Thursday, July 28, 2011

চিনাকি-অচিনাকি (১)

- হেল’ কাক বিচাৰিছে ?
- ম‍ই প্ৰাঞ্জলীক বিচাৰিছিলোঁ |
- কোন প্ৰাঞ্জলী, ম‍ইতো চিনি নাপাওঁ |
- অ’হ’, আজিও ক্ৰচ্ কানেকচন হ’ল | বেয়া নাপাব, মোৰ প্ৰায়ে এনেকুৱা হয় | নাজানো, টেলিফোন একসেঞ্জৰ মানুহে মোৰ ৰং চাবলৈ কৰে নে দূৰৈৰ পৰা ফোন কৰা কাৰণে এনে হয় বুজি নাপাওঁ | আকৌ কৈছোঁ বেয়া নাপাব, ম‍ই জানি বুজি কৰা নাই, অসময়ত অসুবিধা দিয়া বাবে ক্ষমা কৰিব |
- ৰ’ব, আপুনি কি ডাঙৰ ভুল কৰিলে যে ম‍ই ক্ষমা কৰিব লাগে | কেতিয়াবা এনেকুৱা হয়েই, আৰু আপুনি বহু দৰৰ পৰা ফোন কৰা বুলি ক’লে যে, ক’ত থাকে আপুনি ? আৰু নম্বৰটো অচিনাকি লাগিছে |
- ধন্যবাদ, এটলিষ্ট আপুনি মোক গালি নাপাৰি মোৰ অবস্থাটো বুজি পাইছে | সুধিছে যেতিয়া কৈয়েই দিওঁ, ম‍ই অসমৰে, এতিয়া পঢ়াৰ তাগিদাত আমেৰিকা যুক্তৰাজ্যৰ মিছিছিপি ৰাজ্যত আছোঁহি | ঘৰৰ পৰা বহু দূৰত থাকি বৰ অকলশৰীয়া অনুভৱ কৰোঁ, বিশেষকৈ শনিবাৰ-দেওবাৰে, সেয়েহে মোৰ আলহী, বন্ধু-বান্ধবী সকলোলৈ প্ৰায়ে ফোন কৰি কথা পাতোঁ | কেতিয়াবা তত্‍ক্ষণাত উৰি যাবলৈ মন যায় !
- বুজি পাওঁ দিয়ক, ঘৰৰ পৰা দুদিন আঁতৰি থাকিব নোৱাৰোঁ, নাজানো আপুনি কেনেকৈ আছে | তাতে অচিনাকি পৰিৱেশত অচিন মানুহৰ লগত | ম‍ই হ’লে এদিনো থাকিব নোৱাৰিলোঁহেঁতেন | সেয়েহে ইমান পঢ়া-শুনা নকৰিলোঁ | হাঃ হাঃ হাঃ
- অ’ কি হ’ল, ইমানকৈ হাঁহিছে যে...
- ম‍ই বাহিৰত অকলে থাকিব নোৱাৰাৰ বাবে পঢ়া শুনা নকৰিলোঁ বুলি কোৱা বাবে | আপুনি বা কি ভাবিছে ?
- ম‍ই একো ভবা নাই দিয়ক | ভালেই হৈছে, এতিয়া অন্ততঃ ঘৰতে থাকিব পাৰিছে বা কিবা কৰিলেও ঘৰৰ পৰাই কৰি আছে | ঘৰৰ মানুহকেইজনৰ লগত একেলগে থকাৰ আনন্দ হয়তো আপুনি অনুভৱ কৰিব নোৱাৰে, কিন্তু তেওঁলোকক লগ পোৱাৰ কিমান আকুলতা তাক হয়তো মই প্ৰকাশ কৰিব নোৱাৰিম... কিমান আগ্ৰহেৰে সেই ঘৰলৈ যোৱা দিনটোলৈ বাট চাওঁ ! আজি এটা কথাত মোৰ ভাল লাগিছে, হঠাতে এজনী অচিনাকি ছোৱালীয়ে মোৰ লগত খুলি কথা পাতিছে |
- ম‍ই অলপ বেছিকৈ কথা কওঁ |
- ময়ো ঠিক তেনেধৰণৰ মানুহ, তাতে ইয়াত যে অসমীয়াত কথা কবলৈ মানুহ নাই | বাৰু বেয়া নাপায় যদি আপোনাৰ বিষয়ে অলপ কওঁকচোন |
- ম‍ই, মানে মোৰ নাম অনামিকা |
- অনামিকা ! ম‍ই কিবা অসুবিধাৰ সৃষ্টি কৰিম বুলি তেনেকৈ ক’লে নেকি? হয়ো দিয়কছোন, ম‍ইনো কোন আপোনাৰ আচল নামটো জানিবলৈ |
- ম‍ই ভাবিছিলোৱেই আপুনি তেনেকৈ কব বুলি, কিন্তু উপায় নাই, আজি ম‍ই আপোনাৰ বাবে হঠাতে নামটো সলাই দিব নোৱাৰোঁ | আৰু যদি ইচ্ছা কৰে এতিয়াও বেলেগ নাম এটা কব পাৰোঁ |
- হয় নেকি ? সচৰাচৰ মানুহৰ হোৱাৰ দৰেই মোৰো একেই ধাৰণা হৈছিল | পিছে আপোনাৰ নামটো অনামিকা নাৰাখি অনুৰাধা ৰাখিব পাৰিলেহেঁতেন |
- অনুৰাধা কিয় ? আৰু যেতিয়া মোৰ নামটো ৰাখিছিল, তেতিয়া ম‍ই সেইটো কি বস্তু গমেই পোৱা হোৱা নাছিলোঁ | হয়তো মোৰ মা-দেউতাই এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হওঁক বুলিয়েই এই নাম ৰাখিছিল | হাঃ হাঃ হাঃ |
- এইখিনি সময় কথা পতাৰ পিছত কিবা আপোনাক সমীৰণ বৰুৱাৰ অনুৰাধা যেন লাগিছে | নাজানো কিয় ? নামেৰে কি আহে, কামেৰেহে আহে; নে কি কয় আপুনি ?
- হয় |
- মোৰ নামটো কাৰোবাৰ ভুলৰ বাবেই চাৰ্টিফিকেটত Akhil ৰ ঠাই Okhil হ’ল | পিছত সলাবলৈ যো-যা কৰিছিলোঁ | পিছে মোৰ শিক্ষাগুৰু এজনে নামেৰে একো নাহে কামেৰেহে আহে বুলি উত্‍সাহ দিয়াত বাদ দিলোঁ |
-আপুনি পিছে ঠিকেই কৰি আছে |
- মানে?
- ইমান দৰত গৈ পঢ়িব পাছে, আমি চিনেমাত দেখা দৃশ্যবোৰ নিজ চকুৰেই দেখা পাইছে, বিভিন্ন ঠাই ফুৰিব পাছে, আমালৈ গৌৰব কঢ়িয়াই আনিছে... আৰু কি লাগে আপোনাক !
- সেইবোৰ বাৰু পিছত হব | কি কৰোঁ, কি নকৰোঁ পিছত দেখা পাব | পিছত বোলে ইয়াতেই থাকি গ’লো... আপোনাৰ নামটোতে ইমান কথা ওলাল, আৰু বহুত আছে |
- মোৰ লগত কথা পাতি বেয়া পাইছে নেকি ?
- নাই, কিয় বেয়া পাম ? মই আগতে দেখোন ক’লোঁ যে মাতৃভাষাত এষাৰ কথা পাতিবলৈ এসপ্তাহ ৰব লগা হয় | আজি কথা কোৱাৰ সংগীহে পাইছোঁ | মাত্ৰ ছোৱালী বুলি মিঠা কথা পাতিবলৈ ফোন কৰি আছোঁ বুলি নাভাবিব | ছোৱালী বিলাকে আকৌ তেনেকৈ ভাবে |
- ম‍ই তেনেকুৱা ছোৱালী নহয় | সেইকাৰণে মোৰ ল’ৰা বন্ধু বেছি | আচলতে কি জানে, ছোৱালী বিলাকৰ মনবোৰ শংকাৰে পৰিপূৰ্ণ | কিবা এটা কৰিবলৈ বা কবলৈ ভয় কৰে | কোনোবাই চলাহী কথা কৈ প্ৰবঞ্চনাৰ কৰাৰ ভয় | আচলতে আমাৰ সমাজৰ নিয়মবোৰেই এনেকুৱা কৰিলে | এইটো নকৰিবা...তালৈ নাযাবা...মানুহে বেয়া বুলিব...এইবোৰৰ কাৰণেই ছোৱালীবোৰৰ মনবোৰ সংকুচিত হয় | ম‍ই পিছে বেলেগ ধৰণৰ | ল’ৰাৰ লগত সমানে নহলেও কিছু ফেৰ মাৰিব পাৰোঁ |
-    উহ |
- কি হ’ল? ভয় খাইছে নেকি? আপোনাৰ লগত ফেৰ মাৰিব পৰা মোৰ সাহস নাই দিয়ক | আমাৰ ঘৰৰ চাৰিজনী ছোৱালীৰ ম‍ই তিনি নম্বৰ | বোধহয় মা-দেউতাই ল’ৰালৈ আশা কৰি থাকোঁতে এই পৃথিৱীলৈ আমি চাৰিজনী আহিলোঁ | এতিয়াও মা-দেউতাৰ দুখ আৰু মানুহ বিলাকেও তাকে কৈ জ্বলা জুইত ঘিঁউ ঢালে | মোৰ খুব খং উঠে | ম‍ই মা-দেউতাক বুজাওঁ, উদাহৰণ দেখুৱাওঁ, কেইজন ল’ৰাই মাক-দেউতাকক বুঢ়া বয়সত চায় ? বিয়া কৰাই বাহিৰত থাকিব আৰু পিছলৈ বিহুৱে সংক্ৰান্তিয়েও আহিবলৈ আহৰি নাপায় | সৰুৰে পৰা নিজে নাখাই হলেও মৰমৰ ল’ৰাজনক খুৱায় আৰু পাখি গজিলেই উৰা মাৰে | প্ৰথমতে পঢ়াৰ তাগিদা, পিছত চাকৰিৰ অজুহাত |
- কথা খিনি মোকেই কোৱা যেন লাগিছে...!
- ক্ষমা কৰিব | কি কব ফটা মুখ, ওলাই যায়, ভিতৰত বহু হা-হুমুনিয়াহ আছে, সুবিধা পালেই ওলাই যায় | বেয়া নাপাব |
- বেয়া নাপাওঁ দিয়ক | আমাৰো প্ৰায় একেই | আপোনাৰ ঠাইত যেনিবা ম‍ই | ল’ৰা বুলি মোক অলপ বেছি মৰম নকৰা নহয়, পিছে ম‍ইহে বেছি মৰম লবলৈ বেয়া পাওঁ | আমাৰো ছোৱালী তিনিজনীয়ে মা-দেউতাক চোৱা-চিতা কৰে | বজাৰ-সমাৰ কৰা, ডাক্তৰক দেখুওৱা, ঔষধ কিনা সকলো সিহঁত তিনিজনীয়েই কৰে | ম‍ই সেই পঢ়াৰ তাগিদাত (?) বাহিৰত থাকোঁতেই যায়, ভাৰতত থাকোঁতে বিহুৱে সংক্ৰান্তিয়ে এবাৰ যাব পাৰিছিলোঁ, এতিয়া তাৰো মুদা মৰিল |
- আপুনি কি ভাবে কব নোৱাৰোঁ, ম‍ই হ’লে বৰ বিৰোধিতা কৰোঁ | ল’ৰা-ছোৱালী সমান হব লাগে | আমি কি দোষ কৰিছোঁ, যে এইটো নকৰিবা, সেইটো নকৰিবা কৰি থাকে ! ম‍ই মোৰ বান্ধৱীহঁতক বুজাওঁ | পিছে কাম নাই, সকলোৱে কিবা নহয় কিবা অজুহাত দেখুৱায় |
- অ’ আপুনি দেখোন আজিৰ দিনৰ আইদেউ সন্দিকৈ, চন্দ্ৰপ্ৰভা শ‍ইকীয়ানী, নিৰ্মলপ্ৰ্ভা বৰদলৈ...|
- ম‍ই সিমান দলৈ যোৱা নাই ৰ’ব, মাত্ৰ তেওঁলোকৰ আদৰ্শহে লৈছোঁ তেওঁলোক মোৰ আদৰ্শ মহীয়্সী | যি সময়ত বাল্যবিবাহ প্ৰচলন আছিল তেতিয়াই তেওঁলোকে বহু কৰি থৈ গৈছে | আমি এতিয়াও একো কৰিব পৰা নাই, আমি যেন আকৌ পিছুৱাই গৈ আছোঁ |
- কিনো কৰিম বুলি ভাবিছেনো ?
- এহ, ইমান দেৰি এনেয়ে বকবকালোঁ | এই আপোনালোকে যে আমিবোৰ দুৰ্বল বুলি ভাবি থাকে, আচলতে আমিও যে কিবা এটা কৰিব পাৰোঁ তাকে দেখুৱাম বুলি ভাবিছোঁ |
- হয় নেকি ? কিবা সহায় লাগিলে কব ?
- অ’হ, সহায় লাগিব মানে ?... সহানুভূতি দেখুৱাব খুজিছে নেকি? সেইখিনিতেই ভুল, আপুনি কেনেকৈ ভাবিলে যে ম‍ই আপোনাৰ পৰা সহায় বিচাৰিম |
- ক্ষমা কৰিব | উঠাই লৈছোঁ দিয়ক | ময়ো আপোনাৰ সৈতে একমত | সকলোবোৰ সমান হব লাগে | আপুনি বিশ্বাস নকৰিব, ম‍ই সদায় মোৰ বাইদেউহঁতক বুজাওঁ, অলপ স্বাধীন ভাবে ঘৰিবলৈ, ফুৰিবলৈ... পিছে আপোনাৰ বান্ধবীৰ নিচিনাকৈ সিমান কামত অহা নাই |
- আপোনাৰ কথা খিনি শুনি ভাল লাগিল |
- মোৰ বাইদেউৰ বিয়াৰ পিছত লক্ষ্য কৰিছোঁ তাই যেন একেবাৰে সলনি হৈ গ’ল | আগৰ সেই পতিয়েই সৰ্বস্ব ভাৱাপন্ন মোৰ সাইলাখ আইতাজনী | সকলো যেন গিৰিয়েকৰ হাতত এৰি দিলে, বুকুত অজস্ৰ ভয় | ম‍ই বুজাওঁ- শ্ৰদ্ধা থাকিব লাগে, কিন্তু ভয় ভা থাকিব নালাগে | দুয়োৰে মাজত প্ৰেমভাৱ থাকিলেহে সংসাৰখনৰ কাম কাজ নিয়াৰকৈ কৰাত সুবিধা হয় | আৰু এটা কথা, বিয়াৰ পিছত ছোৱালী এজনী কেনেকৈ ইমান সোনকালে এটা নতুন পৰিৱেশৰ লগত মিলি যায় ম‍ই ধৰিব নোৱাৰোঁ | সৰুৰে পৰা ডাঙৰ হোৱা ঘৰখন এৰি যোৱাটো কম দুখৰ কথা নহয় | ভগৱানেনো ইমান কষ্ট দিব লাগেনে !!! এইবিষয়ে আপোনাৰ ধাৰণা কি ? আপুনি মোতকৈ অলপ বেছি বুজি পাব, হাজাৰ হওঁক আপুনি ছোৱালী নহয় বুলি কব নোৱাৰে দিয়কছোন !!!
- ম‍ই কেতিয়াও ছোৱালী নহয় বুলি কব খোজা নাই | ম‍ই সমাধিকাৰহে দাবী কৰিছোঁ | ময়ো ভালদৰে বুজি নাপাওঁ | সেয়েহে ছাগে আপোনাক আজি ইমানবোৰ কথা কব পাৰিছোঁ | মোৰো দুজনী বাইদেউৰ বিয়া হৈ গৈছে | সি্হঁত পিছে আইতা নহলেও শাহুৱে গৰকা বোৱাৰীৰ দায়িত্ব পালন কৰি আছে | মোৰ ভিনদেউ যদি আপোনাৰ দৰে হ’লহেঁতেন !!!
- মোৰ নিচিনা মানে – বিয়া কৰাই শাহুৱে নগৰকাকৈ বাহিৰলৈ লৈ যোৱাৰ কথা বুজাব বিছাৰিছে নেকি? আচলতে এইখিনিতে ছোৱালীয়ে দিক হেৰায় | অলপ আগতে আপুনি কৈছিল যে বিয়া কৰাই ল’ৰাই মাক-দেউতাকক চাবলৈ নাহে আৰু এতিয়া কৈছে যে আপোনালোকে শাহুৰ গৰক খাব নোখোজে |
.....
মৌন হৈ ৰ’ল যে !!!
- এইবিলাক জটিল, আমি দুয়োটাই কৰিব লাগে, আৰু নালাগে |
- কি কব বিছাৰিছে ?
- বিয়া কৰাই সমাধিকাৰ দিয়ক, আপোনালোকে যি কৰে আমিও তাকে কৰিব পাৰোঁ | চাকৰি নকৰিলেতো কথাই নাই, চাকৰি কৰিলেও দেখা যায় যে বহু ছোৱালীয়ে বিয়াৰ পিছত নিজৰ নিচা-পেছা বাদ দি ভাতৰ চৰু ডিঙিত ওলোমাই ল’ৰা-ছোৱালী ডাঙৰ কৰাত ব্যস্ত হবলগীয়া হয় | সেইখিনিতো আপোনালোকেও কৰিব পাৰে, কিন্তু নকৰে, পিতৃ প্ৰধান সমাজ | ঘৰৰ কাম খিনি সমানে ভগাই ল’লেই হ’ল |
- কথাটো নোহোৱা নহয় | আপোনাৰ কিছুমান কথাত মোৰ মত আছে – পিছে সহায় কৰিবলৈ গৈ সহানুভুতি নেদেখুৱাও বাৰু !!!
- আপোনাৰ প্ৰতিটো কথা মনত থাকে দেখোন !!!
- যিকিনহওঁক আজিলৈ এৰোঁ |
- কিয় ? বেয়া পালে নেকি ?
- নাই নাই, মোৰ লগৰ এজনী আহিছে |
- অসমীয়া ?
- নহয়, টাইৱানিজ | অ’হ – আপোনাৰ লগত কথা পাতি ভাল লাগিল | বেয়া নাপায় যদি ফোন নম্বৰটো দিব নেকি ? আজি ক্ৰচ কানেকচনহে হৈছিল |
- অ’হ... ম‍ই পাহৰিছিলোঁৱেই, এনে লাগিছিল যেন আপোনাক বহু দিনৰ পৰা জানোঁ | মোৰ নম্বৰটো হ’ল – 9435519890 | আশা কৰোঁ মোলৈ ডায়েল কৰিলে ক্ৰচকানেকচন নহয় |
- ময়ো তেনেকুৱাকৈয়ে ভাৱো, পিছে এনেকুৱা ক্ৰচকানেক্টচন হ’লে বেয়া নহয় | শুভৰাত্ৰি |
- ঠিক আছে বাৰু । আপোনাৰ দিনটো শুভ হওক, শুভেচ্ছা থাকিল ।

No comments:

Post a Comment