Friday, January 14, 2011

উৰুকা (গল্প)

অফিচ ছুটি হওঁতে দেৰি হ’ল, তাতে পুহমহীয়া দিন | অৰ্ধছুটি লবলৈ বেয়া লাগিল, বিহু বুলি দুদিন ছুটি লোৱা হৈছেই | সহকৰ্মীবোৰ বহুত আগতেই গ’ল, নিজৰ বিহু-তাতে আজি উৰুকা, কিহৰ অৰ্ধছুটি লব লাগে লগৰ এজনৰ মন্তব্য | লৰালৰিকৈ বজাৰলৈ গলো, ঘৰত থকা মা আৰু ভন্টিহতৰ বাবে কিবা অলপ লৈ যাওঁ বুলি পাৰিলে চিতল মাছ অলপ আৰু ফল-মুল ! বজাৰত যেন জুই লাগিছে ! কেইদিনমানৰ পৰা বাতৰিকাকতত পিয়াঁজৰ অত্যাধিক মুল্যবৃদ্ধি হৈছে বুলি হুলস্থুল লাগি আছিল, কিন্তু আজি দেখোন কোনটোৰ মূল্য আকাশ চোৱা নাই বুলি সুধিলে উত্তৰ দিবলৈ টান হৈ পৰিছে ! ৪৮০ টকা কেজিৰে আধাকিলো চিতল মাছ, ১৮০ টকা কেজিৰে আপেল, ৮০ টকা ডজনেৰে কমলা লৈ লৰালৰিকৈ বাছখন ধৰিলোহি | কোনোমতে ভৰিখন থৈ মোনাখন মানুহ এজনক ওপৰত থবলৈ কলো | তেওঁ কোনোমতে অলপ খালী ঠাই উলিয়াই মোনাখন ৰাখিলে | চাকৰিজীৱি সকলো মানুহ আজি ঘৰলৈ যাব আহিছে মোৰ দৰে ! উৰুকাৰ দিনা ঘৰৰ মানুহকেইজনৰ লগত এসাঁজ মাছে-মঙহে খোৱাটো সকলোৰে হেপাহ | আগতে ভেলাঘৰ-ভেলাপুঁজিৰ যো-যা এসপ্তাহ আগৰ পৰাই পুৰাদমে চলিছিল, ডেকা-বুঢ়া সকলোৱে আগভাগ লৈ কামবোৰ নিয়াৰিকৈ কৰিছিল | আজিকালি সেই দিন আৰু নাই | সকলোবোৰ আত্মকেন্দ্ৰিক হ’ল | গাৱঁত ভেলাঘৰ-ভেলাপুঁজি দেখিবলৈ নোপোৱা হ’ল | হয়তো কোনোবাই নিজৰ ল’ৰা-ছোৱালীৰ আনন্দৰ বাবে ঘৰৰ ওচৰতে সৰুকৈ সাজি দিছে যেন এটা পুতলাহে | শুণিছো চহৰত বোলে ৰেডিমেড পুঁজি পায় ! এটা কথা মানিব লাগিব যে নতুনকৈ উঠি অহা ল’ৰা-ছোৱালীয়ে ভেলাঘৰ-ভেলাপুঁজি কেনেকুৱা আছিল তেনেকৈয়ে ধাৰণা কৰি লবলৈ লৈছে | এইবোৰ এতিয়া পৰীক্ষাৰ ৰচনাৰ বিষয়বস্তু হ’ল | ক’লৈ গ’ল সেই আনন্দ, উছাহ...! ৰাতি আলুতলিৰ পৰা আলু চুৰ কৰি পুৰি খোৱাৰ মজা ! সৰু সৰু জেওৰাবোৰ আনি জুই পুৱোৱাৰ হেপাহ | আমি চেঙেলিয়াবোৰে তেওঁলোকৰেই জেওৰাবোৰেই আনি মুখিয়ালসকলক ভেলাঘৰৰ ভিতৰত জুই পুৱাবলৈ দিছিলোহি ! আমাৰ পৰাই আনিলিনেকিহঁত বুলি সোধা উত্তৰত মিচিকিয়াই হাঁহি এটা মাৰি- নহয় বৰদেউতা অমুকৰহে বুলি আনৰ নাম এটা কোৱাত আমাৰ লগৰ অৰিজিত পাকৈত আছিল | আমি ভিতৰতে খুক-খুকাই হাঁহিছিলো |
গাড়ীখন মোৰ আস্থান পোৱাতহে সম্বিত ঘুৰি আহিল | ইতিমধ্যে মানুহ অলপ পাতলিছে | মোনাখন আনিবলৈ হাত মেলোতেহে মোৰ মুৰত কোনোবাই কোব মৰা যেন পালো | মোনাখন নাই, কোনোবাই মোৰ আগৰ আস্থানত নামি লৈ গ’ল | সলনি হ’ল বুলি বেলেগ মোনা চালো- নাই ! বোধহয় ছেগ বুজি লৈ গ’ল মোৰ মোনাখন | হায় কি হব এতিয়া ! উপায়ন্তৰ হৈ বেলেগ এখন মোনা কিনি বাছ আস্থানৰ সদিনিয়া গধুলি বজাৰৰ পৰা একেবাৰে শেষৰ খিচখিচিয়া মাছ কেইটামানকে ললো | দাদা, ইমান দেৰিকৈ, তাতে এইবোৰ মাছ আপোনাক দিবলৈ বেয়া লাগিছে, আগতে কলে আপোনাৰ কাৰণে মাছ অলপ ৰাখি থলোহেঁতেন | হবদে- সদায় দেখো ডাঙৰ মাছেই নি থাকো, আজি উৰুকাত আদা দি ৰন্ধা সৰু মাছৰেই জুতি লমদে বুলি সেইকেইটাকে লৈ খোজ ধৰিলো | এখনো ৰিক্সা নাই, নহবতো- সিহঁতৰো উৰুকা আছে ! তিনিকিলোমিটাৰমান ৰাস্তা খোজ কাঢ়ি যোৱাতো ঠান্ডাৰ সন্ধিয়া দিগদাৰ যদিও আজি মনটো কোচ নাখালে | কোনেনো ক’ত কি কৰিছে চাবলৈ হেপাহ উপজিল | মুছলিম মানুহ খিনি পাৰ হৈ এখন বহল আৰু ডাঙৰ পথাৰ | আগতে দুৰ-দুৰণিলৈ মানুহ দেখা পোৱা নাছিল, আজি কেইবছৰৰ মানৰ পৰা দহ-বাৰ ঘৰ মানুহ ৰাস্তাৰ দুয়োপাৰে বহিছেহি | কেইঘৰমানত টিভিৰ পৰা ডাঙৰ ডাঙৰকৈ হিন্দি চিনেমাৰ ডায়লগ আহি মোৰ কাণত পৰিলিহি | নতুনকৈ ধনী হৈ ৰঙীন টিভি লৈছে ছাগে ! দুঘৰমানত স্কুলীয়া ল’ৰা-ছোৱালীয়ে চিয়ঁৰি চিয়ঁৰি ইংৰাজী পদ্য (ৰাইম) পঢ়ি থকা শুণিলো | ক’ত উৰুকা-ক’ত ইংৰাজী ৰাইম | পাঠশালাৰ বকুলজোপাৰ তলত বগাকৈ বগলী বহলাই বহিছে... চিয়ঁৰি চিয়ঁৰি মতা কবিতাটোলৈ মনত পৰিল | আজিকালি বকুল থকাটো দুৰৰে কথা তেনেকৈ মতাৰ অভ্যাসো নাইকিয়া হ’ল ! মনত পৰে- কাষলতিৰ তলত দেউতাই ব‍ই দিয়া ধাৰিখন আৰু হাতত দুখন কিতাপ আৰু ফলিখন লৈ বাইদেউহঁতৰ পিছে পিছে দৌৰিছিলো | আজিকালি পিঠিত এটা ডাঙৰ বেগ দি পঠিয়ায়, কোনেও ভাবি নাচায় সিহঁতে সেইটো কিমান কষ্টেৰে কঢ়িয়াই নিয়ে | তাৰ পিছ্ত হমৱৰ্ক | ইংৰাজী মাধ্যমৰ বুলি শকত অংকৰ ধন লয়, তাৰপিছ্ত গোটেইখিনি কাম মাক-বাপেকৰ হতুৱাই কৰোৱায় | নহলেনো আজি উৰুকাৰ দিনা ইংৰাজী পদ্য মাতিব লগা হয়নে |
মুল পথটোৰে নগৈ অলপ ছুটি ৰাস্তা এটা ললো | বিশ-পঁচিশ ঘৰমানেৰে দিন হাজিৰা, কাৰোবাৰ আধি কৰি খোৱা মানুহৰ সৰু চুবুৰী এটা | ইয়াতো উৰুকাৰ উছাহ দেখিবলৈ নাপালো | যোৱাবাৰৰ খৰাং আৰু এইবাৰৰ বানপানীয়ে এওঁলোকক ভালকৈয়ে জুৰুলা কৰিছে | তাতে বজাৰত বস্তুৰ জুই-ছাই দাম | সৰু-সুৰা চাকৰি থকা মানুহ এজনৰ কাৰণেও বজাৰলৈ যাবলৈ ভাবিব লাগে | ছিক্স-পে কমিছনৰ পিছত যে এনেকুৱাকৈ বস্তুৰ দাম বাঢ়িল কোনেৱে তলকিব‍ই নোৱাৰিলে | এফালে দি যেন আনফালে মাৰিছে | কিন্তু এই মানুহবিলাকৰ কি হব | মুল্যবৃদ্ধিয়ে এওঁলোকক কোঙা কৰিলে | মানুহৰ মাজত ব্যবধান বাঢ়িল লাহে লাহে | এফালে ৰঙীন টিভিৰ চিনেমা আনফালে কেৰাচিনৰ চাকিৰ পোহৰত অনাহাৰি জীৱ্ন |
ভাবি ভাবি কেতিয়া ঘৰ পালোহি গমকে নাপালো | লেমৰ পোহৰত মাই কাঠিত বহি মোলৈ বাট চাই আছে | কি হ’ল এনেকৈ বহি আছা যে বুলি সোধাত ম‍ই আহি পালেহে ভাত ৰান্ধিব বুলি ৰৈ আছে বুলি কলে | এই দুৰ্দিনত হয়তো প্ৰতিগৰাকী মাকে নিজৰ সন্তানক নেদেখালৈকে মনত সান্তনা লব নোৱাৰে | গাৱঁতে কটা ছাগলীৰ মাংস ৪০০ টকা কিলোৰে অনা বুলি কোৱাত মনটো অলপ সাঁত পৰিল | গৰমে গৰমে পিঠা খাওঁ বুলি ভন্টিহঁতৰ ওচৰত জুহালত বহিলোগৈ |... (১৪ জানুৱাৰী,২০১১)

Saturday, January 1, 2011

পোহৰৰ উত্‍সৱ -৩১ ডিচেম্বৰ, জাৰ্মানী (অভিজ্ঞতা)

...বিভিন্ন অনুষ্ঠানৰ আৰম্ভনী বা সামৰণীত অপূৰ্ব আলোকসজ্জা আৰু আতচবাজী দেখিছিলো, ৩১ ডিচেম্বৰৰ ৰাতি ইমান আতচবাজী হব পাৰে বুলি ভবা নাছিলো বা দেখা নাছিলো | যোৱা কালি ইন্টাৰনেটৰ পৰা তথ্য আহৰণ কৰি ৰাতি ১১ বজাত ওলালো -লক্ষ্য- মিউনিখৰ অলিম্পিক ভিলেজ | ১৯৭২ ৰ মনোমহা ষ্টেডিয়ামটো চাবলৈ সময় উলিয়াব পৰা  নাছিলো | তাৰ লগতে আছে বি.এম.ডৱলিউ ৰ মূখ্য উদ্যোগ আৰু সংগ্ৰাহালয়...
...বাহিৰত -৫, -৬ ডিগ্ৰী চেন্টিগ্ৰেড তাপমান, তুষাৰে আৱৰা ভুমি, ৰাতি দুভাগ...  মেট্ৰত মানুহৰ ভিৰ, ভৰি দিবলৈ ঠাই নাই...প্ৰথমতে কিয় যে আহিলো বুলি প্ৰশ্ন হৈছিল...তথাপিও মানুহৰ সোতঁত ভাঁহি গৈছিলো...ৰাতিৰ পোহৰ বৰফত বিচ্চুৰিত হৈ BMW আৰু অলিম্পিক ভিলেজক মনোমোহা কৰি ৰাখিছিল...
...প্ৰথমবাৰ, তাতে অকলে যোৱা কাৰণে ম‍ই মাত্ৰ অনুসৰণহে কৰিছিলো...ক্ৰমান্বয়ে ওপৰলৈ উঠি গৈছিলো...তুষাৰবোৰ মানুহৰ গছকত বৰফলৈ ৰূপান্তৰিত হৈছে...পাহাৰৰ ওপৰলৈ যোৱা খট-খটিবোৰ বৰফে সমান কৰি ৰাখিছে...ভয়, শংকা, শিহৰণৰ মাজেৰে ম‍ই পাহাৰৰ টিলাটো পাই দীঘ্লকৈ উশাহ লৈছিলো | হাজাৰ হাজাৰ সুৰাসক্ত মানুহ ইমান ৰাতি তাত কি কৰিবলৈ আহিছে ভাৱিলে আচৰিত লাগে...৭ মহীয়াটোৰ পৰা ৭০ বছৰীয়া বৃদ্ধলৈকে...
...সকলোৰে হাতে হাতে একো একোটা মোনা...ভৰাই আনিছে ফটকা, ৰকেট, ফুলজাৰি...তাত কোনো বিশেষ ভাৱে তৈয়াৰী সা-সজ্জা নেদেখি মনটো সেমেকি উঠিছিল...কিহৰ বাবে আহিছে এওঁলোক...নিজৰ নিজৰ ফটকা, ফুলজাৰি দেখোন ঘৰৰ ওচৰতে ফুটাব পাৰে...!!!
...১২ বাজিবলৈ পোন্ধৰ মিনিট বাকী...তাৰ আগতে মজলীয়া ভাৱে অ’ত-ত’ত দুই এটা ফটকা ফুটাই আছিল...এইটোহে যেন সময়...প্ৰায় ৪৫ মিনিট সময়...কোটি কোটি টকা ধুলিস্যাত্‍ কৰি মানুহৰ আনন্দৰ বাবে ফটকা, ৰকেট, ফুলজাৰি য়ে আকাশখন পোহৰাই ৰাখিলে...সকলোৱে একেলেগে আনন্দ লবলৈয়ে ইয়ালৈ আহিছে...ফটো তুলিবলৈ হাতখন উলিওৱাত সংজ্ঞাহীন হৈ গ’ল...তাৰ আশা বাদ মাথো উপভোগ কৰিলো...
...কেইটামান শিহৰিত মুহুৰ্ত আৰু এমোকোৰা ষ্মৃতি লৈ নামি আহিলো...আগতকৈ অতি বিপদজ্জনক ভাৱে...
...আহোতে এটা কথাই বাৰে বাৰে খুন্দিয়াই থাকিল...বছৰটোত মুকলি হোৱা ধোৱাঁৰ এক-তৃতীয়াংশৰ সমান আজি এধন্টাৰ ভিতৰতে বায়ুমন্ডললৈ মুকলি হ’ল...গোলকীয় উষ্ণতা বৃদ্ধি, বায়ু প্ৰদুষণ বুলি চিয়ঁৰি থকা কোনো আজিলৈকে এই বিষয়ে জোৰকৈ আগবাঢ়ি অহা দেখা নাই...!!!