Monday, February 25, 2013

মোৰ দৃষ্টিত 'ওম' ৰ তাৎপৰ্য্য


ওম ভুঃ ভুৱঃ স্বঃ

তৎ সবিতু বৰেণ্যম

ভৰ্গো দেৱেস্য ধীমহি

ধিযো যো নঃ প্ৰচোদয়াৎ ওম

হিন্দু ধৰ্মৰ প্ৰতিটো নীতি-নিয়মত বৈজ্ঞানিক দৃষ্টিভঙ্গী অন্তৰ্নিহিত হৈ থকাটো লাহে লাহে প্ৰমানিত হৈছে । বেদ্-উপনিষদৰ প্ৰতিটো শ্লোকৰ পুংখানুপুংখ অধ্যয়ন কৰিলে তাৰ অন্তৰ্নিহিত শক্তিৰ অনুধাৱন কৰিব পাৰি । মোৰ আগৰ লেখা এটিত পাঠকক গায়ত্ৰীমন্ত্ৰৰ বৈজ্ঞানিক বিশ্লেষণ দিবলৈ চেষ্টা কৰিছিলোঁ । মোৰ অন্তৰত খু-দুৱাই থকা কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰি তেনে বিশ্লেষণ আগবঢ়াইছিলোঁ । গায়ত্ৰীমন্ত্ৰত মুঠতে চৈধ্যতা ‘ওম’ আছে, তাৰোপৰি বেদ্-উপনিষদ, পতঞ্জলি আদিৰ সৰহ সংখ্যক শ্লোক ‘ওম’ ৰে আৰম্ভ হৈছে । ‘ওম’ হৈছে ভাৰতত বেচিকৈ উচ্চাৰণ কৰা শব্দৰ অন্যতম । সকলো শুভকামৰ আৰম্ভনিতে ‘ওম’ লিখা হয় । চিঠি পত্ৰ আদিৰ ওপৰতো ‘ওম হৰি ওম’ লিখা হয় । মন্ত্ৰৰ মাজত ইয়াক বাৰে বাৰে ব্যৱহাৰ কৰা হয় । এইটো প্ৰৱন্ধত ‘ওম’ শব্দৰ অতুলনীয় শক্তিৰ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হৈছে ।

গোটেই বিশ্ব-ব্ৰহ্মাণ্ডখন এটা ঐশ্বৰিক শক্তিৰে চালিত হৈ আছে । যিকোনো বস্তু বা ঘটনাৰ বাস্তৱিক বাখ্যা নাথাকিলে ঐশ্বৰিক আখ্যা দিয়া হয় ! বিশ্ব-ব্ৰহ্মাণ্ডখন তাৰকামণ্ডলৰ সমষ্টি, সূৰ্য্য এটি নামমাত্ৰ নক্ষত্ৰ । কোটি কোটি বছৰত হোৱা আণৱিক পৰিবৰ্তনৰ ফলত তাৰকামণ্ডলৰ সৃষ্টি হৈছে । পিছ্ত ধুলি-বালি, বতাহ, পানী আদিৰ সংঘৰ্ষৰ ফলত গ্ৰহ উপগ্ৰহৰ সৃষ্টি হৈছে । বিশ্বজনীন শক্তিৰ ৰক্ষনশীলতাৰ সুত্ৰ মতে শক্তিৰ অপচয় কেতিয়াও নহয়, ই এটা ৰূপৰ পৰা আনটোলৈ পৰিবৰ্তনহে হয় । আনকি বিশ্বব্ৰহ্মাণ্ডত থকা প্ৰতিটো কণাৰ ভৰ (=ওজন) অপচয় নহয়, কোনো এটি কণাৰ ভৰ কম হলে ই শক্তিলৈ ৰূপান্তৰ হয়, আইনষ্টাইনৰ সুত্ৰ মতে কোনো বস্তুৰ শক্তি তাৰ ভৰ আৰু পোহৰৰ বেগৰ বৰ্গৰ পূৰণফলৰ সমান । আমাৰ চাৰিওফালে সদায় এনে শক্তি ৰূপান্তৰৰ ঘটনা ঘটি থাকে । চুণশিল এটুকুৰা পানীত দিলে পানীখিনি গৰম হোৱা পৰিঘটনাটো এটি শক্তিৰ ৰূপান্তৰ । চুণশিলত নিহিত হৈ থকা শক্তিখিনি ওলাই আহি পানীখিনি গৰম কৰে আৰু ই বেলেগ এটা ৰাসায়নিক অৱস্থালৈ যায় । আকৌ ঘন্টা এটা বজালে শব্দ হয়, ঘ্ণ্টাটো বজাবলৈ আমি যি শক্তি প্ৰয়োগ কৰিছিলোঁ, তাৰ ৰুপান্তৰ শব্দ । পুখুৰীত শিল এটি দলিয়াই দিওঁতে ব্যৱহাৰ কৰা শক্তিখিনি পানীত পৰাৰ পিছ্ত একাংশ শব্দলৈ ৰুপান্তৰ হৈ খলকনি তোলে আৰু আন অংশই পানীখিনিত ঢৌ তোলে, পিছ্ত সেইখিনি শক্তি ঢৌ আকাৰে চাৰিওফালে বিয়পি যায় । বিজ্ঞানত শক্তিৰ ৰূপান্তৰবোৰ পৰীক্ষাৰ সহায়ত প্ৰমান কৰা হৈছে । আমি জানো যে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণা, গ্ৰহ-নক্ষত্ৰ, লগতে আমিও গতি কৰি আছোঁ । এই গতিৰ ফলত এটা শব্দৰ সৃষ্টি হয়, ইয়াক বিশ্বামিত্ৰ ঋষিয়ে অনুধাৱন কৰিছিল আৰু সেই শব্দ-শক্তিক ভগৱান আখ্যা দি “ওম” ৰে নামকৰণ কৰিছিল । সেয়েহে ‘ওম’ ভগৱানৰ অন্য এটা নাম বুলি গন্য কৰা হয় । আচলতে ব্ৰহ্মাণ্ডখন যি শক্তিৰ দ্বাৰা চালিত হৈ আছে সেয়েই ভগৱান । ‘ওম’ উচ্চাৰণ কৰি আকাৰহীন ভগৱানক সন্তুষ্ট কৰিব পাৰি বুলি বিশ্বাস আছে ।

‘ওম’ শব্দটো ‘অ’- ‘উ’- ‘ম্’ এই তিনিটা আখৰেৰে গঠিত । ‘অ’ শব্দটো কন্ঠ নলীৰ পৰা ডিঙিত শেষ হোৱাৰ সময়তেই ওঁঠ দুটা সংকোচিত হৈ আহোতে ‘উ’ উচ্চাৰণ কৰি ওঁঠ দুটা লগ লগাৰ সময়ত ‘ম্’ ত শেষ হয় । ‘ওম’ শব্দটিক লৈ বিভিন্ন ধৰণৰ ব্যাখ্যা আগবঢ়োৱা দেখা যায় । উদাহৰণ স্বৰূপে- বেদৰ গোটেই শক্তি ‘ওম’ শব্দটোতে সোমাই আছে । ভগৱানে ‘ওম্’ জপ কৰিয়েই বিশ্বখন সজ্ৰন কৰিছে আদিত্যাদি । ইয়াৰ তিনিটা বৰ্ণই (অ-উ-ম) তিনিটা অৱস্থা [ দিঠক (চেতন), সপোন (অৰ্ধ-চেতন), নিদ্ৰাৰত (অৱ-চেতন)], তিনিজন দেৱ (ব্ৰহ্মা, বিষ্ণু, শিৱ), তিনিখন বেদ (ঋক্, ষাম্, যজুৰ্), তিনি ভুৱ্ন (স্বৰ্গ, মৰ্ত্য, পাতাল), তিনি গুণ (তম, ৰজ, সত) তিনি কাল ( ভুত, বৰ্তমান, ভৱিষ্যত) বুজায়...

পতঞ্জলীৰ যোগসূত্ৰৰ প্ৰথম অধ্যায়ত ইশ্বৰৰ ধাৰণা দিবলৈ গৈ ‘ওম’ শব্দটিৰ বিশ্লেষণ এনেদৰে কৰিছে – ইশ্বৰক প্ৰকাশ কৰিব পৰা অলৌকিক শব্দটি হৈছে ‘ওম’ (সূত্ৰ ১.২৭); ‘ওম’ ৰ যোগাভ্যাসৰ ফলত সকলো বাধা, যেনে বেমাৰ-আজাৰ, অসতৰ্কতা, অলস ভাৱ, মিছা ধাৰণা আদি সমস্যা দূৰ হয় আৰু আত্মবিশ্বাস বাঢ়ে (সূত্ৰ ১.২৯-১.৩০) ।

পুখুৰীৰ পানীত ঢৌ বা তৰঙ্গ বোৰ পাৰলৈ বিয়পি যোৱাৰ দৰে শক্তিৰ বিভিন্ন ৰূপবোৰ এটা মাধ্যমেৰে বিয়পি যায় । দুৰৈত হোৱা শব্দ এটি বায়ুৰ মাধ্যমেৰে বায়ুতেই কম্পনৰ সৃষ্টি কৰি আমাৰ কাণত পৰেহি । সেই ঢৌবোৰৰ নিজস্ব কম্পনাংক থাকে । কম্পনাংক হ’ল সেই শক্তিটোৱে প্ৰতিছেকেণ্ডত তোলা কম্পনৰ সংখ্যা । যিকোনো দুটা শক্তিৰ কম্পনাংকৰ মিল হ’লে বৈজ্ঞানিক ভাষাত সংষ্পন্দন (Resonance) হোৱা বুলি কয় । সকলো পদাৰ্থৰে এটা অন্তৰ্নিহিত শক্তি আছে । দুটা পদাৰ্থৰ শক্তিৰ কম্পনাংকৰ সংষ্পন্দনৰ ফলত যিকোনো এটি পদাৰ্থই আচৰিত শক্তি লাভ কৰিব পাৰে । ই নতুন পদাৰ্থৰ সৃষ্টি কৰিব পাৰে বা ধংসও কৰিব পাৰে । শৰাইঘাট দলঙৰ নিজস্ব কম্পনাংক ৰেলৰ শব্দৰ কম্পনাংকৰ লগত সংষ্পন্দন হৈ দলঙখন ভাঙি নপৰিবৰ কাৰণে ইয়াৰ ওপৰত ৰেলিং দিয়া হৈছে, ৰেলিঙে সংষ্পন্দন নোহোৱাকৈ সমতুল কৰি ৰাখে । সূৰ্য্যৰ পোহৰ-শক্তিৰ কম্পনাংক গছৰ পাতত থকা পত্ৰহৰিতৰ বিশেষ অণু এটাৰ কম্পনাংকৰ লগত মিলি গৈ তাক উত্তেজিত কৰি বিশেষ ৰাসায়নিক প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত কৰে আৰু আমি সেই শক্তিৰ পৰাই বৰ্তি আছোঁ । এই দুটা মাথোন উদাহৰনহে !

পদাৰ্থ এটাৰ শক্তি ইয়াৰ গতিশক্তি আৰু স্থিতিশক্তিৰ যোগফল । আগতে উল্লেখ কৰা হৈছে যে বিশ্ব-ব্ৰহ্মাণ্ডৰ লগতে আমিও গতি কৰি আছোঁ আৰু ইয়াৰ ফলত আমি এটা গতিশক্তি লাভ কৰিছোঁ । তেনেকৈ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ (পৃথিৱীয়ে নিজৰ কেন্দ্ৰলৈ সকলোবোৰ বস্তু টানি থকা বলক মাধ্যাকৰ্ষণ বোলে) বিপৰীতে আমি নিজকে সমতুল ৰাখিবলৈ যিখিনি ওলোটা বল দিব লাগে তাৰ ফলত আমাৰ দেহে স্থিতিশক্তি লাভ কৰে । তাৰোপৰি বিশ্ব-ব্ৰহ্মাণ্ডৰ প্ৰতিটো পদাৰ্থই ইটোয়ে সিটোক আকৰ্ষণ (মহাকৰ্ষণ) কৰি থাকে । তাৰ ফলতো প্ৰতিটো পদাৰ্থই স্থিতিশক্তি লাভ কৰে । পিতৃৰ ঔৰষ আৰু মাতৃৰ অণ্ডৰ মিলনৰ (ৰসায়নৰ ভাষাত সংযোজন) ফলত যি ৰক্তকণিকাৰ সৃষ্টি হয়, তাত প্ৰচুৰ পৰিমাণে শক্তিৰ সংৰক্ষণ হয় । কালক্ৰমত সেই শক্তিয়েই আমাক চালিত কৰে আৰু শাষ্ত্ৰত ইয়াক ‘আত্মা’ বুলি কোৱা হৈছে ।

ৰামায়নত বশিষ্ঠ ঋষিয়ে প্ৰিয় শিষ্য ৰামক ‘ওম’ ৰ তাৎপৰ্য্য বাখ্যা এনেদৰে কৰিছিল -প্ৰকৃতিত বহুতো শৰীৰ আছে, জীৱ্-জন্তু, পক্ষী, জলচৰ-স্থলচৰ, কীট-পতঙ্গ আদি, এইবোৰৰ ভিতৰত মানৱ শৰীৰটোৱেই হৈছে দুৰ্লভ আৰু উত্তম শৰীৰ । কিয়নো মানৱ শৰীৰৰ ভিতৰত যি আধ্যাত্মিক শক্তি আছে আনবোৰত পাবলৈ নাই । আধ্যাত্মিক অথবা মানসিক শক্তিৰ ভাণ্ডাৰ সকলো মানৱ শৰীৰতে থাকে, ইয়াৰ জাতি-কুলৰ বিচাৰ নাই । এইকাৰণে মানৱ শৰীৰক মুক্তিৰ দ্বাৰ বুলি কোৱা হয় । শৰীৰৰ কিছুমান মুখ্য কেন্দ্ৰত এই শক্তি সঞ্চিত হৈ থাকে আৰু তাত অহৰহ ষ্পন্দন বা কম্পন হৈ থাকে । যেতিয়ালৈকে এই শক্তি জাগ্ৰিত কৰিব নোৱাৰি তেতিয়ালৈকে ইয়াৰ কোনো কাম নাই । মানুহৰ শৰীৰত এই শক্তিৰ সাতটা কেন্দ্ৰ আছে । এই শক্তিক যোগাভ্যাসৰ ফলত জাগ্ৰিত কৰিব পাৰি । প্ৰথম কেন্দ্ৰটো হৈছে ‘মুলাধাৰ কেন্দ্ৰ’, ইয়াত থকা শক্তিখিনিক ‘কুন্দলিনি’ বুলিও কয় । গুৰুৰ শিক্ষা আৰু প্ৰশিক্ষনৰ সহায়ত এই শক্তিক দ্বিতীয় কেন্দ্ৰলৈ নিব পাৰি যাক ‘স্বাধিস্থান চক্ৰ’ বোলে । তাৰ পিছ্ত শক্তিখিনি ওপৰলৈ ক্ৰমে ‘মনিপুৰ চক্ৰ’, ‘আনাত চক্ৰ’, ‘বিশুদ্ধ চক্ৰ’, ভেদ কৰি যেতিয়া ‘অজ্ন চক্ৰ’ (যিটো কপালত অৱস্থিত) অৱস্থান কৰে তেতিয়া যোগীজনে অলৌকিক শক্তিলৈ লাভ কৰে । ‘মুলাধাৰ কেন্দ্ৰ’ ৰ পৰা ‘অজ্ন চক্ৰ’ লৈ শক্তি খিনি জাগ্ৰিত কৰি অনা বীজমন্ত্ৰটিয়েই হ’ল ‘ওম’ । নিদিষ্ট সময়ৰ ব্যৱধানত ‘ওম’ জপ কৰিলে এই আধ্যাত্মিক শক্তিক জাগ্ৰিত কৰিব পাৰি ।

এতিয়া প্ৰশ্ন উদয় হয় – কেবল ‘ওম’ শব্দটিৰে ভিতৰৰ শক্তিক কিয় জাগ্ৰিত কৰিব পাৰি ? আন শ্লোক বা মন্ত্ৰৰে কিয় জপ কৰিলে সঞ্চিত শক্তি জাগ্ৰিত কৰিব নোৱাৰি নেকি ? আমাৰ পুৰ্বপুৰুষৰ ঋষি-মুনি সকলে গছৰ তলত বহি ধ্যান কৰিছিল আৰু ধ্যানৰেই আধুনিক ৰূপ গৱেষণা ! তেওঁলোকৰ গৱেষণাৰ বিষয়বস্তু আছিল প্ৰকৃতি আৰু বহিঃপ্ৰকাশ হ’ল বেদ, উপনিষদ, গীতা ভাগৱতৰ শ্লোকবোৰ । সাধাৰণ মানুহে সেই শ্লোকৰ অৰ্থ উলিয়াবলৈ গৈ কেতিযাবা কেতিয়াবা বিকৃত অৰ্থহে উলিয়ায় । বিশ্বামিত্ৰ ঋষিয়ে এক যুগান্তকাৰী ধ্যান কৰি থাকোঁতে বিশ্ব-ব্ৰহ্মাণ্ড গতি কৰি থকাৰ ফলত উদ্ভৱ হোৱা শব্দ হৃদয়্ঙ্গম কৰিব পাৰিছিল । ইয়াক ‘ওম’ৰে নামাকৰণ কৰিছিল আৰু ইয়াৰ এটা নিজস্ব কম্পনাংক আছে । ‘ওম’ শব্দটি নিদিষ্ট সময়ৰ অন্তৰালত জপ কৰাৰ ফলত সৃষ্টি হোৱা কম্পনাংক যদি ব্ৰহ্মাণ্ডৰ গতি কৰি থকাৰ ফলত উৎপন্ন হোৱা শব্দৰ কম্পনাংকৰ সৈতে একে হয় তেন্তে ইয়াৰ সংষ্পন্দন হব আৰু জপ কৰি থকা মানুহজনে এটা বিশেষ শক্তি লাভ কৰিব । এটা কথা উল্লেখ কৰা বাঞ্চনীয় যে দূয়োটা শক্তিৰ কম্পনাংকৰ সংষ্পন্দন কৰিবলৈ কঠোৰ সাধনাৰ প্ৰয়োজন । মহৰ্ষি বশিষ্ঠই ৰামক গুৰুৰ প্ৰশিক্ষন অবিহনে ‘ওম’ ৰ জপ কৰিবলৈ মানা কৰিছিল কাৰণ অলৌকিক শক্তি লাভ কৰিলে আত্মাটো নিয়ন্ত্ৰণৰ বাহিৰ হৈ ধ্বংসও কৰিব পাৰে । সেয়ে সঠিক প্ৰশিক্ষনৰ দ্বাৰা ‘ওম’ জপ কৰিলে আধ্যাত্মিক শক্তি জগাই দেহ-মন প্ৰফুল্লিত কৰি জীৱনৰ অনাবিল আনন্দ লাভ কৰিব পাৰি ।

সঠিক পৰিশ্ৰম আৰু সাধনাৰ সহায়ত ‘ওম’ জপ কৰি সংষ্পন্দন কৰাটো সহজ নহয় । সংষ্পন্দন নহলেও ‘ওম’ উচ্চাৰণৰ প্ৰভাৱ অতুলনীয় । প্ৰতিটো মন্ত্ৰৰ আৰম্ভনি আৰু শেষত ‘ওম’ শব্দটো থকাৰ তাৎপৰ্য্য এনেদৰে বাখ্যা কৰিব পাৰি – ‘ওম’ ৰ উচ্চাৰণে কন্ঠনলী আৰু জিভাৰ সঠিক ব্যায়াম কৰাৰ লগতে দেহৰ প্ৰতিটো কোষতে এটা মৃদু কম্পনৰ সৃষ্টি কৰে (আপুনি পঢ়ি থাকোঁতেই এবাৰ উচ্চাৰণ কৰি প্ৰমাণ চাব পাৰে) । মানুহৰ দৈনন্দিন একঘেয়ামী কাম-কাজৰ ফলত দেহ-মনবোৰ অলস হৈ পৰে । ইয়াৰ কাৰণে দেহৰ কোষবোৰে এটা স্থবিৰ অৱস্থা পায়, আৰু লাহে লাহে কাৰ্য্যক্ষমতা নোহোৱা হয়, পাছত বিভিন্ন বেমাৰৰ বীজাণুৱে আক্ৰমণ কৰে । ইয়াৰ বাবে বিভিন্ন শাৰিৰীক ব্যায়াম নথকা নহয়, তাৰ বাবে আপোনাক কিছুমান প্ৰস্তুতিৰ প্ৰয়োজন । কিন্তু আপুনি ‘ওম’ জপ কৰিবলৈ তেনে প্ৰস্তুতিৰ প্ৰয়োজন নাই । দীঘলীয়াকৈ ‘অ-উ-ম’ জপ কৰাৰ পিছত দেহৰ কোষবোৰত (কোষৰ ভিতৰৰ মাইট’কন্দ্ৰিয়াত শক্তি থাকে) যিটো জোকাৰণিৰ সৃষ্টি হয়, সি কোষবোৰক উত্তেজিত কৰি সিঁহতৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে আৰু দেহৰ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে ।

গতিকে থুলমুল ভাৱে কব পাৰি যে দীৰ্ঘকালীন (প্ৰশিক্ষিত) বা হ্ৰসকালীন (নিত্য নৈমিত্তিক) ‘ওম’ৰ উচ্চাৰণ বা জপৰ ফলত আমাৰ শৰীৰত সৃষ্টি কৰা কম্পনে ভিতৰৰ আধ্যাত্মিক বা কোষৰ মাইট’কন্দ্ৰিয়াত থকা শক্তিক উত্তেজিত কৰি দেহৰ বিপাক প্ৰক্ৰিয়াত ইন্ধন যোগায় ফলস্বৰুপে দেহৰ বেমাৰ-আজাৰ, অলস ভাৱ, আদি সমস্যা দূৰ হয় আৰু আত্মবিশ্বাস বাঢ়ে (পতঞ্জলী সূত্ৰ ১.২৯-১.৩০)!