পৰীক্ষা বুলিলে সকলোৰে ভয় লাগে | সেয়া শ্ৰেণীৰ বছৰকীয়া পৰীক্ষায়েই হওঁক বা কোনোবা ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষায়েই হওঁক কাৰণ তাৰ ফলাফলেই মানুহ এজনৰ জ্ঞানৰ মাপকাঠি স্বৰূপ হৈ পৰে | এখন ভাল কলেজত চিট, চাকৰিৰ নূন্যতম অৰ্হতা আদি পৰীক্ষাৰ নম্বৰকেইটাৰ ওপৰতেই নিৰ্ভৰ কৰে | গতিকে ভয় লগাটো স্বাভাবিক | এই অভাজনেও বেয়া কাম কৰাৰ ভিতৰত নপঢ়াটোৱেই আছিল, আৰু পৰীক্ষাৰ সময়ত এখন হাহাকাৰ, কি কৰোঁ কি নকৰোঁ অৱস্থা !!!
যোৱা বছৰৰ শেষৰফালে উচ্চ শিক্ষা আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ জ্ঞান লোৱাৰ উদ্দ্যেশেৰে জাৰ্মানীলৈ আহিছিলোঁ | নিজৰ শিক্ষা আৰু গৱেষণাৰ উপৰিও ইয়াত কেতিয়াবা তলৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাগাৰত সহায় কৰা, পৰীক্ষাত তদাৰক কৰা আদি দায়িত্ব দিয়া হয় | মোকো অলপতে পৰীক্ষাৰ হলত তদাৰক কৰিব দিয়া হ’ল | সৌসিদিনালৈকে পৰীক্ষাৰ বুলিলে ভয় খোৱা মই ভালেই পালোঁ | এখন প্ৰথম বিশ্বৰ ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ পৰীক্ষা দিয়ে তাৰেই অভিজ্ঞতা গোটাবলৈ পোৱাৰ আশাৰে মোৰ গৱেষণাগাৰৰ সহকৰ্মী এজনৰ লগত বৰ আগ্ৰহেৰে ওলালোঁ | ভাষাৰ ভিন্নতা থকাৰ কাৰণে তেওঁ থকাটো মোৰ বাবে জৰুৰী | ৰসায়ন বিজ্ঞানৰ অষ্টম আৰু দশম ষাম্নাষিকৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা | প্ৰশ্নবোৰ আমাৰ CBSE প্ৰশ্নৰ লগত মিল আছে | বস্তুনিষ্ঠ প্ৰশ্নৰ বাহিৰে আন প্ৰশ্নবোৰৰ তলতেই উত্তৰ লিখিবলৈ ঠাই নিৰ্ধাৰণ কৰা আছে | দুটা বাক্য লিখিবলগীয়া উত্তৰৰ ঠাইত দুডাল সৰলৰেখা টনা আছে | আমাৰ দিনত প্ৰশ্নকাকত আৰু উত্তৰবহীবোৰ বেলেগ বেলেগ আছিল | কোনে কিমান লিখিব পাৰে তাৰেই যেন প্ৰতিযোগিতা | ১০-১৫ নম্বৰ থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি শিক্ষকক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰি | লগৰজনে এঘণ্টা নৌযাওঁতেই অতিৰিক্ত কাগজ লোৱা দেখিলে আকৌ চিন্তা – “ই বা কি লিখিছে ইমানকৈ, মই দেখোন দুখিলা কাগজেই শেষ কৰিব পৰা নাই |” “তই ইমান কি লিখিলি, মই দেখোন প্ৰথমতে দিয়া বহীখনেই শেষ কৰিব নোৱাৰিলোঁ |” “পলাচী যুদ্ধৰ বিষয়ে বহলাই লিখিলোঁ” –বন্ধুৰ উত্তৰ | ময়ো লিখিছিলোঁ, ইমান দেখোন লিখিব লগা বিচাৰিয়েই নাপালোঁ- মনতে ভাবোঁ | পিছলৈ গম পালোঁ সোঁৱে-বাঁৱে, ওপৰে-তলে এক ইঞ্চিকৈ ৰাখি ডাঙৰ ডাঙৰকৈ লিখিলে তেনেকুৱাকৈ ময়ো অধিক কাগজ ল’ব পাৰিলোঁহেঁতেন | যি কি নহওঁক জাৰ্মানীৰ প্ৰশ্নকাকত দেখি ভাল লাগিল | বাৰে বাৰে উঠি গৈ কাগজ দিয়াৰ কষ্টটো নহ’ল | ২০ জন ছাত্ৰ-ছাত্ৰী, তাৰে দুজন অনুপস্থিত | লগৰ জনক সুধিলোঁ- সেইদুজন ছাত্ৰৰ কি হ’ব ? “সিহঁতে আকৌ দুটা সুযোগ পাব, মৌখিক বা লিখিত পৰীক্ষা | সিহঁতৰ বাবে আকৌ পৰীক্ষা পতা হব-” তাৰ উত্তৰ শুনি আচৰিত হ’লোঁ | আমাৰ পৰীক্ষা-ব্যবস্থাত তেনেকুৱাকৈ পৰীক্ষা পতা নহয় | অৱশ্যে কলেজ/বিশ্ববিদ্যালয়ত কোনোবা এখন কাকত বেয়া হ’লে বা দিব নোৱাৰিলে, পিছৰ বছৰত তলৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ লগত দিব পাৰি | তাত লগে লগে কেইদিনমান পিছত পৰীক্ষা পতা নহয় | বেমাৰ-আজাৰ হ’লেও কোনোমতে পৰীক্ষা দিব লাগে, নহলে এটা বছৰ পিছ পৰিব লাগে | ইয়াত ছাত্ৰ-ছাত্ৰীৰ বহুত সুবিধা !!! এঘণ্টাৰ পৰীক্ষা | দহ মিনিট নৌহওঁতেই এজন ছাত্ৰই বহীখনত লিখা উত্তৰ কেইটা ঘচ-ঘচকৈ কাটি বহীখন জমা দি থৈ গ’ল | মই হতবাক!!! লগৰ জনক কাণে কাণে সুধিলোঁ | “যদি গোটেই প্ৰশ্নকেইটা নোৱাৰে বা বেছিখিনি নোৱাৰা প্ৰশ্ন থাকে তেন্তে তেনেকৈ বহীখন জমা দি থৈ গ’লে আকৌ পৰীক্ষা দিব পাৰিব, অনুপস্থিত থকা কেইজনৰ লগত” – লগৰজনে উত্তৰ দিলে | মৌখক বা লিখিত !!! আৰু যদি তেনেকৈ কাটি নিদিয়ে তেতিয়া বহীখনত নম্বৰ দিয়া হব আৰু অনুত্তীৰ্ণ হ’ব পাৰে | অলপ পাছত আকৌ তেনেকৈ কাটি এজন উঠি গ’ল | বাকী কেইজনে লিখি থাকিল | মই প্ৰত্যেকৰ ওচৰলৈ গৈ কি লিখিছে আৰু পৰিচয় পত্ৰ চালোঁ | বয়্স ২৪-২৬ ৰ ভিতৰত আছে | বয়স বুলি কওঁতে এটা কথা মনত পৰিল- বিশ্ববিদ্যালয়লৈ অহাৰ আগতে সকলোৱে সামৰিক বা অসামৰিক বাহিনীত দুবছৰ কাম কৰিব লাগে | আগৰ দিনত এইটো ধৰাবন্ধা নিয়ম আছিল | আজিকালি সলনি হৈছে | পৰীক্ষা হলত বহি থকা সময়খিনিত মই প্ৰত্যেকজনকে ভালকৈ লক্ষ্য কৰি থাকিলোঁ | কিছুমানে একান্ত মনে লিখি আছে, কিছুমানে খিৰিকিৰে বাহিৰলৈ চাই মনত পেলাবলৈ চেষ্টা কৰিছে, কেইজনমানে পেনৰ আগটো মুখত লৈ ভাবুক হোৱাও দেখা পালোঁ | বাৰে বাৰে মোৰ পৰীক্ষাহলত হোৱা অবস্থাৰ কথা মনত পৰিল | কাষত বহি থকাজনে একান্ত মনে লিখি থকা দেখিলে মোৰ মনত এটা ভয় ভাব সোমাইছিল, বেয়াও লাগিছিল, কিয়নো ভালকৈ পঢ়া নাছিলোঁ!! আগলৈ পঢ়িম বুলি তাতেই শপত খাইছিলোঁ যদিও সেইটো কেইমুহুৰ্তমানৰ বাবেহে আছিল | যদিও মই কি লিখিছে ধৰিব নোৱাৰোঁ (জাৰ্মান ভাষাত লিখে) তথাপিও সিহঁতেনো কিমান পৰিপাটিকৈ লিখে তাকে চাবলৈ মই প্ৰত্যেকজনৰ ওচৰলৈ গ’লোঁ | দুই-তিনিজনৰ বাহিৰে বাকী গোটেইবোৰ অপৰিপাটি, আখৰবোৰ বৰ বেয়া (বহু কম মানুহৰহে ভাল আখৰ দেখিছোঁ, আনকি মোৰ প্ৰফেচৰৰ আখৰো কেতিয়াবা চিনি নাপাওঁ)| ১০ নম্বৰীয়া প্ৰশ্ন আহিলে ছাগে শিক্ষকে অনুমানতে নম্বৰ দিব লাগিব | পঞ্চলিছ মিনিট যোৱাৰ পিছত আকৌ ল’ৰা এজনে উত্তৰবোৰ কাটি বহীখন জমা দি গ’ল | মই খুলি চাই অনুমান কৰিব পাৰিলোঁ ল’ৰাজনে নুন্যতম ৩০(৬০ ভিতৰত) নম্বৰ পালেহেঁতেন | কিন্তু কিয় তেনে কৰিলে? তাৰমানে পৰীক্ষা আকৌ দিব, হাঁহি উঠিল | এনে পৰীক্ষা ব্যবস্থাই ছাত্ৰ-ছাত্ৰীক এলেহুৱা কৰা নাইনে- লগৰজনক সুধিলোঁ | প্ৰশ্নকাকত এখন নতুনকৈ লিখি উলিওৱাটো বৰ টান কাম বুলি তাক কলোঁ | আগৰ প্ৰশ্ন কাকত খন আকৌ দিলে সিহঁতে গোটেই প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰে বুলি সি সঠিককৈ ক’লে কাৰণ সিহঁতে সেইকেইটা প্ৰশ্ন আহিব পাৰে বুলি নাভাবে | এইখিনিতে ছিংগাপুৰৰ প্ৰফেচৰ এজনে কোৱা কথা এষাৰ মনত পৰিল- তেওঁ হেনো একেখন প্ৰশ্ন তিনিবাৰলৈ দি পাইছে আৰু যিকেইজন পঢ়াত কেঁচা, সিহঁতে হেনো তথাপিও সম্পূৰ্ণ উত্তৰ কৰিব নোৱাৰিলে আৰু এজনে তিনিবাৰৰ পিছতো অকৃতকাৰ্য্য হৈছিল |
পৰীক্ষা ব্যবস্থাটো যদিও সম্পূৰ্ণ জ্ঞানৰ মাপকাঠি নহয়, তথাপিও পৰীক্ষাৰ ভয়ে আমাক পঢ়িবলৈ, মনত ৰাখিবলৈ, জানিবলৈ বাধ্য কৰায় | প্ৰশ্নকাকতৰ গুণাগুণে আমাৰ জ্ঞানক জুখিব পাৰে | এইক্ষেত্ৰত শিক্ষকৰ ভুমিকা গুৰুত্বপূৰ্ণ | সকলো তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰে | জাৰ্মানীৰ দৰে আমাৰ ভাৰততো সৰ্বশিক্ষা অভিযানে সকলো ছাত্ৰ-ছাত্ৰীক শিক্ষিত কৰাৰ আঁচনি হাতত লোৱাৰ কথা মনত পৰিল | শুনামতে, এই অভিযান অনুসৰি সকলো ল’ৰা-ছোৱালীক শিক্ষিত কৰিবলৈ পৰীক্ষা পাছ কৰোৱাবই লাগিব | সিহঁতে কিবা শিকে নে নিশিকে তাৰ প্ৰতি গুৰুত্ব নাই | যদি কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে পৰীক্ষাত অকৃতকাৰ্য্য হয় তেন্তে শিক্ষকজনে পঢ়োৱাত পাকৈত নহয় বুলি ধৰা হয় | তেনে বদনামৰ পৰা হাত সাৰিবলৈ শিক্ষকে কিছুমান নীতিবহিৰ্ভুত কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে !
No comments:
Post a Comment