Friday, June 10, 2011

অফিচ-কাছাৰী : অসম আৰু জাৰ্মানী


"আপুনি কাইলৈ আহক, ফাইলটোত চহী হোৱা নাই |",
কি কৰিবহে বহুত কাম, আপোনাৰ ফাইলটো চাব পৰা নাই, আপুনি কাইলৈ এপাক মাৰিব |"
" ফাইলটো পঠিয়াইছোঁ, ছাৰে চহী কৰা নাই, আপুনি এসপ্তাহ পিছত খবৰ কৰক |",
এদিন-দুদিন, এসপ্তাহ-দুসপ্তাহকৈ, মাহ-বছৰ পাৰ হৈ যায়, ফাইল চহী নোহোৱাকৈ পৰি থাকে | আপোনাৰ অহা-যোৱা কৰোঁতে টকা-ইচা, স্বাস্থ্য-পাতি সকলো হেৰুৱাব, তথাপিও চহী আনিব নোৱাৰে | কিন্তু আপুনি -"এইটো লওঁক, চাহ একাপ খাব"-বুলি পঞ্চাশ বা এশ টকা পিয়নজনৰ হাতত গুজি দিয়ক, আপোনাৰ ফাইলত চহী হৈ যাব | পিয়নজনৰ হতুৱাই কামটো কৰিব পাৰিলেতো কথাই নাই, আপোনাৰ কাম কমতে | কিবাকৈ কেৰাণী-মহৰীৰ ওচৰ পালে চাহৰ মুল্য পাঁচশৰ পৰা হাজাৰলৈ যাব | হাজাৰটকীয়া চাহকাপ কিমান সোৱাদৰ হব বাৰু!!!
২০০৬ চনৰ ছেপ্তেম্বৰ মাহত পাচপৰ্টৰ বাবে আবেদন কৰিছিলোঁ, ভবিষ্যতে কামত আহিব বুলি | ২০০৭ চনৰ ফেব্ৰুৱাৰী মাহত পুলিচ থানাত গৈ যাবতীয় "ইন্ফৰমেচন" দি আহিলোঁ | ভাগ্য সুপ্ৰসন্ন হোৱাত জুলাই মাহত বাহিৰলৈ যাবলৈ সুযোগ পালোঁ | পাচপৰ্টৰ দৰকাৰ আহিল | মে মাহত বেলতলাৰ অফিচত খবৰ কৰিলোঁ, মোৰ ফাইলটো জালুকবাৰীৰ পৰা বেলতলা পোৱাগৈ নাই, চাৰিমাহ | জালুকবাৰী আৰু পাণবজাৰত খবৰ কৰি কাহিলীপাৰা পালোঁগৈ | কাহিলীপাৰাত মোৰ অৱস্থা কাহিল (ভাল ঠাইত অফিচটো পাতিছে) | কাহিলীপাৰাৰ ফিচত মে মাহৰ প্ৰচণ্ড গৰমত দুদিন শাৰীত ঠিয় হৈও মোৰ ফাইলৰ ঠিকনা বিচাৰি নাপালোঁ | এদিন কৰ্মচাৰীবোৰে বিজুলী নাই বুলিয়ে কাম নকৰিলে, আমি গোটেই দত ঠিয় হৈ থাকিলোঁ | বিজুলী নাথাকিলে মানুহে ভাত নোখোৱাকৈ থাকে নেকি বাৰু !!! ফাইল বিচাৰি পোৱাৰ আশা বাদ দি, দ্বিতীয় পন্থা হাতত লোঁ | উচ্চ ন্যায়ালয়ৰ পৰা "এফিডেফিট" উলিয়াই জমা দিলে, পুলিচৰ কাগজ-পাতি নহলেও হয় | ১৫০ টকা দামী চহী এটাৰে কাগজখন উলিয়ালোঁ | আচৰিত হলোঁ - হাকিমৰ চহীটোৰ বাবে দিব লাগে মাত্ৰ পাঁচ টকা | কিন্তু উকীলৰ চহীৰ দাম ১৫০ টকা, অবশ্যে এই দামটোৰ তাৰতম্য কৰিব পাৰি, যদিহে আপোনাৰ দৰ-দাম কৰাৰ অভ্যাস আছে | কাগজখন লৈ বেলতলা ওলালোঁগৈ, তাৰ মানুহবোৰ ইমান ব্যস্ত যে মাত এষাৰ দিবলৈ সময় নাই | বাকী থকা ফাইলটো নিজেই বিচাৰি উলিয়ালোঁ | পিয়নজনক চাহ খাবলৈ টকা পঞ্চাচটা দিলে মোৰ সেইখিনি কষ্ট নহলহেতেঁন | উৎকোচ লোৱাটোত সমৰ্থন নকৰা উত্কোচ দিয়াটো বেছি বেয়া বুলি ভাবোঁ | নিজৰ ফাইলটো গগৈ উপাধিৰ মানুহজনৰ হাতত দিলোঁ - "এসপ্তাহ পাছত আহিবা |"
"আপুনি দেখোন এই কাগজখন দিলে, এদিনতে হৈ যায় বুলি কৈছিল |"
"ইটো তোমাৰ কামৰ বাবে বহি থকা নাই |"
" জানোঁ, কিন্তু মোৰ এইসময়ত এইখন অত্যন্ত দৰকাৰী, সেয়েহে আপোনাক অনুৰোধ কৰিছোঁ অলপ সোনকালে কৰি দিবলৈ |"
"কাইলৈ খবৰ কৰিবা |"
এদিন দুদিনকৈ চাৰিদিন যাব লগাত পৰিল | উত্তৰ গুৱাহাটীৰ পৰা বেলতলা পাবলৈ প্ৰায় দুঘণ্টা সময় লাগে | তাতে প্ৰচণ্ড গৰম | নিজে নিজেই প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ -এটকা নিদিয়াকৈ পাচপৰ্ট উলিয়াম | চতুৰ্থ দিনা খঙে চুলিৰ আগ পালেগৈ, কিবা এটা কম, গোটেই মুধা মৰিব | গগৈ উপাধিৰ মানুহজনৰ ব্যৱহাৰ দেখি আচৰিত হলোঁ | ঠাইতেই সঞ্চালক-প্ৰধানলৈ বুলি দৰ্খাস্ত এখন লিখিলোঁ | তাৰ পিছত গৈ তেওঁক সকলো বিৱৰি কলোঁ | "তেওঁলোকে নপঠিয়ালে কেনেকৈ চহী কৰিম, এতিয়া তোমাক কেনেকৈ সহায় কৰিম কোৱা !"- "চাৰ, এই দৰ্খাস্তখনত চহী এটা কৰি দিয়ক |" তেওঁ নোচোৱাকৈয়ে চহী কৰি দিলে | সেইখন আনি গগৈৰ আগত দিলোঁ | বছ, হৈ | এঘণ্টা আগতে মোৰ ফাইল আছে গম নোপোৱা গগৈদেৱে পিছফালৰ পৰা সেইটো উলিয়াই দিলে | আবেলি চাৰি বজাত পাচপৰ্ট লৈ আহিলোঁ |

এইখিনিতে আৰু এটা কথা মনত পৰিছে | ২০০৪ চনত যোৰহাট জগন্নাথ মহাবিদ্যালয়ত প্ৰবক্তা পদৰ সাক্ষ্যাৎকাৰত উত্তীৰ্ণ হৈছিলোঁ | এপইণ্টমেণ্ট লেটাৰ হাতত লৈ কলেজ পালোঁ | গম পালোঁ গুৱাহাটীৰ ডি পি আই অফিচলৈ যাব লাগিব | কাৰোবাৰ মুখত সেই অফিচটোৰ কথা শুনিছোঁ | অধ্যক্ষ মহোদয়ক মোৰ নথি-পত্ৰ জমা দি কিবা ভাল খবৰ থাকিলে জনাবলৈ অনুৰোধ কৰি আহিলোঁ, লগতে সেই অফিচটোলৈ নাযাওঁ বুলিও বলৈয়ো নাপাহৰিলোঁ | আজিলৈকে কোনো বাৰ্তা নাহিল, এতিয়াও ছাগে মোৰ ফাইলটো অফিচৰ এচুকত পৰি আছে | অলপতে শিক্ষামন্ত্ৰীয়ে সেই অফিচটো ভ্ৰমন কৰি স্বৰূপটো উদঙাই দিয়াত মনটো অলপ ভাল লাগিল | পিছলৈ যিয়েই নহওঁক, অন্ততঃ মানুহবিলাকে কেইদিনমানৰ বাবে মনত ৰাখিব |

এইবোৰ কথা কাৰো বাবে নতুন নহয়, সকলোৱে জানে, সকলো ভুক্তভোগী | আপোনালোকে ভাৱিব পাৰে আজি হঠাতে ২০০৪, ২০০৭ ঘটনা লিখিবলৈ কিহে পালে | জাৰ্মানী বা অসমক ৰিজাবলৈ যোৱা নাই | ইয়াত হোৱা অভিজ্ঞতাৰ কথাহে লিখিব ওলাইছোঁ | প্ৰথম বিশ্বৰ দেশ হিচাবে ইয়াত সকলো পৰিপাটী | অহাৰ দিনাৰ পৰাই বিভিন্ন মানুহ লগ পাইছোঁ, বহুত অফিচলৈ যাব লগা হৈছে | শেহতীয়াকৈ কৰ দিয়াৰ বাবে নিদিষ্ট নথি-পত্ৰ আনিব লগা | যোৱা বুধবাৰে এখন কাগজ আনিবলৈ এটা অফিচলৈ গলোঁ | ইণ্টাৰনেটৰ পৰা অফিচটো বিচাৰি উলিওৱাৰ তথ্য গোটাই লোঁ | বহু মহলাৰ অফিচটোৰ সমুখতে পোৱা মানুহজনীয়ে নিদিষ্ট মহলালৈ পঠিয়াই দিলে | তাত বহুত চকী-মেজ পাৰি থোৱা আছে, আনকি ঘূৰণীয়া মেজও আছে | কিছুমান মানুহ আপেক্ষা কৰি আছে | অনুসন্ধান কৰিলোঁ, মোৰ কাগজখন চাই নামটো লিখি ললে আৰু অলপ সময়ৰ ভিতৰতে মাতিব বুলি লে | পাঁচ মিনিট নহওঁতেই মাতিলে | এজন মানুহৰ ওচৰলৈ গলোঁ " আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ"- মিচিকিয়া হাঁহিটোৰে মোক সম্ভাষণ জনালে | "অনুগ্ৰহ কৰি আপোনাৰ পাচপৰ্টখন দিব নেকি ?"- তেওঁতো মোৰ কামেই কৰিব তথাপিও শালীনতাত মুগ্ধ লোঁ | তেওঁ কাম কৰি থকাৰ মাজতে তেওঁক লক্ষ্য কৰি থাকিলোঁ | তেওঁৰ যেন বহু সুখ বা আৰামত থাকে সেই কথা তেওঁৰ অনবৰতে হাঁহি থকা মুখখনতেই প্ৰ্তিফলিত হৈছে | তেওঁৰ সুখে যেন তেওঁৰ আগত থিয় হৈ থকাজনকো সুখী কৰিব | তেনেকুৱা মানুহ আজিলৈকে দেখা নাই | মোৰ কামৰ মাজতে আনএজনৰ কাম এটাও কৰি দিলে, পাঁচ মিনিটৰ ভিতৰত মোৰ হাতত লাগতিয়াল কাগজখন পৰিল | "-আকৌ কিবা দৰকাৰ লে আহিবা -" মোৰ হাতত কাগজখন তুলি দি সেই একে হাঁহিটোৰে বিদায় দিলে | গোটেই বাটতে তেওঁৰ হাঁহিটো মোৰ চকুত ভাঁহি থাকিল আৰু তেওঁৰ সেই ব্যৱহাৰ কেতিয়াও পাহৰিব নোৱাৰিম | মানুহ এজনৰ ভিতৰত কি আছে কেইষাৰমান কথাৰ পৰা জানিব পাৰি | ভগৱানক প্ৰাৰ্থনা কৰিলোঁ যেন মানুহজনক সদায় সুখত ৰাখে |

অসমত বহু অফিচ ঘূৰিছোঁ, স্কুল, কলেজ, ইউনিভাৰচিটি পাৰ হৈ আহিলোঁ | তো তেনেকুৱা মানুহ পোৱা নাই |  গিৰিয়েক-ঘৈণীয়েকৰ ঘৰুৱা কাজিয়াৰ খং পাতলাবলৈ যেন অফিচটোকে বিচাৰি পায় !!! তদুপৰি সেই বিয়নি মেলবোৰতো আছেই | দহ বজাত আহি এঘাৰ বজাত চাহ, এক বজাত ভাত, তিনি বজাত আকৌ চাহ খাই চাৰি বাজিল কি নাবাজিল যাবলৈ লেই !!! সেই ফাইল তেনেকৈয়ে পৰি থাকে, ওপৰত ধুলি-মাকতিৰ চামনি পৰে | কেৱল এয়েইনে ?? আৰু বা কত কি !! উৎকোচ নিদিওঁ বুলি ভৱা কিমান ডেকাৰ বা সেই ফিচবোৰলৈ গৈ গৈ চেণ্ডেল ক্ষয় , গোটেই জীৱন শিক্ষকতা কৰি ছাত্রক নীতি-পাঠ দিয়া কিমান শিক্ষকে কিজানি অৱসৰৰ পাচত সেই ফিচবোৰলৈ গৈ গৈ পেঞ্চনৰ মুখ নেদেখাকৈ বাস্তৱৰ এই কঠুৱা পৃথিৱীৰ পৰা বিদায় মাগিলে এইবোৰৰ কিবা হিচাপ-ঠিকনা ওলাবনে কাহানিবা???