Thursday, December 30, 2010

আলহী (১ মিনিটৰ গল্প)


...বিক্ৰমদাৰ ঘৰলৈ দুদিনৰ কাৰণে আলহী খাবলৈ গৈছিলো | তেওঁ থকা চহৰখনত মোৰ সাক্ষ্যাত্‍কাৰ এটা আছিল লগতে পুৰস্কাৰ এটাও লব লগা আছিল |...
বিক্ৰমদাৰ সাদৰী বৌজনীয়ে আথে-বেথে বহুৱালে | লাহী, ওখ, চুলি ছুটি মানুহজনীয়ে ইমান অন্তৰংগ ভাৱে কথা পাতে- তেওঁ যে সৰুৰ পৰা দিল্লীত ডাঙৰ হোৱা ধৰিব‍ই নোৱাৰি | আতকধুনীয়া ঘৰটো বৰ ধুনীয়াকৈ পৄথিৱীৰ বিভিন্ন দেশৰ বস্তুৰে সজাইছে ; পিছে ঘৰৰ পিছ্ফালে যাওঁতেহে মোৰ চকু কপালত উঠিল- কেটেং মেটেং দুজনী অসমীয়া গাই গৰু টিনৰ চালি এখনৰ তলত বান্ধি থোৱা আছে, আগত কেইদালমান শুকান খেৰ | আমাৰ চিৰিয়াখানাৰ জন্তু বোৰে মানুহ গলে যেনেকৈ বৰ কৰুণ চাৱনি এটা দিয়ে, তেনেকৈ সেই দুজনীয়ে মোলৈ চোৱা দেখি মনত বেজাৰ লাগিল | ম‍ই সোধাত তেওঁ সেইকেইজনী যৌতুকত পোৱা বুলি কলে | আইঐ দেহি- দক্ষিন ভাৰতীয় হোৱা হলে ভাল অংকৰ ধন এটা পালেহেতেঁন (!)-মনতে ভাৱিলো | তাৰ পিছ্ত এটা দমকল... চেৰো-গেৰোকৈ কানতাল মৰা শব্দ কৰি অলপ-অচৰপ পানী দিয়ে | বাহিৰৰ দেশৰ মানুহে সেইটো সংগ্ৰাহালয়ৰ বস্তু চোৱাদি চায়হি বোলে |  দুদিনৰ ভিতৰত বিক্ৰমদাক মাত্ৰ এবাৰহে ভালকৈ লগ পালো- অফিচৰ কামত বস্ত্য থকা দাদাই বোলে অফিচ ছুটিৰ পিচত কিবা অসমীয়া ভাষাৰ অনলাইন অভিধানৰ কামত বস্ত্য থাকে, লগতে আজিকালি নতুনকৈ ফেচবুকৰ জৰিয়তে অসমীয়া ভাষাৰ উন্নতিৰ হকে দেহে-কেহে খাটি আছে |

No comments:

Post a Comment