(৩)শিক্ষা ব্যৱস্থা :
শিক্ষাই দেশ এখনৰ উন্নতিৰ মূল | শিশু এটাক সৰুৰে পৰা দিয়া শিক্ষাই তাৰ জীৱ্ন-ধাৰণৰ প্ৰকাৰ নিৰ্ধাৰণ কৰে | সৰুতে কাষলতিৰ তলত ঢাৰি এখন লৈ বাইদেউহঁতৰ পিছে পিছে যোৱাৰ দিনটোৰ পৰা মোৰ অনুস্থানিক শিক্ষা আৰম্ভ হৈছিল | তাৰ আগতেই অনানুস্থানিক শিক্ষা ঘৰতেই আৰম্ভ হয় | আমাৰ দিনত পাঁচ বা ছয় বছৰ বয়সত স্কুললৈ যোৱা হৈছিল | প্ৰথম শ্ৰেণীৰ পৰাই আমাৰ শিক্ষা আৰম্ভ হৈছিল, তাৰ আগতে ঘৰত মা-দেউতাহঁতে হাতত ধৰি ধৰি অ, আ, ক, খ শিকোৱা মনত নপৰে | তথাপিও, কাক কি বুলিব লাগে, ওচৰত পোৱা বস্তুবোৰৰ নাম জনা হৈছিলোঁ, এয়া ব্যৱহাৰিক জ্ঞান আছিল | আজিৰ দৰে অংগনবাদী, তল-ক, ওপৰ-ক আদি নাছিল | আজিৰ দিনত মুখৰ মাত ওলাল কি নাই, আৰম্ভ হ’ল এ, বি, চি, ডি ৰ শিক্ষা !!! ৰং বিৰঙৰ কিতাপ কিনি আনি তাত আঁকি থোৱা ফল-মূল, চৰাই-চিৰিকতি, জন্তু-জানোৱাৰৰ নাম মনত ৰাখিবলৈ শিকোৱা হয় | সেইবিলাক যে বাস্তবতো থাকিব পাৰে শিশুহঁতে কল্পনাই কৰিব নোৱাৰে | যোৱাবছৰ “ইণ্ডিয়া গ’ট টেলেণ্ট” নামৰ অনুস্থানটোত এটি আঢ়ৈ বছৰীয়া শিশুৱে সলসলীয়াকৈ হনুমান চালিচা মাতিছিল, এইটো আচৰ্যজনক, সিতো নাজানে হনুমান চালিচা কি ? অলপতে এজনী তিনিবছৰীয়া ছোৱালীয়ে পৃথিৱীৰ সকলো দেশৰে ৰাজধানীৰ নাম সলসলীয়াকৈ কোৱা দেখি আচৰিত নহৈ নোৱাৰিলোঁ | শিশুৰ মগজু বহুত তীক্ষ্ণ, সিহঁতক যেনেকৈ গঢ় বা শিক্ষা দিয়া হয়, তেনেকৈয়ে গঢ় লয় | এইখিনিতে মাক-দেউতাকে তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে বাকীবোৰৰ তুলনাত কিমান শিকিলে তাৰ প্ৰতিযোগিতাত নানামি, কিছুমান ব্যৱহাৰিক জ্ঞান দি শিশুৰ মানসিক বিকাশ ঘটোৱাটো প্ৰয়োজনীয় | প্ৰথম বিশ্বৰ দেশত যোৱা এবছৰৰ পৰা থকা হেতুকে ইয়াৰ সকলোবোৰ নিয়ম কানুন নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰি আছোঁ | যদি কিছুমান ভাল পদ্ধতি বিচাৰি পাওঁ সেইখিনি ব্যৱহাৰ কৰিলে আমাৰ নিশ্চয় ভালেই হব | সেইবুলি প্ৰথম বিশ্বৰ দেশ হ’ল বুলি বেয়া দিশ নাই বুলি ক’ব নোৱাৰি | কিন্তু আনৰ বেয়াখিনি আঁতৰাই ভালখিনি আয়ত্ব কৰিব পৰাটোহে যুগুত |
অহা-যোৱা কৰোঁতে মেট্ৰ’ ৰেলত প্ৰায়ে কণ কণ ল’ৰা-ছোৱালীৰ জাক দেখা পাওঁ, বয়স ৫-৮ বছৰ মান হব | ১০-১২জনীয়া দল এটাত তিনি-ছাৰি জন/জনী ডাঙৰ মানুহ থাকে, তেওঁলোক একপ্ৰকাৰৰ শিক্ষক, সাধাৰণতে এনেকুৱা পদত তিৰোতামানুহ থকা দেখা যায় | ক্’লৈ যায় কি কৰে একো ধৰিব পৰা নাছিলোঁ, সুধিবলৈয়ো তেওঁলোকে ইংৰাজী ভালকৈ ক’ব নোৱাৰে । ল্’ৰা-ছোৱালীবোৰৰ পিঠিত একোটা বেগ, তাৰ ভিতৰত আমাৰবোৰৰ দৰে কিতাপৰ বোজা নাথাকে, থাকে খেলাৰ সামগ্ৰী, চকলেট্, টিফিনত খাদ্যবস্তু... ডিঙিত একোখন নামফলক ওলোমাই থোৱা হয় যাতে হেৰালে বিছাৰি পায় । মানুহ এজনক সুধি গম পালোঁ যে সিহঁতক বাহিৰলৈ খেলিবলৈ লৈ যোৱা হয় ।
জাৰ্মানীৰ শিক্ষা ব্যৱস্থা অলপ আমাতকৈ বেলেগ । ছয় বছৰ বয়সলৈ ইয়াত তেনেকুৱাকৈ কিতাপ পঢ়িবলৈ দিয়া নহয় । তিনি বছৰ বয়সলৈ মা-দেউতাকৰ তত্বাৱধানত ৰাখিবলৈ চায়, চাকৰি কৰিলে অলপ বেলেগ হয়, তথাপিও যিমান পাৰি সিমান নিজৰ সন্তানক সময় দিবলৈ চেষ্টা কৰে । “প্ৰথমবাৰৰ বাবে নিজৰ সন্তানে মা বা দেউতা বুলি কোৱা কথাষাৰ শুনিবলৈ পোৱাটো বৰ ভাগ্যৰ কথা"- মানুহ এজনে কৈছিল । তিনিবছৰ হোৱাৰ পিছত সিহঁতক আমাৰ অংগনবাদীৰ নিচিনা স্কুলত ভৰ্তি কৰাই দিয়ে । তাত পাঁচ-ছ্য় বছৰ বয়্সলৈ খেল-ধেমালিৰ জৰিয়তে ব্যৱ্হাৰিক জ্ঞান দিয়া হয়, কিতাপৰ শিক্ষা নহয়, সিহঁতক ফুৰাবলৈ নিয়ে, নগৰৰলৈ লৈ গৈ কেনেকৈ খোজকাঢ়িব লাগে, কেনেকৈ বস্তু কিনিব লাগে, দোকানৰ কোনটো বস্তু কি, এই আটাইবোৰ । সংগ্ৰহালয়লৈ লৈ গৈ বুৰঞ্জীৰ পাঠ দিয়ে । তাৰ পিছত আহিল পাঠ্যক্ৰমৰ শিক্ষা । ইয়াত সকলোৱে আমাৰ নিচিনাকৈ চাৰি বছৰ প্ৰাইমাৰী স্কুলত শিক্ষা গ্ৰহণ কৰে । তাৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত নিৰ্ধাৰণ হয় । চাৰি বছৰ শেষ হোৱাৰ পিছত হাইস্কুলত নাম লগায় । তিনি ধৰণৰ হাইস্কুল আছে । এনেধৰণে ভগোৱা হয় High School, Medium School, আৰু Basic School | প্ৰাইমাৰী স্কুলৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰি কোন ক’ত পঢ়িব নিৰ্ধাৰণ কৰে । তাৰ পৰাই সিহঁতে ভৱিষ্যতে কি চাকৰি কৰিব গম পোৱা যায় । এতিয়া আহোঁ হাইস্কুলৰ ছাত্ৰ–ছাত্ৰীৰ বিষয়লৈ, ইহঁতে ন বছৰ হাইস্কুলত পঢ়িব লাগে, 2011 চনৰ পৰা এই পাঠ্যক্ৰম আঠবছৰীয়া কৰা হ্’ল । হাইস্কুল শেষ হোৱাৰ পিছত স্নাতক ডিগ্ৰীৰ বাবে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে, এই পাঠ্যক্ৰম চাৰিবছৰীয়া আৰু যদি চাৰিবছৰৰ পিছত কোনো ছাত্ৰ বা ছাত্ৰীয়ে অন্য এবছৰ পঢ়ে তেন্তে সিহঁতক স্নাতকোত্তৰ ডিগ্ৰী দিয়া হয় । এতিয়া আহোঁ মেডিয়াম স্কুলত পঢ়াসকলৰ কথালৈ । সিহঁতে প্ৰাইমাৰী স্কুলৰ পিচত ছ্য়বছৰ পঢ়ে, সাধাৰণতে সিহঁতক বিশ্ববিদ্যালয়্ত ছিট দিয়া নহয় । হাইস্কুল শেষ হোৱাৰ পিচত সিহঁতে মধ্যবিত্ত ধৰণৰ চাকৰি পায় যেনে একাউন্টটেন্ট, অফিচৰ ক্লাৰ্ক আদি । চাৰি-পাঁচ বছৰ চাকৰি কৰাৰ পিচত যদি তেওঁলোকে পঢ়িবলৈ ইচ্ছা কৰে তেন্তে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব পাৰে । সেয়ে নিদিষ্ট বিষয়ক হ’ব লাগিব, যেনে এজন একাউণ্টটেন্ট হ’লে অৰ্থনীতি বিজ্ঞান পঢ়িব পাৰে । Basic School ৰ ছাত্ৰ-ছাত্ৰীয়ে পাঁচবছৰ স্কুলীয়া শিক্ষা লাভ কৰে, সেই খিনি সময়তেই ব্যৱহাৰিক জ্ঞান লাভ কৰে, সাধাৰণতে এইবিলাক শেষত মেকানিক্, ড্ৰাইভাৰ, আদি জাতীয় কামত নিয়োজিত হয় । প্ৰথম দুই-তিনি বছৰ কোনোবা কোম্পানীত প্ৰশিক্ষণ লয় আৰু পিছত স্থায়ী চাকৰিত যোগদান কৰে । এইখিনিতে উল্লেখ কৰা ভাল যে হাইস্কুলৰ প্ৰথম দুবছৰৰ ভিতৰত কোনোবা ল’ৰা-ছোৱালীয়ে স্কুল সলনি কৰিব পাৰে । উদাহৰণ স্বৰূপে যদি কোনোবা এজন ছাত্ৰই High School ত ভাল নম্বৰ পাব নোৱাৰে তেন্তে সি Medium school বা Basic school -লৈ যাব পাৰে, তেনেদৰে Medium School ৰ ছাত্ৰই ভাল নম্বৰ পালে High School -লৈ যাব পাৰে ।॥
‘হিটলাৰৰ দেশৰ পৰা’ লিখা এই লেখা অতি প্ৰাসংগিক হৈছে| এনে ধৰণৰ লেখাই আমাৰ দেশৰ মানুহক যথেষ্ট উপকৃত কৰিব| আগলৈ আৰু পঢ়িবলৈ পোৱাৰ আগ্ৰহ থাকিল| ধন্যবাদ|
ReplyDeleteমনোহৰ দত্ত