...বিদ্যা-বাচস্পতি...
(১)
“তোমলোকৰ মাজত কোন কোন ডাক্তৰ হ’বা?”
“ছাৰ, মই !” উচ্চজিতে তপৰাই মাত দিলে ।
“আজি পৰা গৰমৰ বন্ধ,
তোমালোকে বন্ধত য’তে-ত’তে খেজুৰ, জাম, জলফাই আদি খাই ফুৰিবা আৰু এইবিলাকৰ পৰা কলেৰা
নামৰ মহামাৰীৰ হব, সেয়েহে আজি ডাক্তৰ আহিব, তোমালোকক বেজি দিবলৈ । কোনো পলাই নাযাবা ।”
উচ্চজিত ডাক্তৰ হব...
সি আনক বেজি দিব, ডাক্তৰে নিজে বেজি নলয় নহয়...
তেওঁলোকে আনৰ বেমাৰ-আজাৰ ভালহে কৰে... যদি খেজুৰ, জাম, জলফাই আদি খালে বেমাৰ হয় তেন্তে নাখালেই হ’ল... সি
সেইবোৰ নাখায় থাকিব তথাপি বেজি নলয় !
সৰু পানী চুবলৈ যাওঁ
বুলি বাহিৰলৈ আহি সি আৰু স্কুললৈ ঘূৰি নগ’ল ।
আহিবৰ সময়ত লগৰে হৰেশ্বৰক এটা মাৰ্বল দিম বুলি কিতাপ আৰু ঢাৰিখন আনিব কৈ আহিল ।
স্কুলৰ পৰা ওলাই সি ঘৰলৈ যাব নোৱাৰিলে কাৰণ ঘৰত গম পালে আকৌ স্কুললৈ বেজি দিয়াবলৈ
আনিব ।
সিহঁতৰ স্কুলখন এটা ডাঙৰ ৰাজহুৱা পুখুৰীৰ
পূবপাৰত অবস্থিত । পুখুৰীটোৰ দক্ষিনপাৰত এটা ঐতিহ্যমন্ডিত দেৱালয় ।
দেৱালয়ৰ চৌপাশত এডাল বৰ ডাঙৰ জাম গছ । দেৱালয়ৰ লগত বহু
কাহিনী জড়িত হৈ আছে । শুণা যায় এজোৰ শাল মাছে পুখুৰীটোৰ পৰা উঠি আহি দেৱালয়ৰ আগবঢ়াই থোৱা
প্ৰসাদ খাইছিল । ৰাজহুৱা পুখুৰীটোৰ পাৰত ঠায়ে ঠায়ে কচুৱনি ।
গধুলি আৰু দুপৰীয়া সমযত অলপ জয়াল হয় । পুখুৰীটোৰ পাৰত
কেইডালমান ওখ ওখ খেজুৰ গছ আছে, গছ কেইডাল বহু বছৰ পূৰণি,
গুৰিৰ পৰা সৰু সৰু শিপাবোৰ ওলাই তাত বহিব পৰা হৈছে ।
খেজুৰৰ গুটিবোৰ অলপ অলপ টান হৈছে । কিছুমান খেজুৰ বেয়া
হৈ সৰি যায় । উচ্চজিতহতঁৰ বাবে সেইবোৰ বৰ সোৱাদপূৰ্ণ ।
আজি ছাৰে তাক সেইবোৰ খেজুৰ খালে অসুখ হয় বুলি কৈছে আৰু সি বেজি নোলোৱাকৈ আহিছে
গতিকে সি সেইবোৰ খাব নোৱাৰে । তাৰ জিভাৰ পানী সৰসৰকৈ
পৰিছে । সি
নাখায়... সি ডাক্তৰ হব... সি তাৰ লগৰবোৰক বেজি দিব... সি নিজে বেজি নলয়!
(২)
“অ’… কোন অ’
সেইটো... এই দুপৰীয়া খেজুৰৰ তলত বহি কি কৰিছ?...ফুল
সৰিছেহে মাত্ৰ... দেৱে লম্ভিব... কাৰ ল’ৰা অ’?...।”
এ…ই বুঢ়ীজনীৰ কাম নাই আৰু ।
অনবৰতে পেক্পেকাই থাকে । সি লৰালৰিকৈ গৈ কচুৱনিৰ সিটো পাৰে বহিল ।
বুঢ়ী আতঁৰি গ’ল । সি অলপ সময় কচুৱনিতে বহি থাকিল ।
কেইডালমান জোক লেউলেউকৈ উঠি আহিল । চিয়ঁৰ এটা মাৰি সি উঠি
আহিল । পুখুৰীটোৰ দক্ষিন-পশ্চিম কোণত এডাল ডাঙৰ বট গছ ।
ঠাল-ঠেঙুলি বোৰ বাঢ়ি বহু ঠাই আগুৰি ধৰিছে, তাত
বহু চৰাইৰ বাঁহ । সি ৰাস্তাত পৰি থকা বট গছৰ গুটি বিলাক বুটলি
পুখুৰীৰ মাছক খাবলৈ দলিয়াই দি থাকিল । বিভিন্ন ধৰণৰ মাছ
খাবলৈ আহে । বৰ ভাল লাগে ।
সাধাৰণতে সদায় জিৰণি সময়ত প্ৰায় ল’ৰা-ছোৱালীয়ে মাছ্ক গুটিবিলাক দি
আনন্দ পায় ।
অলপ পিছত ধ্ৰুৱ আৰু লাটুমনি তাৰ লগ
লাগিলহি । সিহঁতেও বেজি নলয় ।
পলাই আহিছে ।
সিহঁতে ডাক্তৰ আহিছে বুলি খবৰ দিলে । সিহঁতে তাক খেজুৰৰ
তললৈ যাবলৈ লগ ধৰিলে । উচ্চজিতে
নাযাওঁ বুলি কোৱাত আচৰিত হৈ দুয়ো উভতি আহি শুধিলে।
“চাৰে আমাক সেইবোৰ খালে কলেৰা হব বুলি
কৈছে নহয়,
আমিতো বেজিও লোৱা নাই, গতিকে আজিৰ পৰা নাখাওঁ” ।
সিহঁত দুয়ো ভেকাহি মাৰি গুচি গ’ল ।
পুখুৰীৰ মাছবোৰলৈ চাই থাকিল সি । ৰঙচুৱা মাছ দুটা
তাৰ বৰ ভাল লাগে । বৰ ধুনীয়া !
তিনিঘণ্টা মান পিছত স্কুল ছুটী হ’ল ।
হাত এখন বেকাঁ কৰি আনখন হাতেৰেই হৰেশ্বৰে কিতাপৰ বেগ দুটা আৰু ঢাৰি দুখন চোচঁৰাই
চোচঁৰাই লৈ আহিল । উচ্চজিতে অলপ আগবাঢ়ি গৈ তুলি ল’লে ।
“বৰ বিষ অ’” ...
“হবদে আজিৰ পৰা আৰু তোৰ অসুখ নহয় ।
তই সকলোবোৰ খাব পাৰিবি।”
“তই কিয় নললি?”
“মই বেজি নলও নহয়,
বেজি দিমহে... আৰু এইবোৰ নাখাও । তেতিয়া মোৰ অসুখ
নহয় । ডাক্তৰ বিলাকেও নাখায় ছাগে ।”
“হবদে বেছিকৈ কব নালাগে
।
মোক কিন্তু দুটা মাৰ্বল দিব লাগিব, নহলে তোৰ ঘৰত কৈ দিম ।”
“এহ ... দুটা নহয়
তিনিটা দিম । এনেও মোৰ লগত খেলিলে আকৌ মাৰ্বলকেইটা ময়েই পাম, হিঃ
হিঃ হিঃ ।”
(৩)
“মা, আজি স্কুললৈ ডাক্তৰ আহিছিল, কিবা কলেৰা নামৰ বেমাৰৰ বাবে আমাক বেজি দিবলৈ ।
মই বেজি নললো ।”
পদুলিৰ পৰাই চিঞৰি আহিল সি ।
উচ্চজিতে মাকক কোৱা
দেখি হৰেশ্বৰে তবধ মানি অলপ সময় বাটত ঠিয় হৈ থাকিল ।
উচ্চজিতক
আবেলি মাৰ্বল খেলিবলৈ লগ ধৰিবলৈ সুবিধাই নাপালে ।
পিছ্ত আকৌ আহিব বুলি ঘৰলৈ খোজ ললে ।
“কিয় ন’ললি ? আকৌ কি কাৰণ দেখুৱাবি ? দেউতাৰে গম পালে
মোকে দুষিব । মোৰ ল’ৰাই স্কুললৈ গৈ বেজি নলৈ ক’লৈ গৈছিল বুলি মোক গালি পাৰিব ।
মোক কিয় কষ্ট দিয়া ?” মাকে ককাঁলটো পোন নকৰাকৈ ভোৰভোৰালে ।
মাকে বৰ ডাঙৰ শুকান বাঁহ এডাল দাৰে টুকুৰা
(দুচেও)কৰি আছিল । কঁকালত মেৰিওৱা গামোচাখন সোলোকাই পোন হৈ তাৰ
ফালে চাই কপালৰ ঘাম খিনি মছি ল’লে । এইকেইদিন
নেৰানেপেৰা বৰষুণ দি আছিল বাবে শুকান খৰি নাইকিয়া হৈছে ।
দেউতাক পথাৰলৈ গৈছে - ভুঁইআলিৰ কাষ কাটিবলৈ ।
বাৰিষাৰ দিনকেটাত মাকেই খৰি ফালিব লগা হয় । দেউতাকে পথাৰৰ পৰা
আহি খৰি ফালিবলৈ দিলে খং কৰে ।
“গৰমৰ দিনকেইটাত বহুত বেমাৰ-আজাৰ হব পাৰে
।
কলেৰা এবিধ মহামাৰী বেমাৰ । ককাদেউতাহঁতৰ দিনত
বহুত মানুহ মৰিছিল । আজিকালি আগতীয়াকৈ বেজি দিয়ে বাবে হবলৈ নাপায় ।
তই আকৌ কিয় বেজি ন’ললি ?”
মাকে কুঠাৰখন লৈ
বাহঁৰ টুকুৰাটোত ঘাপ দিলে । টুকুৰাটো ফালি বৰ
জোৰেৰে শব্দ কৰি বায়ুখিনি ওলাই গ’ল । উচ্চজিতৰ বুকুখন
চিৰিঙকৈ উঠিল ।
“মা... ছাৰে কৈছে এইবোৰ বেমাৰ বোলে অকালতে
সৰি থকা খেজুৰ, জাম আদি খালেহে হয় । মই আৰু সেইবোৰ
নাখাওঁ । তুমি মোক গালি নাপাৰিবা ।
মই আজি স্কুলৰপৰা আহোঁতে খোৱা নাই নহয় । হৰেশ্বৰক সুধিবাছোন
।
মা... মই ডাক্তৰ হম নহয়... মই বেজি নলওঁ ... মই আনক বেজি দিমহে ।”
মাকে অলপ ভোৰভোৰালে ।
সি অলপ দেৰি ঠিয় হৈ থাকি কিতাপৰ বেগটো থবলৈ ভিতৰলৈ গ’ল ।