৱাকৈ ম‍য়ো অধিক কাগজ পাৰিলোঁহেতেন | যি কি নহওঁক জাৰ্মানীৰ প্ৰশ্নকাকত দেখি ভাল লাগিল | বাৰে বাৰে উঠি গৈ কাগজ দিয়াৰ কষ্টটো নহ’ল | ২০ জন ছাত্ৰ-ছাত্ৰী, তাৰে দুজন অনুপস্থিত | লগৰ জনক সুধিলোঁ- সেইদুজন ছাত্ৰৰ কি ? “সিহঁতে আকৌ দুটা সুযোগ পাব, মৌখিক বা লিখিত পৰীক্ষা | সিহঁতৰ বাবে আকৌ পৰীক্ষা পতা হব-” তাৰ উত্তৰ শুনি আচৰিত হলোঁ | আমাৰ পৰীক্ষা-ব্যবস্থাত তেনেকুৱাকৈ পৰীক্ষা পতা নহয় | অৱশ্যে কলেজ/বিশ্ববিদ্যালয়ত কোনোবা এখন কাকত বেয়া হলে বা দিব নোৱাৰিলে, পিছৰ বছৰত তলৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ লগত দিব পাৰি | তাত লগে লগে কেইদিনমান পিছত পৰীক্ষা পতা নহয় | বেমাৰ-আজাৰ হলেও কোনোমতে পৰীক্ষা দিব লাগে, নহলে এটা বছৰ পিছ পৰিব লাগে | ইয়াত ছাত্ৰ-ছাত্ৰীৰ বহুত সুবিধা !!! এঘণ্টাৰ পৰীক্ষা | দহ মিনিট নৌহওঁতেই এজন ছাত্ৰ বহীখনত লিখা উত্তৰ কেইটা ঘচ-ঘচকৈ কাটি বহীখন জমা দি থৈ গ’ল | ম‍ই হতবাক!!! লগৰ জনক কাণে কাণে সুধিলোঁ | যদি গোটেই প্ৰশ্নকেইটা নোৱাৰে বা বেছিখিনি নোৱাৰা প্ৰশ্ন থাকে তেন্তে তেনেকৈ বহীখন জমা দি থৈ গ’লে আকৌ পৰীক্ষা দিব পাৰিব, অনুপস্থিত থকা কেইজনৰ লগত – লগৰজনে উত্তৰ দিলে | মৌখক বা লিখিত !!! আৰু যদি তেনেকৈ কাটি নিদিয়ে তেতিয়া বহীখনত নম্বৰ দিয়া হব আৰু অনুত্তীৰ্ণ পাৰে | অলপ পাছত আকৌ তেনেকৈ কাটি এজন উঠি গ’ল | বাকী কেইজনে লিখি থাকিল | ম‍ই প্ৰত্যেকৰ ওচৰলৈ গৈ কি লিখিছে আৰু পৰিচয় পত্ৰ চালোঁ | বয়্স ২৪-২৬ ৰ ভিতৰত আছে | বয়স বুলি কওঁতে এটা কথা মনত পৰিল- বিশ্ববিদ্যালয়লৈ অহাৰ আগতে সকলোৱে সামৰিক বা অসামৰিক বাহিনীত দুবছৰ কাম কৰিব লাগে | আগৰ দিনত এইটো ধৰাবন্ধা নিয়ম আছিল | আজিকালি সলনি হৈছে | পৰীক্ষা হলত বহি থকা সময়খিনিত ম‍ই প্ৰত্যেকজনকে ভালকৈ লক্ষ্য কৰি থাকিলোঁ | কিছুমানে একান্ত মনে লিখি আছে, কিছুমানে খিৰিকিৰে বাহিৰলৈ চাই মনত পেলাবলৈ চেষ্টা কৰিছে, কেইজনমানে পেনৰ আগটো মুখত লৈ ভাবুক হোৱাও দেখা পালোঁ | বাৰে বাৰে মোৰ পৰীক্ষাহলত হোৱা অবস্থাৰ কথা মনত পৰিল | কাষত বহি থকাজনে একান্ত মনে লিখি থকা দেখিলে মোৰ মনত এটা ভয় ভাব সোমাইছিল, বেয়াও লাগিছিল, কিয়নো ভালকৈ পঢ়া নাছিলোঁ!! আগলৈ পঢ়িম বুলি তাতেই শপত খাইছিলোঁ যদিও সেইটো কেইমুহুৰ্তমানৰ বাবেহে আছিল | যদিও ম‍ই কি লিখিছে ধৰিব নোৱাৰোঁ (জাৰ্মান ভাষাত লিখে) তথাপিও সিতেনো কিমান পৰিপাটিকৈ লিখে তাকে চাবলৈ ম‍ই প্ৰত্যেকজনৰ ওচৰলৈ গ’লোঁ | দুই-তিনিজনৰ বাহিৰে বাকী গোটেইবোৰ অপৰিপাটি, আখৰবোৰ বৰ বেয়া (বহু কম মানুহৰহে ভাল আখৰ দেখিছোঁ, আনকি মোৰ প্ৰফেচৰৰ আখৰো কেতিয়াবা চিনি নাপাওঁ)| ১০ নম্বৰীয়া প্ৰশ্ন আহিলে ছাগে শিক্ষকে অনুমানতে নম্বৰ দিব লাগিব | পঞ্চলিছ মিনিট যোৱাৰ পিছত আকৌ ল’ৰা এজনে উত্তৰবোৰ কাটি বহীখন জমা দি গ’ল | ম‍‍ই খুলি চাই অনুমান কৰিব পাৰিলোঁ ল’ৰাজনে নুন্যতম ৩০(৬০ ভিতৰত) নম্বৰ পালেহেতেন | কিন্তু কিয় তেনে কৰিলে? তাৰমানে পৰীক্ষা আকৌ দিব, হাঁহি উঠিল | এনে পৰীক্ষা ব্যবস্থাই ছাত্ৰ-ছাত্ৰীক এলেহুৱা কৰা নাইনে- লগৰজনক সুধিলোঁ | প্ৰশ্নকাকত এখন নতুনকৈ লিখি উলিওৱাটো বৰ টান কাম বুলি তাক কলোঁ | আগৰ প্ৰশ্ন কাকত খন আকৌ দিলে সিহঁতে গোটেই প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰে বুলি সি সঠিককৈ লে কাৰণ সিহঁতে সেইকেইটা প্ৰশ্ন আহিব পাৰে বুলি নাভাবে | এইখিনিতে ছিংগাপুৰৰ প্ৰফেচৰ এজনে কোৱা কথা এষাৰ মনত পৰিল- তেওঁ হেনো একেখন প্ৰশ্ন তিনিবাৰলৈ দি পাইছে আৰু যিকেইজন পঢ়াত কেচা, সিহঁতে হেনো তথাপিও সম্পূৰ্ণ উত্তৰ কৰিব নোৱাৰিলে আৰু এজনে তিনিবাৰৰ পিছতো অকৃতকাৰ্য্য হৈছিল |
পৰীক্ষা ব্যবস্থাটো যদিও সম্পূৰ্ণ জ্ঞানৰ মাপকাঠি নহয়, তথাপিও পৰীক্ষাৰ ভয়ে আমাক পঢ়িবলৈ, মনত ৰাখিবলৈ, জানিবলৈ বাধ্য কৰায় | প্ৰশ্নকাকতৰ গুণাগুণে আমাৰ জ্ঞানক জুখিব পাৰে | এইক্ষেত্ৰ শিক্ষকৰ ভুমিকা গুৰুত্বপূৰ্ণ | সকলো তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰে | জাৰ্মানীৰ দৰে আমাৰ ভাৰততো সৰ্বশিক্ষা অভিযানে সকলো ছাত্ৰ-ছাত্ৰীক শিক্ষিত কৰাৰ আঁচনি হাতত লোৱাৰ কথা মনত পৰিল | শুনামতে, এই অভিযান অনুসৰি সকলো ল’ৰা-ছোৱালীক শিক্ষিত কৰিবলৈ পৰীক্ষা পাছ কৰোৱাব‍ই লাগিব | সিহঁতে কিবা শিকে নে নিশিকে তাৰ প্ৰতি গুৰুত্ব নাই | যদি কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে পৰীক্ষাত অকতকাৰ্য্য হয় তেন্তে শিক্ষকজনে পঢ়োৱাত পাকৈত নহয় বুলি ধৰা হয় | তেনে বদনামৰ পৰা হাত সাৰিবলৈ শিক্ষকে কিছুমান নীতিবহিৰ্ভুত কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে !