মালৈ লিখা এখন চিঠিৰ এটা অংশ...(০৭/০৫/১১)
...পলে পলে ভাবো তহঁতৰ কথা | তহঁত ভালে থাকিলে মই ইয়াত সুখেৰে থাকো | সদায় ফোন কৰিবলৈ মন যায়, পিছে নকৰো, তহঁতে আকৌ মই পঢ়া-শুণা নকৰো বুলি গালি পাৰা | কি কৰিবি দুৰত থাকিলে পঢ়িবলৈও যে দিগদাৰ হয় | আগতে যে তোৰ পৰা ইমান দুৰৈত থাকি পোৱা নাই | যাবলৈ বৰ মন যায়, তোক এবাৰ চাবলৈ মন যায় | মা, মই জানো তোৰও মোক চাবলৈ হেপাঁহ ! আৰু বেছিদিন নাই | এইবাৰ আমি পুজা একেলগে চাম | আশাকৰো ভগবানে মোক যাবলৈ দিব | ...
মই ভালে আছো | ইয়াত থাকি বৰ ভাল লাগে, কিন্তু তহঁতৰ অভাবে মোক সকলো ইয়াৰ সুখ দিব পৰা নাই | ইয়াৰ স্বাধীনচিতিয়া পৰিবেশ মোৰ ভাল লাগে, তথাপিও মোৰ ঘৰ , মোৰ দেশ এৰি মই ইয়াত আৰু বেছিদিন থাকিব নোৱাৰো| তহঁতৰ মৰমৰ টানে ইমান দুৰত থকাৰ পিছতো বেয়া কাম কৰিবলৈ বাধা দিয়ে | মই যে তোৰেই সন্তান | ...
মই আগৰ দৰেই আছো | ইয়াৰ লগত কেইখনমান ফ’ট’ দি পঠালো | মোৰ মুখখন দেখা পাবি | আনকো দেখুৱাব পাৰিবি | ...
তহঁত ভালে থাকিবি, কষ্ট কম কৰিবি !
মৰমেৰে
বাপা
[মোৰ আজিকালি ইন্টাৰনেটৰ জড়িয়তে বহু ভাল মানুহৰ লগত চিনাকি হৈছে | তেওঁলোকৰ অনুপ্ৰেৰণাতে মই কিবা-কিবি লিখো, মোৰ এখন নিজা পৃথিবী (ব্লগ) আছে, তাৰে এটা গল্প (উৰুকা) আৰু এটা একান্ত ব্যক্তিগত পঠিয়ালো | বাকীকেইটা মই যাওঁতে লৈ যাম|]
No comments:
Post a Comment