Wednesday, April 13, 2011

বিহুৰ সংকল্প

কাইলৈ বিহু, বেয়া লাগি আছে মনটো
মন গৈছে...
ৰাতিপুৱাই উঠি গৰু-ছাগলী ধুৱাবলৈ,
মাহ-হালধী, আম-দুবৰি, তেল গাত ঘঁহি গা ধুবলৈ,
মা-দেউতাক সেৱা কৰি নামঘৰলৈ যাবলৈ,
লাওপিঠা, তিলপিঠা লৈ মনত পৰিছে,
গাঁৱত হোৱা খেলধেমালি চাবলৈ,
চোতালত ক্ণক্ণ ল’ৰাছোৱালীৰ বিহু শুণিবলৈ,
গধুলি তৰাপঘাৰে গৰু বান্ধি পিঠা খুৱাবলৈ||

নাই,

কালি ৰাতিপুৱাই কৰ্কৰা ভাত কেইটামান খাই ওলাম,
এঘন্টা ৰেলৰ যাত্ৰাত সংকল্প লম,
কেইটামান ৰাসায়নিক পদাৰ্থৰ লগত যুঁজ লগাম,
সিহঁতক ম‍ই কালি এৰি নিদিম,
মাৰ মৰমৰ গামোছা হেৰুৱাৰ পোতক তুলিম,
সিহঁতৰ ৰঙেৰে ম‍ই বৰ্ণালী সাজিম,
সিহঁতক ম‍ই পৰিবৰ্তন কৰি নতুন সৄষ্টি কৰিম,
গধুলি বিজয়ৰ হাঁহিৰে একোঠিয়া ঘৰলৈ উভতিম ||

Saturday, April 9, 2011

কুলিৰ মাতত বিহু আহে (অনুভূতি)

সাহিত্য লিখিবলৈ যেনেকৈ সাহিত্যিক হব লাগে, কবিতা লিখিবলৈ যেনেকৈ প্ৰেমত পৰিব লাগে...ঠিক তেনেকৈ গাত বিহু বিহু লাগিবলৈ কুলিৰ মাতৰ অতিকে প্ৰয়োজন...

এটা বাস্তব অভিজ্ঞতা...

ফাগুনৰ শেষ সপ্তাহ বা চ’তৰ প্ৰথম সপ্তাহত যেতিয়া দুৰণিত কুউ...কুউ কৈ কুলিটিয়ে আকুলতাৰে সুহুৰিয়াই.... তেতিয়াই বহাগ বিহুৰ বা গাত লাগেহি...মনটো কিবা অজান আনন্দ্ত নাচি উঠে...বছৰটোৰ প্ৰায়খিনি সময়তেই ৰেকৰ্ডিঙ কৰা বিহু বাজি থাকে যদিও সেইবোৰে বহাগ বিহুক আনিব নোৱাৰে...মানুহে হয়তো কব - গছে নতুন পাত সলালেও বিহু আহে...কিন্তু মোৰ বোধেৰে সেইটো নহ্য়...মাত্ৰ কুলিয়েহে বিহুৰ বতৰা আনিব পাৰে...

বহাগ বিহুক প্ৰেম পিৰীতিৰ বিহু বুলিও কোৱা হয়...ডেকা-গাভৰুৰ প্ৰেমৰ ফলতেই ৰচিত হয় বিহুগীত...এজনে আনজনক আকৰ্ষিত কৰাৰ প্ৰয়াসেৰে দিয়া বিভিন্ন লয়-লাস, অঙ্গী-ভ্ঙ্গী ফলতেই সৃষ্টি হয় বিহুনাচ...ঠিক তেনেকৈ মতা কুলিয়েও নিজৰ সুললিত কন্ঠেৰে তাৰ লগৰীক আকৰ্ষণ কৰিবলৈ ধুনীয়া মাত উলিয়ায়...ইডাল গছৰ পৰা সিডাল গছত পৰি সি নিজৰ পৰিসীমা ঠিক কৰে আৰু তাৰেই তাৰ বীৰত্ব দেখুৱাই মাইকী কুলিজনীক আকৰ্ষিত কৰে... প্ৰকৃতিৰ সৃজনি অতুলনীয়...ঢোলৰ ছেওৰ তালে তালে নচুৱাই নাচনীক ঘৰ সোমোৱাটো‍ও সেই একেই নহ্য়নে...শীতে ঠেৰেঙা কৰি থৈ যোৱা গছবোৰেই নতুন বছৰৰ আগমনৰ সন্ধিক্ষনৰ প্ৰথম বৰষুণ জাকতে ই নতুন পাতেৰে নতুন জীৱন আৰম্ভ কৰে...নানা তৰহৰ ফুলেৰে জাতিস্কাৰ হৈ উঠে...

কুলিৰ কন্ঠৰ পৰিনতি কণী...গছৰ ফুলৰ পৰিনতি ফল বা বীজ...আৰু ঢোলৰ ছেওৰ পৰিনতি বিয়া...আৰু শেষত সকলোৰে পৰিনতি এটা নতুন প্ৰজন্মৰ...তেনেকৈয়ে চলি আছে এই ভুমন্ডল...

কুলিৰ মাতৰ লগে লগে আৰম্ভ হয় বিহুৰ আখৰা...বহু ৰাতিলৈ ভাহি অহা ঢোলৰ শব্দই টোপনিত বাধা দিয়া নাছিল, কিবা আমেজ হে দিছিল...দিনত একেকেইটা বিহুগানকে বাৰে বাৰে শুণিও আমনি পোৱা নাছিলো...

যোৱা দুবছৰ ধৰি কুলিৰ মাত শুণা নাই... কুলি অসমত হে বা ভাৰতত হে পোৱা যায় নেকি !!! পৃথিবীৰ সকলো ঠাইতে কুলি থাকিব লাগে...তেনেহলে মাত কিয় শুণা নাই...আৰু সেইকাৰণেই গাত এতিয়া বিহু বিহু লগা নাই...ইয়াতো গছে নতুন পাত সলাইছে...নানা তৰহৰ ফুল ফুলিছে...কিন্তু ক’তা...বিহু তো লগা নাই...সেয়েহে কৈছো কুলিৰ মাতেই বিহু আনে...

কুলিৰ মাতটো জেঠমাহৰ মাজ মানলৈ থাকে...মাত্ৰ পাতল হৈ আহে...যেতিয়া্ৰ পৰা এইবিলাক বুজি পোৱা হৈছিলো তেতিয়াৰ পৰা দেখোন জেঠৰ সময়খিনিত কিবা মনটো গধুৰ গধুৰ লগা হৈছিল... জেঠ্মহীয়া অসহ্য গৰম আৰু বহাগৰ আনন্দ হেৰুওৱাৰ কাৰণেও হয়্তো হব পাৰে...

নাই... আজি বিহু লগা নাই... মনটো কিবা গধুৰহে হৈছে... বিহুগান শুণিবলৈ মন যোৱা নাই....কোনোবা ঘৰলৈ গৈছে বুলি শুণিলে ঈৰ্ষা হয়...ঘৰতো একেই অবস্থা... বেছি যো-জা নকৰে...মাকে পুতেকক এৰি, বায়েকে ভায়েকক এৰি, ভনীয়েকে ককায়েকক এৰি বিহুত ফুৰ্তি কৰিবলৈ ইচ্ছা নকৰে...আৰু প্ৰেয়সীয়ে ৰাতি কেতেকী হৈ বিনায়...কি কৰুণ সুৰ...গভীৰ ৰাতি তাইৰ কৰুণ সুৰে নোম শিহৰাই তোলে...কিমান বিৰহৰ সুৰ সেয়া...সেয়া শব্দৰ বাহিৰ...


**সমুহ পাঠ্ক পাঠিকালৈ বিহুৰ আন্তৰিক শুভেচ্ছা জনালো...