Friday, January 14, 2011

উৰুকা (গল্প)

অফিচ ছুটি হওঁতে দেৰি হ’ল, তাতে পুহমহীয়া দিন | অৰ্ধছুটি লবলৈ বেয়া লাগিল, বিহু বুলি দুদিন ছুটি লোৱা হৈছেই | সহকৰ্মীবোৰ বহুত আগতেই গ’ল, নিজৰ বিহু-তাতে আজি উৰুকা, কিহৰ অৰ্ধছুটি লব লাগে লগৰ এজনৰ মন্তব্য | লৰালৰিকৈ বজাৰলৈ গলো, ঘৰত থকা মা আৰু ভন্টিহতৰ বাবে কিবা অলপ লৈ যাওঁ বুলি পাৰিলে চিতল মাছ অলপ আৰু ফল-মুল ! বজাৰত যেন জুই লাগিছে ! কেইদিনমানৰ পৰা বাতৰিকাকতত পিয়াঁজৰ অত্যাধিক মুল্যবৃদ্ধি হৈছে বুলি হুলস্থুল লাগি আছিল, কিন্তু আজি দেখোন কোনটোৰ মূল্য আকাশ চোৱা নাই বুলি সুধিলে উত্তৰ দিবলৈ টান হৈ পৰিছে ! ৪৮০ টকা কেজিৰে আধাকিলো চিতল মাছ, ১৮০ টকা কেজিৰে আপেল, ৮০ টকা ডজনেৰে কমলা লৈ লৰালৰিকৈ বাছখন ধৰিলোহি | কোনোমতে ভৰিখন থৈ মোনাখন মানুহ এজনক ওপৰত থবলৈ কলো | তেওঁ কোনোমতে অলপ খালী ঠাই উলিয়াই মোনাখন ৰাখিলে | চাকৰিজীৱি সকলো মানুহ আজি ঘৰলৈ যাব আহিছে মোৰ দৰে ! উৰুকাৰ দিনা ঘৰৰ মানুহকেইজনৰ লগত এসাঁজ মাছে-মঙহে খোৱাটো সকলোৰে হেপাহ | আগতে ভেলাঘৰ-ভেলাপুঁজিৰ যো-যা এসপ্তাহ আগৰ পৰাই পুৰাদমে চলিছিল, ডেকা-বুঢ়া সকলোৱে আগভাগ লৈ কামবোৰ নিয়াৰিকৈ কৰিছিল | আজিকালি সেই দিন আৰু নাই | সকলোবোৰ আত্মকেন্দ্ৰিক হ’ল | গাৱঁত ভেলাঘৰ-ভেলাপুঁজি দেখিবলৈ নোপোৱা হ’ল | হয়তো কোনোবাই নিজৰ ল’ৰা-ছোৱালীৰ আনন্দৰ বাবে ঘৰৰ ওচৰতে সৰুকৈ সাজি দিছে যেন এটা পুতলাহে | শুণিছো চহৰত বোলে ৰেডিমেড পুঁজি পায় ! এটা কথা মানিব লাগিব যে নতুনকৈ উঠি অহা ল’ৰা-ছোৱালীয়ে ভেলাঘৰ-ভেলাপুঁজি কেনেকুৱা আছিল তেনেকৈয়ে ধাৰণা কৰি লবলৈ লৈছে | এইবোৰ এতিয়া পৰীক্ষাৰ ৰচনাৰ বিষয়বস্তু হ’ল | ক’লৈ গ’ল সেই আনন্দ, উছাহ...! ৰাতি আলুতলিৰ পৰা আলু চুৰ কৰি পুৰি খোৱাৰ মজা ! সৰু সৰু জেওৰাবোৰ আনি জুই পুৱোৱাৰ হেপাহ | আমি চেঙেলিয়াবোৰে তেওঁলোকৰেই জেওৰাবোৰেই আনি মুখিয়ালসকলক ভেলাঘৰৰ ভিতৰত জুই পুৱাবলৈ দিছিলোহি ! আমাৰ পৰাই আনিলিনেকিহঁত বুলি সোধা উত্তৰত মিচিকিয়াই হাঁহি এটা মাৰি- নহয় বৰদেউতা অমুকৰহে বুলি আনৰ নাম এটা কোৱাত আমাৰ লগৰ অৰিজিত পাকৈত আছিল | আমি ভিতৰতে খুক-খুকাই হাঁহিছিলো |
গাড়ীখন মোৰ আস্থান পোৱাতহে সম্বিত ঘুৰি আহিল | ইতিমধ্যে মানুহ অলপ পাতলিছে | মোনাখন আনিবলৈ হাত মেলোতেহে মোৰ মুৰত কোনোবাই কোব মৰা যেন পালো | মোনাখন নাই, কোনোবাই মোৰ আগৰ আস্থানত নামি লৈ গ’ল | সলনি হ’ল বুলি বেলেগ মোনা চালো- নাই ! বোধহয় ছেগ বুজি লৈ গ’ল মোৰ মোনাখন | হায় কি হব এতিয়া ! উপায়ন্তৰ হৈ বেলেগ এখন মোনা কিনি বাছ আস্থানৰ সদিনিয়া গধুলি বজাৰৰ পৰা একেবাৰে শেষৰ খিচখিচিয়া মাছ কেইটামানকে ললো | দাদা, ইমান দেৰিকৈ, তাতে এইবোৰ মাছ আপোনাক দিবলৈ বেয়া লাগিছে, আগতে কলে আপোনাৰ কাৰণে মাছ অলপ ৰাখি থলোহেঁতেন | হবদে- সদায় দেখো ডাঙৰ মাছেই নি থাকো, আজি উৰুকাত আদা দি ৰন্ধা সৰু মাছৰেই জুতি লমদে বুলি সেইকেইটাকে লৈ খোজ ধৰিলো | এখনো ৰিক্সা নাই, নহবতো- সিহঁতৰো উৰুকা আছে ! তিনিকিলোমিটাৰমান ৰাস্তা খোজ কাঢ়ি যোৱাতো ঠান্ডাৰ সন্ধিয়া দিগদাৰ যদিও আজি মনটো কোচ নাখালে | কোনেনো ক’ত কি কৰিছে চাবলৈ হেপাহ উপজিল | মুছলিম মানুহ খিনি পাৰ হৈ এখন বহল আৰু ডাঙৰ পথাৰ | আগতে দুৰ-দুৰণিলৈ মানুহ দেখা পোৱা নাছিল, আজি কেইবছৰৰ মানৰ পৰা দহ-বাৰ ঘৰ মানুহ ৰাস্তাৰ দুয়োপাৰে বহিছেহি | কেইঘৰমানত টিভিৰ পৰা ডাঙৰ ডাঙৰকৈ হিন্দি চিনেমাৰ ডায়লগ আহি মোৰ কাণত পৰিলিহি | নতুনকৈ ধনী হৈ ৰঙীন টিভি লৈছে ছাগে ! দুঘৰমানত স্কুলীয়া ল’ৰা-ছোৱালীয়ে চিয়ঁৰি চিয়ঁৰি ইংৰাজী পদ্য (ৰাইম) পঢ়ি থকা শুণিলো | ক’ত উৰুকা-ক’ত ইংৰাজী ৰাইম | পাঠশালাৰ বকুলজোপাৰ তলত বগাকৈ বগলী বহলাই বহিছে... চিয়ঁৰি চিয়ঁৰি মতা কবিতাটোলৈ মনত পৰিল | আজিকালি বকুল থকাটো দুৰৰে কথা তেনেকৈ মতাৰ অভ্যাসো নাইকিয়া হ’ল ! মনত পৰে- কাষলতিৰ তলত দেউতাই ব‍ই দিয়া ধাৰিখন আৰু হাতত দুখন কিতাপ আৰু ফলিখন লৈ বাইদেউহঁতৰ পিছে পিছে দৌৰিছিলো | আজিকালি পিঠিত এটা ডাঙৰ বেগ দি পঠিয়ায়, কোনেও ভাবি নাচায় সিহঁতে সেইটো কিমান কষ্টেৰে কঢ়িয়াই নিয়ে | তাৰ পিছ্ত হমৱৰ্ক | ইংৰাজী মাধ্যমৰ বুলি শকত অংকৰ ধন লয়, তাৰপিছ্ত গোটেইখিনি কাম মাক-বাপেকৰ হতুৱাই কৰোৱায় | নহলেনো আজি উৰুকাৰ দিনা ইংৰাজী পদ্য মাতিব লগা হয়নে |
মুল পথটোৰে নগৈ অলপ ছুটি ৰাস্তা এটা ললো | বিশ-পঁচিশ ঘৰমানেৰে দিন হাজিৰা, কাৰোবাৰ আধি কৰি খোৱা মানুহৰ সৰু চুবুৰী এটা | ইয়াতো উৰুকাৰ উছাহ দেখিবলৈ নাপালো | যোৱাবাৰৰ খৰাং আৰু এইবাৰৰ বানপানীয়ে এওঁলোকক ভালকৈয়ে জুৰুলা কৰিছে | তাতে বজাৰত বস্তুৰ জুই-ছাই দাম | সৰু-সুৰা চাকৰি থকা মানুহ এজনৰ কাৰণেও বজাৰলৈ যাবলৈ ভাবিব লাগে | ছিক্স-পে কমিছনৰ পিছত যে এনেকুৱাকৈ বস্তুৰ দাম বাঢ়িল কোনেৱে তলকিব‍ই নোৱাৰিলে | এফালে দি যেন আনফালে মাৰিছে | কিন্তু এই মানুহবিলাকৰ কি হব | মুল্যবৃদ্ধিয়ে এওঁলোকক কোঙা কৰিলে | মানুহৰ মাজত ব্যবধান বাঢ়িল লাহে লাহে | এফালে ৰঙীন টিভিৰ চিনেমা আনফালে কেৰাচিনৰ চাকিৰ পোহৰত অনাহাৰি জীৱ্ন |
ভাবি ভাবি কেতিয়া ঘৰ পালোহি গমকে নাপালো | লেমৰ পোহৰত মাই কাঠিত বহি মোলৈ বাট চাই আছে | কি হ’ল এনেকৈ বহি আছা যে বুলি সোধাত ম‍ই আহি পালেহে ভাত ৰান্ধিব বুলি ৰৈ আছে বুলি কলে | এই দুৰ্দিনত হয়তো প্ৰতিগৰাকী মাকে নিজৰ সন্তানক নেদেখালৈকে মনত সান্তনা লব নোৱাৰে | গাৱঁতে কটা ছাগলীৰ মাংস ৪০০ টকা কিলোৰে অনা বুলি কোৱাত মনটো অলপ সাঁত পৰিল | গৰমে গৰমে পিঠা খাওঁ বুলি ভন্টিহঁতৰ ওচৰত জুহালত বহিলোগৈ |... (১৪ জানুৱাৰী,২০১১)

1 comment:

  1. Nice story based on present day to day life. Hope to see more from you.
    arindam

    ReplyDelete