Thursday, February 17, 2011

মিউনিখৰ ডায়েৰী (প্ৰথম খন্ড)

  চাওঁতে চাওঁতে পাঁচ মাহ হৈ গ’ল ম‍ই ইয়ালৈ (মিউনিখ, জাৰ্মানী) অহাৰ... ভাষাৰ সমস্যা, লগ-বন্ধুৰ অভাৱৰ বাবে ওলাই যাবলৈ অকনমান টান লাগে...লগতে ঠান্ডাতো আছেই, -(মাইনাচ)৭-৮ ডিগ্ৰী চেন্টিগ্ৰেড...ওপৰৰ পৰা তুষাৰ...সাতে-সোতৰ মিলি ওলাই যোৱা নহয়...শণিবাৰ-দেওবাৰে চিনেমা চাই কটোৱা হয়...
এতিয়া ভাবিলো মিউনিখত থাকি ইয়াত থকা বস্তুবোৰ চাই নগলে পিছত আহি চাই যোৱাৰ কেতিয়াও আশা কৰিব নোৱাৰি...এতিয়া ঠান্ডাও অলপ কমিছে...ঋণাত্মকৰ পৰা ধনাত্মক (৭,৮) হোৱা মানে দেহত অকন গৰমেই লাগে!!!...সেয়ে শণিবাৰ-দেওবাৰে মিউনিখৰ ঐতিয্য জনাৰ হাবিয়াস কৰিলো...
৫ ফেব্ৰুৱাৰী শণিবাৰ, লক্ষ্য: Englischer Garten ( English Garden), ...শুণিছো বহুত বেছি দীঘ্ল বাগিছাখন পৃথিৱীৰ ভিতৰত অন্যতম | ৩.৭ কিলোমিটাৰ দীঘল বাগিছাখন ১৭৮৯ চনত Sir Benjamin Thompson য়ে সাজিছিল, তাৰপিছত অৱশ্যে বহুতৰ পৰশ পৰিছে এই বাগিছাখনত | ইয়াৰ নামটো সেই সময়ত গ্ৰেট ব্ৰিটেইনত বাগিছাৰ নিচিনা বুজাবলৈ দিয়া হৈছিল | কৃত্ৰিম ভাৱে বনোৱা ইচবাখ (Eisbach) নৈৰ পাৰে পাৰে খোজ কাঢ়িলো...তেতিয়া আবেলি তিনিমান বাজিছে...বতৰ ফৰকাল ...মানুহবিলাক আবেলিৰ বতাহ খাবলৈ ওলাই আহিছে...কোনোৱাই তেওঁলোকৰ ল’ৰা-ছোৱালীক ফুৰাবলৈ আনিছে, আন কোনোৱাই নিজেই দৌৰি দৌৰি দেহৰ যতন লৈছে...মানুহ এজনে জিৰ-জিৰ কৈ ব‍ই যোৱা পানীৰ সুৰৰ লগত গীতাৰ বজাই থকা দেখি মনটো অজান আনন্দত নাচি উঠিল...মানুহজনৰ কাষত এটা মোনা আৰু বিয়েৰৰ বটল...নদীত থকা হাঁহ বোৰৰ বাবে মানুহে ৰুটি লৈ আনিছে, তাকে দি ল’ৰা-ছোৱালী বোৰ আনন্দত আত্মহাৰা হৈছে..."মা মা, চোৱা চোৱা, কেনেকৈ খাইছে !"
অলপ শিলৰ ওপৰতে বহিলো...অচিনাকি ঠাই, অচিনাকি মানুহ, মাত্ৰ অস্ত যাবলৈ ধৰা সূৰ্য্য টোয়ে যেন মোৰ মনৰ ভাষা বুজি পাইছে...প্ৰায় এঘন্টা খোজ কাঢ়ি ভাগৰি পৰিলো...বাছ এখনত উঠি ৰুমলৈ উভতিলো...
 ৬ ফেব্ৰুৱাৰী, দেওবাৰ, লক্ষ্য : Stadtmuseum, মিউনিখ চহৰত বহু মিউজিয়াম আছে, মানে ভাগে ভাগে সজাই থোৱা আছে, যেনে- ঐতিহাসিক, আধুনিক, কলা-শিল্প, ইত্যাদি | স্টেতমিউজিয়ামটোত মিউনিখৰ নিজস্ব বস্তুবোৰ আছে |১৯৮৮ চনৰ ২৯ জুলাইত স্থাপন হোৱা এই মিউজিয়ামটোত মিউনিখ চহৰৰ ইতিহাস সামৰিবলৈ যত্ন কৰা হৈছে |  ইয়াতে "Typical Music" বুলি এটা শাখা আছে | প্ৰথমতে ম‍ই সেইটোলৈ যাবলৈ মনস্থ কৰিলো, ৪ ইউৰো টিকট...দেওবাৰ কাৰণে আজি ২ ইউৰো কম ! গাইড কৰি দেখুৱাই দিয়াৰ কাৰণে মানুহ থাকে, কিন্তু আজি দেওবাৰে ইংৰাজীৰ গাইড নাই...তাৰবাবে ৩ ইউৰো দি টেলিফোন হেন্ডচেট এটাৰ দৰে যন্ত্ৰ এটা ললো, বুটাম কেইটা টিপি নিজে নিজে শুণিব পাৰি...প্ৰতিটো বস্তুৰ কাষত এখন ফলকত এটা নম্বৰ থাকে আৰু তাৰ তলত জাৰ্মান ভাষাত বাখ্যা কৰা থাকে, সেইখিনিয়ে মেচিনটোত ইংৰাজীত কোৱা হয়...ধুনীয়া কন্ঠৰে কি, কেনেকৈ, ক’ত, কিয় বিখ্যাত কৈ দিয়ে |
প্ৰথম সোমায়েই এটা ডাঙৰ মানুহৰ মূৰ্ত্তিৰ সন্মুখীন হলো, ক’লা মূৰ্ত্তিটো এজন সেনাপতিৰ যেন লাগিল, ১১৫৮ চনৰ ১৪ জুন তাৰিখে ৰজা ফেড্ৰিক বাৰ্বাৰোছা (Freidrich Barbarossa) মিউনিখ চহৰত এখন বজাৰৰ শুভ আৰম্ভ কৰিছিল বুলি বিশ্বাস কৰা হয়, আৰু তেওঁৰেই মূৰ্ত্তি বুলি ধৰা হৈছে সেইটো | মিউনিখ নামৰ অৰ্থ হ’ল "নদীৰ পাৰৰ ঠাই" (ইছাৰ (Ishar) নদীৰ পাৰত অবস্থিত",  শব্দটো প্ৰ’ট’- ভাষাৰ (proto-language) পৰা অনা হৈছে বুলি বিশ্বাস কৰে | আৰু এটা সুত্ৰ‍ই কয় যে যিহেতু ম’ক (Monk)  সকলে মিউনিখ স্থাপন কৰিছিল সেয়েহে ইয়াৰ নাম তেনে হ’ল |
তাৰপিছত যুদ্ধত ব্যবহাৰ কৰা অস্ত্ৰ-শস্ত্ৰৰ পৰা আৰম্ভ কৰি ৰন্ধন প্ৰনালীত ব্যৱহাৰ হোৱা বাচন-বৰ্তন দেখিবলৈ পালো | বাচন-বৰ্তন বোৰ দেখি মনটো ভাল লাগিল কিয়নো সেইবোৰ কাঁহ-পিতলৰে বনোৱা হৈছিল | আমাৰ আগৰ ককা-আজোককাসকলৰ দিনত তেনেবোৰ বাচনেই ব্যৱহাৰ কৰিছিল | আজিকালিহে ষ্টেইনলেছ ষ্টিলে সকলো দখল কৰিলে | বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চালে কাঁহ-পিতল ব্যৱহাৰ কৰাতো যুক্তিসংগত আছিল | তাত থকা কপাৰ ধাতু আমাৰ দেহৰ বাবে আবশ্যকীয় মৌল বুলি বহুত পিছতহে গম পোৱা গৈছিল |
ক্ৰম অনুসৰি ৰজা-মহাৰজা, লগতে বিখ্যাত সেনা-পালিনেতা মুৰ্ত্তি সজাই থোৱা আছে | ওপৰ মহলাতো তেনেকৈ আচবাববোৰ আতকধুনীয়াকৈ সজাই থৈছে | তাৰে এখন মেজ (টেবুল) দেখি বৰ ভাল লাগিল | কাঠৰ মেজখনত ধাতুৰ (তাম) প্ৰলেপ দিয়া আছে | ১৮২৪ চনত ৰজা মেক্সমিলিয়ানৰ উপহাৰ দিয়া হৈছিল | মেজ খনৰ ওপৰত বিভিন্ন ধৰণৰ ছবি অঁকা আছে, তাৰ ভিতৰত ইংলেন্ডৰ বাগিছা এখন অন্যতম | সকলোবোৰ ছবি সজীৱ হৈ আছে |
মিউনিখৰ ঐতিয্যৰ ভিতৰত পুৰণা চহৰৰ নমুনা (ওচৰতে নতুন খনক ৰিজোৱা আছে ), বিখ্যাত কাঁচ (আইনা) ৰ ঘৰৰ ছবি, হাৰকিউলিছৰ ফ’ট’, প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ ছবি আৰু চিনেমা, হিটলাৰ ভাষণ আদি উল্লেখযোগ্য | ডাঙৰ ঘুৰণীয়া বাকচ এটাৰ ভিতৰত বিভিন্ন ধৰণৰ 3D  ছবি দেখিবলৈ পালো |ৰজা Ludwig III  বিয়াৰ ছবিখন বিশেষ ভাবে সজোৱা আছে কাৰণ সেই বিয়াখন সাতদিন ধৰি পতা হৈছিল আৰু ঘোঁৰা দৌৰ প্ৰতিযোগিতা পতা হৈছিল|
তৃতীয় মহলা... puppet show... পুতলাৰে অভিনয়...দেখি মনটো নষ্টালজিক হৈ পৰিল | সৰুতে এবাৰ ঘৰৰ ওচৰত পুতলা নাচ চাইছিলো...দ্বিতীয় নে তৃতীয় শ্ৰেণীত পঢ়ি আছিলো...মাৰ কোলাত বহি বেউলা-লখীন্দৰ নাটক চোৱা আজিও মনত পৰে...বৰকৈ সাঁছ বহুৱাইছিল...বোধহয় ঘ্টনাৰ আতিগুৰি নাপালেও পুতলা বিলাকৰ জীবন্ত যেন লগা মাত-কথা, নাচ-বাগ আদিৰ কাৰণেই মোহিত হৈছিলো... তাৰ পিছত আৰু চাবলৈ নাপালো | ভাবিলে আচৰিত লাগে সেই পুতলাবোৰ আজিও সজীৱ হৈ আছে | কি যে মহ্ত্‍ কলা ! ঠিক তেনেকুৱাই পুতলা দেখিলো ইয়াত | আচৰিত ভাৱে ইয়াতো পুতলাৰ উত্তৰণ ঘটিছে... সেই মানুহ যেন লগা পুতলাৰ পৰা ৰবটলৈ...কিন্তু ৰবট হলেও সি পুতলা নাচ ৰ দৰেই ভাৱ-ভঙ্গী দিয়ে | পুতলা নাচৰ আচল কলাটো বহন কৰি আহিছে | তাতে থকা টিভি এটাত পুতলা নাচৰ অনুষ্ঠান এটাৰ পদৰ্শণ হৈ  আছিল | এবাৰ এটা ডাঙৰ পুতলাই ঢেক-ঢেককৈ বৰ জোৰে হাঁহি মোক ভয় খুৱাই দিলে | প্ৰথমতে ম‍ই একো ধৰিব পৰা নাছিলো, পিছ্ত মোৰ প্ৰতিবিম্ব ওচৰৰ দাপোণখন দেখি ম‍ই নিজে অকলে নাহাঁহি নোৱাৰিলো | তাৰ পিছ্ত পুতলা নাচৰ মন্চ্ঞ, এশৰো অধিক বিভিন্ন পুতলা, শান্ত-নিৰ্জুৰ পৰা, দস্যু-দানৱলৈ...তাত থকা মানুহ এজনক সুধি গম পালো যে এতিয়াও মাজে মাজে মিউনিখত পুতলা-নাচ হয় | ওলাই আহোতে এটা কথাই মনত খেলাই থাকিল আমাৰ উত্তৰ পুৰুষে পুতলা নাচ দেখিবনে অসমত...! কম্পিউটাৰাইজ কাৰ্টুনৰ ৰহস্যঘন, অকাল্পনিক ঘ্টনাৰ মাজত পুতলা নাচে ঠাই পাবনে ? ভৱিষ্যতৰ কথা বাদেই দিলো, এতিয়াৰ নতুন প্ৰজন্ম‍ই দেখিছেনে পুতলা নাচ ?!!!

1 comment:

  1. ভাল লাগিল৷ এনেদৰে বাহিৰৰ পৃথিৱীখনৰ অভিজ্ঞতাবোৰ পঢ়ি মনটো ভাল লাগি যায়... আগলৈ আৰু আশাৰে...

    ReplyDelete