Saturday, May 7, 2011

চিঠি (একান্ত ব্যক্তিগত)

মালৈ লিখা এখন চিঠিৰ এটা অংশ...(০৭/০৫/১১)

...পলে পলে ভাবো তহঁতৰ কথা | তহঁত ভালে থাকিলে ম‍ই ইয়াত সুখেৰে থাকো | সদায় ফোন কৰিবলৈ মন যায়, পিছে নকৰো, তহঁতে আকৌ ম‍ই পঢ়া-শুণা নকৰো বুলি গালি পাৰা | কি কৰিবি দুৰত থাকিলে পঢ়িবলৈও যে দিগদাৰ হয় | আগতে যে তোৰ পৰা ইমান দুৰৈত থাকি পোৱা নাই | যাবলৈ বৰ মন যায়, তোক এবাৰ চাবলৈ মন যায় | মা, ম‍ই জানো তোৰও মোক চাবলৈ হেপাঁহ ! আৰু বেছিদিন নাই | এইবাৰ আমি পুজা একেলগে চাম | আশাকৰো ভগবানে মোক যাবলৈ দিব | ...

ম‍ই ভালে আছো | ইয়াত থাকি বৰ ভাল লাগে, কিন্তু তহঁতৰ অভাবে মোক সকলো ইয়াৰ সুখ দিব পৰা নাই | ইয়াৰ স্বাধীনচিতিয়া পৰিবেশ মোৰ ভাল লাগে, তথাপিও মোৰ ঘৰ , মোৰ দেশ এৰি ম‍ই ইয়াত আৰু বেছিদিন থাকিব নোৱাৰো| তহঁতৰ মৰমৰ টানে ইমান দুৰত থকাৰ পিছতো বেয়া কাম কৰিবলৈ বাধা দিয়ে | ম‍ই যে তোৰেই সন্তান | ...
ম‍ই আগৰ দৰেই আছো | ইয়াৰ লগত কেইখনমান ফ’ট’ দি পঠালো | মোৰ মুখখন দেখা পাবি | আনকো দেখুৱাব পাৰিবি | ...
তহঁত ভালে থাকিবি, কষ্ট কম কৰিবি !
মৰমেৰে 
বাপা
[মোৰ আজিকালি ইন্টাৰনেটৰ জড়িয়তে বহু ভাল মানুহৰ লগত চিনাকি হৈছে | তেওঁলোকৰ অনুপ্ৰেৰণাতে ম‍ই কিবা-কিবি লিখো, মোৰ এখন নিজা পৃথিবী (ব্লগ) আছে, তাৰে এটা গল্প (উৰুকা) আৰু এটা একান্ত ব্যক্তিগত পঠিয়ালো | বাকীকেইটা ম‍ই যাওঁতে লৈ যাম|]

Tuesday, May 3, 2011

গল্পৰ দৰে


এজন মানুহৰ কথাৰে ()

বহুত দিনৰ পৰা লিখিম লিখিম বুলি ভাবি আছিলো, কেনেকৈ আৰম্ভ কৰিম ভাবি পোৱা নাছিলো | এতিয়া ভাবিলো এনেকৈ থাকিলে লিখা নহব |
২০১০ চনৰ নবেম্বৰ মাহৰ কথা মোৰ ভগ্নীসম মৌচুমীয়ে ফেচবুকৰ “অসমীয়াত কথা-বতৰা” নামৰ গোট এটাৰ ভৰাই দিলে | তাৰ আগলৈকে ফেচবুকৰ চোতালখন ভালদৰে গচকাই নাছিলো |২০০৯ চনত খোলা এটা মোৰ ID অকামিলা হৈছিল |কিন্তু শেহতীয়াকৈ এই গ্ৰুপটোঅৰ জৰিয়তে মোৰ ফেচবুকৰ পৃথিবীখনে নতুন প্ৰাণ পাই উঠিল | অসমৰ বাহিৰত থকা হেতুকে “অসম” আৰু “অসমীয়া” বুলিলে গাটোত কিবা শিহৰণ জাগি উঠে | সপ্তাহটোৰ শেষলৈকে বাট চাও, ঘৰৰ বা সম্পৰ্কীয় মানুহৰ লগত কথা পাতিবলৈ |মাজতে ফোন কৰিবলৈ ভয়, হয়্তোবা গালি দিয়ে “পঢ়া-শুণা নকৰি ঘৰলৈ কিয় ফোন কৰি থাকা” বুলি |মাজে মাজে খবৰ-কাগজৰ ইন্টাৰনেট সংস্কৰণ চাও | তাতো অনবৰতে বেয়া(?) কথা বোৰেই পঢ়িবলৈ পাও | মনটো বেয়াহে লাগে | “অসমীয়াত কথা-বতৰা” গ্ৰুপটোৰ পৰা বহুত অসমীয়া মানুহ লগ পাইছো, যেন আমি সকলো এখন চোতালত হে বহি কথা পাতি আছো |
মানুহে কয়, ইন্টাৰনেট/কম্পিউটাৰ আদিয়ে কাম-কাজ, পঢ়া শুণাত ব্যাঘাত জন্মায় | কথাটো নোহোৱা নহয় যদিও ম‍ই বা আপুনি কি হিচাপে ব্যবহাৰ কৰিছে তাৰ ওপৰতে নিৰ্ভৰ কৰে | ম‍ইও বহুখিনি সময় চিনেমা চাই কটাইছিলো, গৱেষণাৰ নথি-পত্ৰ বিচৰা বা লিখাৰ বাবে বেছি সময় নালাগে | বাকীখিনি সময় অবাবতে গুছি যায় | কম্পিউটাৰৰ প্ৰ্তি হেপাহ সৰুৰে পৰা আছিল, ১৯৯৭ ত হায়াৰ চেকোন্ডাৰীত Basis level শিকাৰ দিনৰ পৰা নামটো অসমীয়াত লিখাৰ সপোন দেখিছিলো | ২০০১ চনত Windows ত কাম কৰোতে “ৰামধেনু” বুলি অসমীয়া লিখাৰ সজুলি আছে বুলি শুণিছিলো, কিন্তু আজিলৈকে দেখা নাই | ২০০৫ চনত নিজৰ হাতলৈ লেপটপ আহিল | কোনোবাই “আদৰ্শ ৰত্নে” কথা কৈছিল, সেইমতেই ডাউনলোড কৰি লিখা আৰম্ভ কৰি দিছিলো | সেই লিখা MSWORD তে সীমাবন্ধ থাকিল |
এতিয়া আচল কথালৈ আহোঁ | “অসমীয়াত কথা-বতৰা” গ্ৰুপত ভৰ্তি হোৱাৰ পিছত ফেচবুকত অসমীয়া শব্দৰ জোৱাঁৰ উঠিল | কবিতা, গল্প, ফকঁৰা-যোজনা ইত্যাদি ইত্যাদি | মোৰো দুই এটা হোৱাই-নোহোৱাই লিখিবলৈ মন গ’ল | “আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা” | এবাৰ MSWORD ত লিখি paste কৰি দিলো, হায় কপাল, ই কিবা বিকৃত ৰূপ ললে | গম পালো মোৰ সেই অসমীয়া লিখা শিক্ষাৰ সীমাবদ্ধতা | UNICODE নামৰ নতুন শব্দ (বস্তু!) এটাৰ মুখামুখি হলো | তাৰ পৰাই আৰম্ভ হ’ল ইন্টাৰনেটত মোৰ অসমীয়া লিখাৰ যাত্ৰা | গ্ৰুপৰ লিখনিৰ পৰা AVRO ডাউনলোড কৰিলো, নিজৰ নামত “চৈ” লিখিবলৈ দুদিন লাগিল |তাৰ পিছ্ত BARAHA ললো, সাময়িক ভাবে ভাল পালো আৰু তাকেই আজিও ব্যবহাৰ কৰি আছো |
আৰম্ভ হ’ল অনলাইন শিক্ষাৰ...
আছেনে?”
হয়, কওঁক |”
মোৰ এটা অসুবিধা আছে, I am unable to write “I” in assamese.”
“?”
“I am unable to write “moi” by using baraha, can u help me?”
“ma^i”
ম‍ই”
পাৰিছে দেখোন, হাঃহাঃহাঃ”
পাৰি গলো, হাঃহাঃহাঃ”
সেয়া আছিল মানুহজনৰ লগত প্ৰথম ইন্টাৰনেটৰ ভাষাৰে কথা-বাৰ্তা |
তাৰ পিছ্ত তেওঁৰ পৰা তেনেকুৱা বহু অসুবিধা দুৰ কৰিলো | এদিন মোৰ বন্ধুৰ তালিকাত যোগ হ’ল |
এদিন হঠাতে লিখিলো, “আপুনি কি কৰে, ক’ত থাকে?”, তেওঁৰ উত্তৰত “?” চিহ্নটোহে দিছিল | নিজৰ প্ৰ্ফাইলত একো বিবৰণ নথকা মানুহজনৰ বিষয়ে জানিবলৈ বৰ মন গৈছিল| তাৰ পিছত ধাৰণা হৈছিল য়ে তেওঁ প্ৰ্চাৰ বিমুখ বা নিজৰ চিনাকি নিদিয়াকৈ আনৰ উপকাৰ সাধন কৰি যাব খোজে | বহুতক দেখিছো একৰ কাম কৰি দহৰ সমানকৈ ঢোল বজোৱা | একেবাৰে সাধাৰণ কথা, নিৰ্বাচনৰ আগতে চৰকাৰে উন্নয়ন উন্নয়ন বুলি বাতৰিৰ পৃষ্ঠা ভৰাই ৰাখে | পিছে অসম বা ভাৰত সেই একে অবস্থাতে আছে, বৰঞ্চ বেয়া বুলিহে কব পাৰি | এই মানুহজন সচাঁই অতুলনীয় |
মোৰ বন্ধুৰ তালিকাত সোমোৱাৰ পিছত তেওঁৰ ফ’ট’বোৰে মোক আকৰ্ষন কৰিলে | Macro Photography | ম‍ই আগতে Macro Photography ভালকৈ লক্ষ্য কৰা নাছিলো | সদায় দেখি থকা বস্তুবোৰো ইমান ধুনীয়া হব পাৰেনে? বহু সময় ৰহ লাগি চাই থাকো | চাই থাকিলে হেপাহ নপলায় | নিয়ঁৰৰ টোপালত প্ৰ্তিবিম্ব, যেন এখন সৰগহে ৰচনা কৰিছে | আমাৰ চকুৰে নেদেখা বস্তুবোৰ তেওঁ দেখা পায় | পোক-পতঙ্গ, সৰীসৃপ, ফুল, পাত একোকে সাৰি যাব দিয়া নাই তেওঁ | এখনতকৈ আনখন এখোপ ওপৰত | যিবোৰ পোক-পতঙ্গ দেখিলে ভয়তে নোম শিয়ঁৰি উঠিছিল আজি সেইবোৰে ৰূপৰ বাহাৰ লৈ চকুৰ আগত ভাহি আছে | এজন মানুহ আৰু এটা কেমেৰা | নিশ্চয় প্ৰফেচনেল কেমেৰামেন হব ! জনাৰ উপাও নাই | মাজে মাজে ফেচবুকত বাতৰি কাকতৰ scan copyদেখো- “মোৰ আজি প্ৰ্কাশিত ফ’ট’” তাৰ তলত original copy টো দিয়া থাকে | ক’তা তেওঁৰতো ফ’ট’ বাতৰি কাকতত ওলোৱা নাই | নহয়, তেওঁ চাগে, discovery Chanel বা National Geography photoghapher !

আগলৈ...